আঠ অধ্যায়
ঈশ্বৰৰ ৰাজ্য কি হয়?
১. আমি পৰিচিত কোনটো প্ৰাৰ্থনাৰ বিষয়ে আলোচনা কৰিম?
বহুতোলোকে এক বিখ্যাত প্ৰাৰ্থনাৰ বিষয়ে পৰিচিত। ইয়াক ‘প্ৰভুৰ প্ৰাৰ্থনা’ বুলি কোৱা হয়। যীচুৱে এইদৰে প্ৰাৰ্থনা কৰিবলৈ নিজৰ শিষ্যসকলক শিকাইছিল। এই প্ৰাৰ্থনাত তেওঁ কি কৈছিল? ই আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
২. যীচুৱে আমাক প্ৰাৰ্থনা কৰিবলৈ শিকোৱা তিনিটা গুৰুত্বপূৰ্ণ বিষয় কি?
২ যীচুৱে এইদৰে কৈছিল: “এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা; হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:৯-১৩ পঢ়ক।) যীচুৱে আমাক এই তিনিটা কথাৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ কিয় কৈছিল?—“প্ৰভুৰ প্ৰাৰ্থনা” চাওক।
৩. আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি জনাৰ প্ৰয়োজন?
৩ আমি ঈশ্বৰৰ নাম যিহোৱা বুলি শিকিলোঁ। ইয়াৰ লগতে আমি তেওঁৰ উদ্দেশ্যৰ বিষয়েও আলোচনা কৰিলোঁ অৰ্থাৎ তেওঁ মানুহক আৰু পৃথিৱীখনক কিয় সৃষ্টি কৰিছে। কিন্তু যেতিয়া যীচুৱে কৈছিল: “তোমাৰ ৰাজ্য হওক,” ইয়াৰ অৰ্থ কি আছিল বাৰু? এই অধ্যায়ত আমি আলোচনা কৰিম যে ঈশ্বৰৰ ৰাজ্য কি হয়, এই ৰাজ্যই কি কি কৰিব আৰু ই কেনেকৈ ঈশ্বৰৰ নাম পবিত্ৰ কৰিব।
ঈশ্বৰৰ ৰাজ্য কি হয়?
৪. ঈশ্বৰৰ ৰাজ্য কি হয় আৰু ইয়াৰ ৰজা কোন হয়?
৪ যিহোৱা ঈশ্বৰে স্বৰ্গত এক ৰাজ্য স্থাপন কৰিছে আৰু বাইবেলত ইয়াক ঈশ্বৰৰ ৰাজ্য বুলি কোৱা হয়। যিহোৱা ঈশ্বৰে যীচুক এই ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিছে। যীচুক বাইবেলত “ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু” বুলি কোৱা হৈছে। (১ তীমথিয় ৬:১৫) জগতৰ কোনো শাসকে যীচুৰ দৰে লোকসকলৰ বাবে ভাল কাম কৰিব নোৱাৰে। যীচু ইমানেই শক্তিশালী যে জগতৰ সকলো শাসকে একত্ৰিত হৈয়ো তেওঁৰ সমান শক্তিশালী হ’ব নোৱাৰে।
৫. ঈশ্বৰৰ ৰাজ্য ক’ৰপৰা আৰু কাৰ ওপৰত শাসন কৰিব?
৫ যীচুৰ পুনৰুত্থানৰ চল্লিছ দিনৰ পাছত তেওঁ স্বৰ্গলৈ উভতি গ’ল। কেইদিনমানৰ পাছত যিহোৱা ঈশ্বৰে নিজৰ ৰাজ্যৰ ৰজা হিচাপে তেওঁক নিযুক্ত কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২:৩৩) ঈশ্বৰৰ ৰাজ্য স্বৰ্গৰপৰা পৃথিৱীত শাসন কৰিব। (প্ৰকাশিত বাক্য ১১:১৫) সেইবাবে, বাইবেলত এই ৰাজ্যক ‘স্বৰ্গৰাজ্য’ বুলি কোৱা হৈছে।—২ তীমথিয় ৪:১৮.
৬, ৭. যীচু মানৱ শাসকসকলতকৈ মহান হয় বুলি আমি কিয় ক’ব পাৰোঁ?
৬ বাইবেলত উল্লেখ আছে যে যীচু মানৱ শাসকসকলতকৈও মহান। কিয়নো তেওঁ “অমৰতাৰ একমাত্ৰ অধিকাৰী।” (১ তীমথিয় ৬:১৫) জগতৰ শাসকসকলৰ এদিন নহয় এদিন মৃত্যু হ’বই, কিন্তু যীচুৰ কেতিয়াও মৃত্যু নহ’ব আৰু তেওঁ মানুহৰ বাবে কৰা সকলো ভাল কাম চিৰস্থায়ী হ’ব।
৭ বাইবেলত কৰা ভৱিষ্যতবাণীয়ে উল্লেখ কৰিছে যে যীচু এজন দয়ালু ৰজা হ’ব আৰু তেওঁ ন্যায়েৰে কাম কৰিব: “যিহোৱাৰ আত্মা, প্ৰজ্ঞা, আৰু সুবিবেচনাৰ আত্মা, মন্ত্ৰণা আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয় জন্মাওঁতা আত্মা তেওঁৰ ওপৰত স্থিতি হব; যিহোৱা বিষয়ক ভয় তেওঁলৈ সুঘ্ৰাণস্বৰূপ হব, আৰু নিজ চকুৰ দৃষ্টি অনুসাৰে তেওঁ বিচাৰ নকৰিব, নাইবা নিজ কাণেৰে শুনাৰ দৰে বিচাৰ নিস্পত্তি নকৰিব। কিন্তু তেওঁ ধাৰ্ম্মিকতাৰে দৰিদ্ৰবিলাকৰ সোধ কৰিব।” (যিচয়া ১১:২-৪) আপুনি এনে শাসক নিবিচাৰেনে?
৮. যীচুৱে অকলেই শাসন নকৰিব বুলি আমি কেনেকৈ জানিব পাৰোঁ?
৮ কিন্তু ঈশ্বৰৰ ৰাজ্যত কেৱল যীচুৱেই শাসন নকৰিব। যিহোৱা ঈশ্বৰে কিছুমান লোকক স্বৰ্গত যীচুৰ লগত শাসন কৰিবলৈ বাছনি কৰিছে। উদাহৰণস্বৰূপে, পৌলে তীমথিয়ক এইদৰে কৈছিল: “আমি যদি সহন কৰোঁ, তেন্তে তেৱেঁ সৈতে ৰাজত্বও কৰিম।” (২ তীমথিয় ২:১২) যীচুৰ লগত কিমান জন লোকে শাসন কৰিব?
৯. (ক) যীচুৰ লগত কিমান জন লোকে শাসন কৰিব? (খ) যিহোৱা ঈশ্বৰে এই লোকসকলক কেতিয়াৰপৰা বাছনি কৰিবলৈ আৰম্ভ কৰিলে?
৯ সাত অধ্যায়ত যোহনে এটা দৰ্শনৰ বিষয়ে উল্লেখ কৰিছিল। সেই দৰ্শনত তেওঁ দেখিছিল যে যীচু স্বৰ্গৰ ৰজা হয় আৰু তেওঁৰ লগত ১,৪৪,০০০ জন ৰজা আছে। এই ১,৪৪,০০০ জন কোন হয়? যোহনে বৰ্ণনা কৈছে যে তেওঁলোকৰ “কপালত তেওঁৰ [যীচুৰ] নাম, আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।” যোহনে এইদৰে কৈছিল: “সেই মেৰ পোৱালি [যীচু খ্ৰীষ্ট] য’লৈকে যায়; তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়; . . . তেওঁবিলাকক মনুষ্যবিলাকৰ মাজৰ পৰা কিনি লোৱা হল।” (প্ৰকাশিত বাক্য ১৪:১, ৪ পঢ়ক।) এই ১,৪৪,০০০ জন বিশ্বাসী সেৱক হয়, যিসকলক ঈশ্বৰে যীচুৰ লগত “পৃথিবীৰ ওপৰত ৰাজত্ব” কৰিবলৈ বাছনি কৰিছে। মৃত্যু হোৱাৰ লগে লগে তেওঁলোকক স্বৰ্গত পুনৰ জীৱিত কৰা হয়। (প্ৰকাশিত বাক্য ৫:১০) এই বিশ্বাসী সেৱকসকলক যিহোৱা ঈশ্বৰে প্ৰথম শতিকাৰপৰা বাছনি কৰিবলৈ আৰম্ভ কৰিছে।
১০. যিহোৱা ঈশ্বৰে যীচু আৰু ১,৪৪,০০০ জন লোকক বাছনি কৰি কেনেকৈ দেখুৱালে যে তেওঁ আমাক প্ৰেম কৰে?
১০ যীচু আৰু ১,৪৪,০০০ জন লোকক ৰজা হিচাপে বাছনি কৰাৰ যোগেদি যিহোৱা ঈশ্বৰে দেখুৱায় যে তেওঁ আমাক কিমান প্ৰেম কৰে। কেনেকৈ বাৰু? যীচু এজন ভাল ৰজা হ’ব, কিয়নো তেওঁ আমাৰ বিষয়ে ভালদৰে জানে। তেওঁ এই পৃথিৱীত জীয়াই আছিল, সেইবাবে আমি জীৱনত ভুগী থকা দুখ-কষ্ট আৰু সকলো সমস্যাৰ বিষয়ে তেওঁ ভালদৰে বুজি পায়। পৌলে কৈছিল, যীচুৱে “আমাৰ দুৰ্ব্বলতাত হোৱা দুখত দুঃখিত হব” পাৰে আৰু তেওঁ “সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।” (ইব্ৰী ৪:১৫; ৫:৮) ১,৪৪,০০০ জনেও মানুহৰ জীৱনৰ সমস্যাৰ বিষয়ে ভালদৰে বুজি পায়। তেওঁলোকেও আমাৰ দৰে অসিদ্ধ হয় আৰু নিজৰ দুৰ্বলতা আৰু বেমাৰৰ মাজেৰে পাৰ হৈছিল। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে যীচু আৰু ১,৪৪,০০০ জন লোকে কেৱল আমাৰ অনুভূতিৰ বিষয়ে বুজি পায় এনে নহয়, তেওঁলোকে আমাৰ সমস্যাৰ বিষয়েও ভালদৰে বুজি পায়।
ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
১১. স্বৰ্গত ঈশ্বৰৰ ইচ্ছা পূৰ হ’বলৈ যীচুৱে কিয় তেওঁৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল
১১ যীচুৱে তেওঁৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল যে যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। কিয়নো এটা সময়ত স্বৰ্গত সকলো স্বৰ্গদূতে ঈশ্বৰৰ ইচ্ছা পূৰ কৰা নাছিল। এয়া আমি কেনেকৈ জানো? তিনি অধ্যায়ত আমি শিকিলোঁ যে চয়তান যিহোৱাৰ বিৰোধী হৈছিল। চয়তানে আন আন স্বৰ্গদূতকো ফুচুলাইছিল আৰু তেওঁলোক দুষ্ট হৈ পৰিছিল। যিহোৱা ঈশ্বৰে চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক অলপ সময়ৰ বাবে স্বৰ্গত থাকিবলৈ অনুমতি দিছিল। গতিকে, সেইসময়ত স্বৰ্গত সকলোৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰা নাছিল। দহ অধ্যায়ত আমি চয়তান আৰু দুষ্ট স্বৰ্গদূতৰ বিষয়ে আৰু বেছিকৈ শিকিবলৈ পাম।
১২. প্ৰকাশিত বাক্য ১২:১০ পদত কি দুটা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে উল্লেখ আছে?
১২ বাইবেলে উল্লেখ কৰিছে যে যীচু খ্ৰীষ্টই ৰজা হোৱাৰ পাছতে তেওঁ চয়তানৰ বিৰুদ্ধে যুদ্ধ কৰিব। (প্ৰকাশিত বাক্য ১২:৭-১০ পঢ়ক।) দহ পদত দুটা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে উল্লেখ আছে। প্ৰথমটো হৈছে, ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচু খ্ৰীষ্টই শাসন কৰিবলৈ আৰম্ভ কৰিব। দ্বিতীয়টো হৈছে, চয়তানক স্বৰ্গৰপৰা এই পৃথিৱীলৈ পেলাই দিয়া হ’ব। এই দুটা ঘটনা ইতিমধ্যে ঘটিল তাৰ বিষয়ে আমি আগলৈ শিকিবলৈ পাম।
১৩. চয়তানক স্বৰ্গৰপৰা পেলাই দিয়াৰ পাছত কি হ’ল?
১৩ যেতিয়া চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক স্বৰ্গৰপৰা পেলাই দিয়া হ’ল, তেতিয়া বিশ্বাসী স্বৰ্গদূতবিলাকে আনন্দিত হৈছিল। বাইবেলে এইদৰে উল্লেখ কৰিছে: “হে স্বৰ্গ আৰু তাত নিবাস কৰাবিলাক, তোমালোকে আনন্দ কৰা!” (প্ৰকাশিত বাক্য ১২:১২) এতিয়া স্বৰ্গত একতা আৰু শান্তি আছে, কিয়নো সকলো স্বৰ্গদূতে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে।
যেতিয়া চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকক পৃথিৱীত পেলাই দিয়া হ’ল, তেতিয়াৰেপৰা ইয়াত দুখ-কষ্ট বাঢ়িবলৈ ধৰিছে। কিন্তু অতি সোনকালে সকলো দুখ-কষ্ট শেষ হ’ব
১৪. চয়তানক স্বৰ্গৰপৰা পেলাই দিয়াৰ পাছত পৃথিৱীত কি হ’ল?
১৪ কিন্তু চয়তানক এই পৃথিৱীত পেলাই দিয়াৰ পাছতে পৃথিৱীৰ পৰিস্থিতি বেয়ালৈ ঢাল খালে। বাইবেলে এইদৰে উল্লেখ কৰিছে: “চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।” (প্ৰকাশিত বাক্য ১২:১২) চয়তান অতি খঙত আছে, কিয়নো চয়তানক স্বৰ্গৰপৰা পেলাই দিয়া হৈছে আৰু সি জানে যে তাৰ অলপ সময় বাকী আছে। সেইবাবে, সি যিকোনো প্ৰকাৰে মানুহৰ ওপৰত দুখ আৰু সমস্যা আনিবলৈ চেষ্টা কৰিছে।
১৫. এই পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
১৫ কিন্তু পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্যে সলনি হোৱা নাই। এতিয়াও তেওঁৰ উদ্দেশ্য একে আছে। এই পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হোৱা আৰু তাত সিদ্ধ মানুহ সদায় দিনৰ বাবে জীয়াই থকাটো তেওঁ বিচাৰে। (গীতমালা ৩৭:২৯) ঈশ্বৰৰ ৰাজ্যই তেওঁৰ উদ্দেশ্য কেনেকৈ পূৰ কৰিব?
১৬, ১৭. দানিয়েল ২:৪৪ পদত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি উল্লেখ আছে?
১৬ দানিয়েল ২:৪৪ পদত উল্লেখ কৰা ভৱিষ্যতবাণীলৈ লক্ষ্য কৰক: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” এই ভৱিষ্যতবাণীৰপৰা আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি শিকোঁ?
১৭ প্ৰথমতে, ঈশ্বৰৰ ৰাজ্য “সেই ৰজাবিলাকৰ কালত” শাসন কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ অৰ্থ হৈছে পৃথিৱীত মানৱীয় চৰকাৰে শাসন কৰি থকা সময়ছোৱাত এই ৰাজ্য স্থাপন হ’ব। দ্বিতীয়তে, ঈশ্বৰৰ এই ৰাজ্যই অনন্ত কালৰ বাবে শাসন কৰিব আৰু আন কোনো চৰকাৰে ইয়াৰ ঠাই ল’ব নোৱাৰে। তৃতীয়তে, ঈশ্বৰৰ ৰাজ্য আৰু পৃথিৱীৰ চৰকাৰবোৰৰ মাজত যুদ্ধ হ’ব। এই যুদ্ধত ঈশ্বৰৰ ৰাজ্যই জয়লাভ কৰিব আৰু ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীত শাসন কৰিব। তেতিয়া ঈশ্বৰৰ ৰাজ্যই সকলোতকৈ ভাল চৰকাৰ হয় বুলি সকলো মানুহে বুজিব পাৰিব।
১৮. ঈশ্বৰৰ ৰাজ্য আৰু পৃথিৱীৰ চৰকাৰবোৰৰ মাজত হ’বলগীয়া শেষ যুদ্ধৰ নাম কি?
১৮ ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীৰ সকলো চৰকাৰক কেনেকৈ ধ্বংস কৰিব? শেষ যুদ্ধ অথবা হৰমাগিদোনৰ আগতে, দুষ্ট স্বৰ্গদূতে “গোটেই জগতৰ ৰজা সকলক” ভুল পথলৈ পৰিচালিত কৰিব, যাতে তেওঁলোকে “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ” একত্ৰিত হয়। নিশ্চয়, মানৱীয় চৰকাৰে ঈশ্বৰৰ ৰাজ্যৰ লগত যুদ্ধ কৰিব, কিন্তু তেওঁলোকে পৰাজয় হ’ব।—প্ৰকাশিত বাক্য ১৬:১৪, ১৬; “হৰমাগিদোন” চাওক।
১৯, ২০. ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত শাসন কৰাটো কিয় প্ৰয়োজন?
১৯ আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন? ইয়াৰ তিনিটা কাৰণ আছে। প্ৰথমতে, আমি পাপী হওঁ, সেইবাবে আমাৰ বেমাৰ হয় আৰু আমি মৃত্যু হওঁ। কিন্তু বাইবেলে উল্লেখ কৰিছে যে ঈশ্বৰৰ ৰাজ্যত আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম। যোহন ৩:১৬ পদত এইদৰে উল্লেখ আছে: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।”
২০ দ্বিতীয়তে, আজি আমি দুষ্ট লোকসকলৰ মাজত জীয়াই আছোঁ। বহুতোলোকে মিছা কয়, বিশ্বাসঘাত কৰে আৰু অনৈতিক কাৰ্য্যবোৰত লিপ্ত থাকে। আমি তেওঁলোকক শেষ কৰিব নোৱাৰোঁ, কিন্তু ঈশ্বৰে কৰিব পাৰে। যিহোৱা ঈশ্বৰে হৰমাগিদোনৰ যুদ্ধত দুষ্ট লোকসকলক ধ্বংস কৰিব। (গীতমালা ৩৭:১০ পঢ়ক।) তৃতীয়তে, মানৱ চৰকাৰে এই বেয়া পৰিস্থিতিবোৰ ভাল কৰিব নোৱাৰে। কেৱল এয়াই নহয়, তেওঁলোকে ভ্ৰষ্ট হয় আৰু লোকসকলৰ ওপৰত অত্যাচাৰ কৰে। লোকসকলক ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ তেওঁলোকে সহায় নকৰে। বাইবেলে উল্লেখ কৰিছে যে “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।”—উপদেশক ৮:৯.
২১. ঈশ্বৰৰ ৰাজ্যই কেনেকৈ এই পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ কৰিব?
২১ হৰমাগিদোনৰ পাছত ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ কৰিব। উদাহৰণস্বৰূপে, তেওঁ চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকক পৃথিৱীৰপৰা দূৰ কৰিব। (প্ৰকাশিত বাক্য ২০:১-৩) তেতিয়া লোকসকলৰ বেমাৰ আৰু মৃত্যু নহ’ব। মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত সকলো বিশ্বাসী সেৱকে নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব। (প্ৰকাশিত বাক্য ২২:১-৩) ঈশ্বৰৰ ৰাজ্যই যিহোৱাৰ নাম পবিত্ৰ কৰিব। ইয়াৰ অৰ্থ কি বাৰু? যেতিয়া ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত শাসন কৰিব, তেতিয়া সকলোৱে যিহোৱা ঈশ্বৰৰ নামক সন্মান কৰিব।—“মুক্তিপণ” চাওক।
যীচু কেতিয়া ৰজা হৈছিল?
২২. আমি কেনেকৈ ক’ব পাৰোঁ যে পৃথিৱীত থকাৰ সময়ত আৰু স্বৰ্গলৈ উভতি যোৱাৰ লগে লগে যীচু ৰজা হোৱা নাছিল?
২২ যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “তোমাৰ ৰাজ্য হওক।” ইয়ে প্ৰমাণ কৰে যে ভৱিষ্যতে এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যই শাসন কৰিব। যিহোৱা ঈশ্বৰে প্ৰথমতে তেওঁৰ ৰাজ্য অৰ্থাৎ চৰকাৰ স্থাপন কৰিব আৰু যীচুক সেই ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিব। যীচু স্বৰ্গলৈ উভতি যোৱাৰ লগে লগে ৰজা হিচাপে নিযুক্ত হৈছিলনে? নহয়! তেওঁক অপেক্ষা কৰিবলগীয়া হৈছিল। যীচুৰ পুনৰুত্থান হোৱাৰ কিছুসময়ৰ পাছত, পিতৰ আৰু পৌলে এইদৰে কৈছিল যে গীতমালা ১১০:১ পদত উল্লেখ কৰা ভৱিষ্যতবাণী যীচুৰ বিষয়ে আছিল। সেই ভৱিষ্যতবাণীত লিখা আছিল যে “প্ৰভুৱে মোৰ প্ৰভুক কলে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিপীৰা নকৰোঁমানে, মোৰ সোঁহাতে বহি থাকা।” (পাঁচনিৰ কৰ্ম্ম ২:৩২-৩৫; ইব্ৰী ১০:১২, ১৩) যীচুৱে ৰজা হ’বলৈ কিমান সময় অপেক্ষা কৰিবলগীয়া হৈছিল?
ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব
২৩. (ক) কেতিয়াৰপৰা যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিলে? (খ) পৰৱৰ্তী অধ্যায়ত আমি কিহৰ বিষয়ে শিকিম?
২৩ ঊনৈশ শ চৈধ্য চনৰ আগতে, সত্য খ্ৰীষ্টানসকলৰ এক সমূহে বুজি পাইছিল যে ১৯১৪ চনত বাইবেলত উল্লেখ থকা বহুতো ভৱিষ্যতবাণী পূৰ হ’ব। ১৯১৪ চনত পৃথিৱীজুৰি হৈ থকা ঘটনাবোৰে প্ৰমাণ কৰে যে তেওঁলোকৰ কথা সত্য আছিল। সেই বছৰতে যীচু ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত হৈছিল। (গীতমালা ১১০:২) ইয়াৰ কিছুসময়ৰ পাছত চয়তানক স্বৰ্গৰপৰা পৃথিৱীলৈ পেলাই দিয়া হ’ল আৰু এতিয়া “তাৰ কাল অলপ” আছে। (প্ৰকাশিত বাক্য ১২:১২) পৰৱৰ্তী অধ্যায়ত আমি এনে কিছুমান প্ৰমাণৰ বিষয়ে শিকিম, যিয়ে দেখুৱায় যে আমি সেই “অলপ” সময়ছোৱাত জীয়াই আছোঁ। আমি এয়াও শিকিম যে অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব।—“১৯১৪ চনটো কিয় এক বিশেষ বছৰ?” চাওক।