কাহিনী ৭
এজন সাহসী পুৰুষ
পৃথিৱীত মানুহৰ সংখ্যা বঢ়াৰ লগে লগে দুষ্টতাও বাঢ়িবলৈ ধৰিলে। বেছিভাগ মানুহে কয়িনৰ দৰে বেয়া কামবোৰত লিপ্ত হʼল। কিন্তু এই সকলোৰে ভিতৰত এজন মানুহ বেলেগ আছিল আৰু তেওঁৰ নাম হৈছে হনোক। হনোক এজন সাহসী পুৰুষ আছিল। যদিও প্ৰায়ভাগ লোকে বেয়া কামত লিপ্ত আছিল, হনোকে কিন্তু ঈশ্বৰকেই সেৱা কৰিছিল।
সেইসময়ৰ লোকসকলে বেয়া কামবোৰত ইমান লিপ্ত হোৱাৰ কাৰণ কি আছিল বাৰু? আদম আৰু হৱাক ঈশ্বৰৰ বাক্য উলংঘন কৰিবলৈ কোনে প্ৰলোভিত কৰিছিল তোমাৰ মনত আছেনে? সি হৈছে এটা দুষ্ট স্বৰ্গদূত। বাইবেলে তাক চয়তান বুলি পৰিচিত কৰিছে আৰু ই সকলোকে বেয়া কাম কৰিবলৈ উচটায়।
এদিনাখন যিহোৱা ঈশ্বৰে হনোকক এনে এক বিষয় ঘোষণা কৰিবলৈ কৈছিল, যাৰ বিষয়ে লোকসকলে শুনিবলৈ ইচ্ছা কৰা নাছিল। সেই ঘোষণা হৈছে: ‘ঈশ্বৰে সকলো দুষ্টলোকক এদিন বিনাশ কৰিব।’ এনে কথা শুনি লোকসকলৰ নিশ্চয় খং উঠিছিল। তেওঁলোকে হয়তো হনোকক হত্যা কৰিবলৈও চেষ্টা কৰিছিল। নিসন্দেহ, ঈশ্বৰৰ বাৰ্ত্তা ঘোষণা কৰিবলৈ হনোকক সাহসৰ প্ৰয়োজন আছিল।
দুষ্ট লোকসকলৰ মাজত ঈশ্বৰে হনোকক বেছিদিন জীয়াই থাকিবলৈ নিদিলে। হনোক মাত্ৰ ৩৬৫ বছৰহে জীয়াই আছিল। কিন্তু প্ৰশ্ন হʼব পাৰে যে ৩৬৫ বছৰক, “মাত্ৰ” বুলি কিয় কোৱা হৈছে? বৰ্তমান লোকসকলৰ তুলনাত, সেইসময়ৰ লোকসকল শাৰীৰিকভাৱে সুস্থ-পুস্থ আছিল আৰু সেইবাবে তেওঁলোকে বহুদিন জীয়াই আছিল। উদাহৰণস্বৰূপে, হনোকৰ পুত্ৰ মথুচেলহ ৯৬৯ বছৰ জীয়াই আছিল।
হনোকৰ মৃত্যুৰ পাছত লোকসকলৰ দুষ্টতা আৰু বেছি হʼবলৈ ধৰিলে। সেইসময়ত বাস কৰা লোকসকলৰ বিষয়ে বাইবেলে বৰ্ণনা কৰিছে যে তেওঁলোকৰ ‘কল্পনা কেৱল মন্দ’ আৰু গোটেই ‘পৃথিৱীখন অত্যাচাৰেৰে পৰিপূৰ্ণ।’
সেইসময়ত পৃথিৱীজোৰি ইমান অশান্তি কিয় হৈছিল তুমি জানানে? কিয়নো চয়তানে এক বেলেগ ব্যৱস্থাৰে লোকসকলক বেয়া কাম কৰিবলৈ পৰিচালিত কৰিছিল। ইয়াৰ বিষয়ে আমি আঠ অধ্যায়ত শিকিবলৈ পাম।
আদিপুস্তক ৫:২১-২৪, ২৭; ৬:৫, ১১-১৩; ইব্ৰী ১১:৫; যিহূদা ১৪, ১৫.