ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ৭ প্ৰশ্নবোৰ ১-৫
  • ঈশ্বৰৰ ৰাজ্য কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য কি হয়?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ৭ প্ৰশ্নবোৰ ১-৫

পাঠ ৭

ঈশ্বৰৰ ৰাজ্য কি হয়?

১. ঈশ্বৰৰ ৰাজ্য কি হয়?

১. স্বৰ্গত ঈশ্বৰৰ ৰাজ্য; ২. যীচুৱে কুষ্ঠ ৰোগীজনক সুথ কৰিছ

যীচু খ্ৰীষ্টই কিয় এই ৰাজ্যৰ ৰজা হোৱাৰ যোগ্য?—মাৰ্ক ১:৪০-৪২.

ঈশ্বৰৰ ৰাজ্য হৈছে এখন স্বৰ্গীয় চৰকাৰ। এই চৰকাৰে, সকলো মানৱীয় চৰকাৰক ধ্বংস কৰি, পৃথিৱী আৰু স্বৰ্গত ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিব। ঈশ্বৰে এইদৰে নিজৰ উদ্দেশ্য পূৰ কৰাৰ বাবে ই নিশ্চয় আমাৰ বাবে এটা ভাল খবৰ। সকলো মানুহে এখন ভাল চৰকাৰৰ আশা কৰে আৰু সেই আশা কেৱল ঈশ্বৰৰ ৰাজ্যইহে পূৰ কৰিব। এই স্বৰ্গীয় চৰকাৰে পৃথিৱীত থকা সকলো লোককে একত্ৰিত কৰিব।—দানিয়েল ২:৪৪; মথি ৬:৯, ১০; ২৪:১৪ পঢ়ক।

যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টক এই ৰাজ্যৰ ৰজা পাতিছে।—প্ৰকাশিত বাক্য ১১:১৫ পঢ়ক।

২. কেৱল যীচু খ্ৰীষ্টই কিয় এই ৰাজ্যৰ ৰজা হোৱাৰ যোগ্য?

যীচু খ্ৰীষ্টই ৰজা হোৱাৰ যোগ্য। কিয়নো তেওঁ এজন নম্ৰ হৃদয়ৰ লোক আৰু সত্যৰ পক্ষে স্থিৰ আছিল। (যোহন ১:১৪) যীচুয়ে স্বৰ্গৰপৰা শাসন কৰিব আৰু সেইবাবে পৃথিৱীৰ লোকসকলক সহায় কৰিবলৈ তেওঁৰ ওচৰত অসীম শক্তি আৰু সামৰ্থ থাকিব। পুনৰুত্থানৰ পাছত যীচুয়ে স্বৰ্গলৈ গʼল আৰু যিহোৱা ঈশ্বৰৰ সোঁহাতে বহি অপেক্ষা কৰি আছিল। (ইব্ৰী ১০:১২, ১৩) সৰ্ব্বশেষত, ঈশ্বৰে যীচু খ্ৰীষ্টক শাসন কৰিবলৈ অধিকাৰ দিলে।—দানিয়েল ৭:১৩, ১৪ পঢ়ক।

৩. যীচুৰ সৈতে কোনে শাসন কৰিব?

যীচুৰ লগত স্বৰ্গৰপৰা “পবিত্ৰ” লোকসকলৰ এক গোটে শাসন কৰিব। (দানিয়েল ৭:২৭) সৰ্ব্বপ্ৰথমে, পবিত্ৰ লোকসকলৰ ভিতৰত যীচুৰ বিশ্বাসী পাঁচনিসকল আছিল। সেই সময়ৰপৰা এতিয়ালৈকে যিহোৱা ঈশ্বৰে বিশ্বাসী পুৰুষ আৰু তিৰোতাসকলক পবিত্ৰ লোকসকলৰ ভাগ হʼবলৈ মনোনীত কৰি আছে। যীচুৰ দৰে এই লোকসকলকো মৃত্যুৰ পাছত এক আত্মিক ব্যক্তিৰূপে পুনৰুত্থান কৰা হয়।—যোহন ১৪:১-৩; ১ কৰিন্থীয়া ১৫:৪২-৪৪ পঢ়ক।

স্বৰ্গলৈ যোৱা লোকসকলৰ সংখ্যা কিমান? স্বৰ্গলৈ যোৱা এই গোটক যীচুয়ে, “তাকৰ জাকটি” বুলি আখ্যা দিছে। (লূক ১২:৩২) তেওঁলোকৰ সংখ্যা হৈছে ১,৪৪,০০০ জন। এই লোকসকলে যীচুৰ লগত স্বৰ্গৰপৰা পৃথিৱীৰ ওপৰত শাসন কৰিব।—প্ৰকাশিত বাক্য ১৪:১ পঢ়ক।

৪. যীচুয়ে শাসন আৰম্ভ কৰাৰ পাছত কি ঘটিল?

বাইবেল অধ্যয়ন

ঈশ্বৰৰ ৰাজ্যই ১৯১৪ চনৰপৰা শাসন কৰিবলৈ আৰম্ভ কৰে।a এই ৰাজ্যৰ ৰজা হিচাপে যীচুয়ে সৰ্ব্বপ্ৰথমে চয়তান আৰু তাৰ দূতবিলাকক পৃথিৱীলৈ পেলাই দিলে। পৃথিৱীলৈ পেলাই দিয়াৰ বাবে চয়তান অতি ক্ৰুদ্ধ হʼল আৰু পৃথিৱীত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিবলৈ ধৰিলে। (প্ৰকাশিত বাক্য ১২:৭-১০, ১২) ১৯১৪ চনৰপৰা মানুহৰ সমস্যা বেছিকৈ হʼবলৈ ধৰিছে। যুদ্ধ, আকাল, মহামাৰী আৰু ভূমিকম্প আদি ঘটনাবোৰ হৈছে এটা “চিন” আৰু ইয়ে প্ৰমাণ কৰে যে আমি ঈশ্বৰৰ ৰাজ্যৰ একেবাৰে ওচৰত।—লূক ২১:৭, ১০, ১১, ৩১ পঢ়ক।

৫. প্ৰকৃততে ঈশ্বৰৰ ৰাজ্যই কি কৰিছে?

গোটেই পৃথিৱীজোৰি হৈ থকা ঘোষণা কৰা কাৰ্য্যৰ দ্বাৰা আজি ঈশ্বৰৰ ৰাজ্যই বৰ লোকসমূহক একত্ৰিত কৰিছে। বিভিন্ন ভাষা আৰু ৰাষ্ট্ৰৰপৰা অহা এই নম্ৰলোকসকলে যীচু খ্ৰীষ্টৰ অধীনত থাকিব। দুষ্ট ব্যৱস্থাক বিনাশ কৰাৰ সময়ত ঈশ্বৰৰ ৰাজ্যই তেওঁলোকক সুৰক্ষা দিব। গতিকে, যদি কোনোবাই ঈশ্বৰৰ ৰাজ্যৰ অধীনত থাকি লাভৱান হʼব বিচাৰে, তেনেহʼলে তেওঁলোকে যীচু খ্ৰীষ্টৰ অধীনত থাকিবলৈ শিকিব লাগিব।—প্ৰকাশিত বাক্য ৭:৯, ১৪, ১৬, ১৭ পঢ়ক।

পমোদবনত ঈশ্বৰৰ লোকসকল

এহাজাৰ বছৰ ধৰি হোৱা শাসন কালত এই ৰাজ্যই, মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিব। গোটেই পৃথিৱীখন লাহে লাহে প্ৰমোদবনলৈ পৰিণত হʼব। এই সকলোৰে অন্তত, যীচু খ্ৰীষ্টই যিহোৱা ঈশ্বৰৰ হাতত ৰাজ্যভাৰ গতাই দিব। (১ কৰিন্থীয়া ১৫:২৪-২৬) ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আপুনি কাক জনাব বিচাৰে?–গীতমালা ৩৭:১০, ১১, ২৯ পঢ়ক।

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ৮ আৰু ৯ অধ্যায়ত চাওক।

a ১৯১৪ চনৰ বিষয়ে যি ভৱিষ্যতবাণী কৰা হৈছিল, তাৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ২১৫-২১৮ পৃষ্ঠাত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক