ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ১৪ পৃষ্ঠা ৩০-৩১
  • এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • “তুমি পৰমদেশত মোৰ সঙ্গী হবা”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
আৰু চাওক
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ১৪ পৃষ্ঠা ৩০-৩১
ৰজা হিচাপে যীচুৱে পৃথিৱীৰ পমোদবনত শাসন কৰিছ

১৪

এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব

আমি কোনখন ৰাজ্যৰ বিষয়ে কʼব বিচাৰিছোঁ, তুমি অনুমান কৰিব পাৰিছানে?— হয়, সেইখন হৈছে ঈশ্বৰৰ ৰাজ্য। ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীক এখন প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। তুমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বেছিকৈ জানিব বিচাৰানে?—

সকলো ৰাজ্যৰ এজন ৰজা থাকে আৰু ৰজাই সেই ৰাজ্যৰ লোকসকলৰ ওপৰত শাসন কৰে। তুমি জানানে, ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন হয়?— তেওঁ হৈছে যীচু খ্ৰীষ্ট। তেওঁ স্বৰ্গত থাকে। অতি সোনকালে তেওঁ পৃথিৱীত থকা লোকসকলৰ ওপৰত শাসন কৰিব। তুমি কি ভাবা, যীচুৱে পৃথিৱীজুৰি শাসন কৰাৰ সময়ত আমি সকলোৱে আনন্দিত হʼমনে?—

আহিবলগীয়া প্ৰমোদবনত তুমি কি চাব বিচাৰা?

আমি সকলোৱে আনন্দিত হʼম। সেই প্ৰমোদবনত লোকসকলে হাই-কাজিয়া বা যুদ্ধ নকৰিব। এজনে-আনজনৰ লগত প্ৰেমেৰে বাস কৰিব। বেমাৰ-আজাৰ আৰু মৃত্যু নহʼব। অন্ধ লোকসকলে দেখিবলৈ পাব, কলা লোকসকলে শুনিব পাৰিব আৰু খোৰাই দৌৰিব আৰু জঁপিয়াব। সকলোৰে বাবে খাবলৈ যথেষ্ট পৰিমানে আহাৰ থাকিব। জীৱ-জন্তুবোৰে এটাই-আনটোৰ লগত খেলিব আৰু আমিও জীৱ-জন্তুবোৰৰ লগত খেল-ধেমালি কৰিব পাৰিম। মৃত লোকসকলে পুনৰ জীৱন পাব। এই ব্ৰচাৰখনত উল্লেখ কৰা ৰিবেকা, ৰাহাব, দায়ূদ আৰু এলিয়াৰ দৰে আন বহুতোলোকে পুনৰ জীৱন লাভ কৰিব। তেওঁলোকে পুনৰ জীৱন পোৱাৰ সময়ত তুমি তেওঁলোকক লগ পাব বিচাৰানে?—

যিহোৱা ঈশ্বৰে তোমাক ভাল পায় আৰু তুমি আনন্দত থকাটো তেওঁ বিচাৰে। যদি তুমি যিহোৱা ঈশ্বৰৰ বিষয়ে শিকি থাকা আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰা, তেনেহʼলে তুমি এক সুন্দৰ প্ৰমোদবনত অনন্ত জীৱন লাভ কৰিবা। তুমিও ইয়াকে বিচাৰা, নহয়নে বাৰু?—

তোমাৰ বাইবেলৰপৰা পঢ়া

  • যিচয়া ২:৪; ১১:৬-৯; ২৫:৮; ৩৩:২৪; ৩৫:৫, ৬

  • যোহন ৫:২৮, ২৯; ১৭:৩

প্ৰশ্ন:

  • ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন হয়?

  • যীচুৱে কাৰ ওপৰত শাসন কৰিব?

  • যীচুৱে শাসন কৰাৰ সময়ত পৃথিৱীখনৰ পৰিস্থিতি কেনে হʼব?

  • তুমি যদি প্ৰমোদবনত অনন্ত জীৱন লাভ কৰিব বিচাৰা, তেনেহʼলে তোমাক কি কৰিব লাগিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক