ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ৯/১ পৃষ্ঠা ২৯-৩১
  • হানোক এই দুষ্ট জগতত থকাৰ স্বত্ত্বেও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হানোক এই দুষ্ট জগতত থকাৰ স্বত্ত্বেও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ‘হানোক সত্য ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল’
  • ভক্তিহীন লোকৰ বিৰুদ্ধে ভৱিষ্যতবাণী কৰা
  • “ঈশ্বৰে তেওঁক লৈ গল”
  • হানোকে ৰখা বিশ্বাসৰ আৰ্হিক অনুকৰণ কৰক
  • এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত যিহোৱাৰ সৈতে চলক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • এজন সাহসী পুৰুষ
    বাইবেলৰ কাহিনী
  • যিহূদা কিতাপৰ সাৰাংশ
    পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ৯/১ পৃষ্ঠা ২৯-৩১

হানোক এই দুষ্ট জগতত থকাৰ স্বত্ত্বেও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল

চয়তানে দাবী কৰি কৈছিল যে সি সমস্ত মানৱজাতিক ঈশ্বৰৰ বিপক্ষে পৰিচালিত কৰিব। এসময়ত তাৰ কথা সঁচা যেন অনুমান হৈছিল। হেবলৰ মৃত্যু হোৱাৰ প্ৰায় পাঁচ শতাব্দীৰ পাছত সকলোৱে পাহৰি গʼল যে তেওঁ এজন ঈশ্বৰৰ বিশ্বাসী সেৱক আছিল। আনহাতে পৃথিৱীৰ চাৰিওফালে পাপময় কাৰ্য্য আৰু ভক্তিহীন আচাৰ-ব্যৱহাৰ দেখা দিবলৈ ধৰিলে।

তেনে ঘোৰ অন্ধকাৰময় পৰিস্থিতিত হানোক নামৰ এজন ব্যক্তিৰ জন্ম হয়। বাইবেলৰ ঘটনাতালিকাৰ অনুসাৰে তেওঁৰ জন্ম সা.যু.পূ. ৩৪০৪ চনত হৈছিল। কিন্তু তেওঁ সেই সময়ৰ লোকসকলৰ আচাৰ-ব্যৱহাৰৰ দৰে জীৱন যাপন নকৰি, যিহোৱাৰ এজন সত্য উপাসক হোৱাৰ পৰিচয় দিলে। সেইবাবে পাঁচনি পৌলে তেওঁক আন বিশ্বাসী খ্ৰীষ্টানসকলে প্ৰস্তুত কৰা উত্তম আৰ্হিৰ সৈতে তেওঁৰ উদাহৰণকো সন্মিলিত কৰিলে। কিন্তু হানোক কোন আছিল? তেওঁ কেনেধৰণৰ বাধাৰ সম্মুখীন হʼবলগীয়া হৈছিল? সেই বাধাবোৰৰ প্ৰতি তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? আমি তেওঁ দেখুৱা নিষ্ঠাৰ পৰা কি শিকিব পাৰোঁ?

হানোক জন্ম হোৱা প্ৰায় চাৰি শতাব্দীৰ আগেই অৰ্থাৎ ইনোচৰ সময়ত “লোকবিলাকে যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা আদি কৰিবলৈ” ধৰিছিল। (আদিপুস্তক ৪:২৬) মানৱ ইতিহাসৰ আৰম্ভণীৰে পৰাই ঈশ্বৰৰ সেই মহান নাম ব্যৱহাৰ হৈ আহিছে। ইনোচ জীয়াই থকা সময়ছোৱাত লোকসকলে বিশ্বাস আৰু সত্য উপাসনাৰ বাবে যিহোৱাৰ নামক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল এনে নহয়। এই সন্দৰ্ভত কিছুমান ইহুদী বিদ্বানে মন্তব্য দি এইদৰে কৈছিল, আদিপুস্তক ৪:২৬ পদত আমি এইদৰে পঢ়া উচিত যে লোকসকলে যিহোৱাৰ নাম “অপবিত্ৰৰূপে” বা “অশুদ্ধৰূপে” ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। লোকসকলে নিজৰ নামৰ সৈতে যিহোৱাৰ নাম বা আনক এই নাম দি সত্য উপাসনা কৰাৰ দাবী কৰিছিল। অথবা তেওঁলোকে প্ৰতিমাবোৰকো তেওঁৰ নাম দিছিল।

‘হানোক সত্য ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল’

হানোক ভক্তিহীনলোকৰ মাজত জীয়াই থকাৰ স্বত্ত্বেও “ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল।” ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ পূৰ্ব্বপূৰুষ অৰ্থাৎ চেথ, ইনোচ, কৈনন, মহললেল আৰু যেৰদ আদিয়ে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলা নাছিল। কিন্তু তেওঁলোকে হানোকৰ তুল্য কাৰ্য্য কৰা নাছিল, দৰাচলতে তেওঁলোকৰ জীৱন আৰু হানোকৰ জীৱনৰ মাজত বহুত পাৰ্থক্য আছিল। তাকে ইয়াত দাঙি ধৰা হৈছে।—আদিপুস্তক ৫:৩-২৭.

ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলাৰ অৰ্থ হৈছে তেওঁৰ সৈতে ভালদৰে পৰিচিত আৰু নিবিড় সম্পৰ্ক গঢ়ি উঠা। সম্ভৱত হানোকৰ ক্ষেত্ৰত এইটো সঁচা বুলি কব পাৰি। সেইহেতুকে যিহোৱাই তেওঁৰ ভক্তিক স্বীকাৰ কৰিছিল। প্ৰকৃততে গ্ৰীক চেপ্টুৱেজেইন্টে কৈছে যে “হানোকে ঈশ্বৰক সন্তুষ্ট কৰিলে” আৰু সেই একেইধৰণে পাঁচনি পৌলেও বৰ্ণনা কৰিছিল।—আদিপুস্তক ৫:২২; ইব্ৰী ১১:৫.

ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সম্বন্ধ বজাই ৰাখিবলৈ হানোকৰ বিশ্বাসে এক মুখ্য ভূমিকা আদায় কৰিলে। ইয়াৰ বাবে তেওঁক নিশ্চয়ে ঈশ্বৰৰ ‘নাৰীৰ’ প্ৰতিজ্ঞাত ‘বংশক’ বিশ্বাস কৰিব লাগিছিল। যদি হানোকে ব্যক্তিগতভাৱে আদমৰ সৈতে পৰিচিত আছিল, তেতিয়াহʼলে ইয়ে তেওঁক প্ৰথম মানৱ দম্পতীৰ সৈতে ঈশ্বৰে কৰা আচৰণৰ বিষয়ে জানিবলৈ সহায় কৰিছিল। সেই জ্ঞানে হানোকক ‘তেওঁক বিচাৰিবলৈ’ সহায় কৰিলে—আদিপুস্তক ৩:১৫; ইব্ৰী ১১:৬, ১৩.

হানোক আৰু আমাৰ ক্ষেত্ৰত, কেৱল জ্ঞানে যে ঈশ্বৰৰ সৈতে এক ঘনিষ্ঠ সম্বন্ধ গঢ়ি তুলিব পাৰি এনে নহয়। যদি আমি কোনো এজন ব্যক্তিৰ সৈতে থকা নিবিড় সম্বন্ধক গভীৰভাৱে মূল্যাঙ্কণ কৰোঁ, তেতিয়াহʼলে এইটো সঁচা নহʼব নে যে সেই মূল্যাঙ্কণে আমাৰ বিচাৰ-ধাৰা আৰু কাৰ্য্যত প্ৰভাৱিত কৰিব? আমি নিশ্চয়ে তেনেবোৰ কথা বা কাৰ্য্যৰ পৰা আঁতৰি থাকিম যিহে আমাৰ বন্ধুত্বত ব্যাঘাত জন্মাব পাৰে। তদুপৰি আমি কোনো নিৰ্ণয় লোৱাৰ আগতেই সেই সম্বন্ধৰ ওপৰত কেনে প্ৰভাৱ পৰিব, সেই বিষয়ে বিবেচনা নকৰিমনে বাৰু?

আমি কৰা কাৰ্য্যৰ ওপৰত ঈশ্বৰৰ সৈতে অটুট সম্বন্ধ বজাই ৰাখাটো নিৰ্ভৰ কৰে। তেওঁ কিহত সন্তোষ্ট বা অসন্তোষ্ট হয়, তাৰ বিষয়ে সঠিক জ্ঞান লোৱা আৱশ্যক। তাৰ পাছত সেই জ্ঞানৰ অনুসাৰে চলি আমাৰ বিচাৰ-ধাৰা আৰু কাৰ্য্যৰে তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰা আৱশ্যক।

বাস্তৱতে, ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ হʼলে তেওঁক অৱশ্যেই আনন্দিত কৰা আৱশ্যক। হানোকে তেওঁৰ জীৱনৰ কালছোৱাত তাকেই কৰিছিল। দৰাচলতে ইব্ৰী ক্ৰিয়া পদ “চলা” শব্দটোৱে একেৰাহে কৰি থকা কাৰ্য্যক বুজাইছে। নোহ নামৰ আন এজন ব্যক্তিও ‘ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলাছিল।—আদিপুস্তক ৬:৯.

হানোক এজন বিয়া-বাৰ কৰোৱা ব্যক্তি আছিল। তেওঁৰ এজনী পত্নী, “পুতেক আৰু জীয়েক” আছিল। বাইবেলত উল্লেখ কৰা মথুচেলহ হৈছে তেওঁৰে এজন পুত্ৰৰ নাম। (আদিপুস্তক ৫:২১, ২২) হানোক নিশ্চয়ে তেওঁৰ পৰিয়ালৰ বাবে এজন উত্তম মুখীয়ালৰূপে প্ৰমাণিত হৈছিল। ভক্তিহীন লোকৰ মাজত থাকি তেওঁৰ বাবে ঈশ্বৰৰ সেৱা কৰাটো ইমান সহজ নাছিল। সেই একেই সময়ত নোহৰ পিতৃ লেমকো এজন ব্যক্তি আছিল যিজনে যিহোৱাত ভৰসা ৰাখিছিল। (আদিপুস্তক ৫:২৮, ২৯) যিয়ে নহওঁক, হনোকে সাহসী হৈ সত্য উপাসনাত একেৰাহে লাগি আছিল।

কিহে হানোকক ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিলে? যিসকলে যিহোৱাৰ নামক তুচ্ছৰূপে ব্যৱহাৰ কৰিছিল তেনে লোকসকলৰ সৈতে নিঃসন্দেহে হনোকে কোনো সঙ্গতি কৰা নাছিল। তদুপৰি প্ৰাৰ্থনাৰ যোগেদি সৃষ্টিকৰ্ত্তা যিহোৱাৰ নিৰ্দেশনা বিচৰাৰ দ্বাৰাও তেওঁ ঈশ্বৰক অসন্তুষ্টি কৰাৰ পৰা আতঁৰি আছিল।

ভক্তিহীন লোকৰ বিৰুদ্ধে ভৱিষ্যতবাণী কৰা

আমি ভক্তিহীন লোকসকলৰ মাজত থাকি ঈশ্বৰৰ নিয়মসমূহ পালন কৰাটো ইমান সহজ নহয়। তথাপিও হানোকে দুষ্ট লোকসকলৰ ওপৰত আহিবলগা ঈশ্বৰৰ ন্যায়ৰ বিষয়ে ঘোষণা কৰিবলৈ পিচহুঁহঁকা নাছিল। ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁ এইদৰে ঘোষণা কৰিছিল: “চোৱা, সকলোবিলাকৰ সোধ-বিচাৰ কৰিবলৈ, আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্য্যৰ দ্বাৰাই যি ভক্তি-লঙ্ঘন কৰিলে, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা কলে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰবিলাকে সৈতে আহিল।”—যিহূদা ১৪, ১৫.

তেওঁৰ এই বাৰ্ত্তাৰ প্ৰতি অবিশ্বাসী লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? এইটো যুক্তিসঙ্গত যে এই বাৰ্ত্তাৰ বাবে লোকসকলে হানোকক ক্ৰোধ, তৰ্জ্জন-গৰ্জ্জন আৰু ইতিকিং কৰিব ধৰিলে। কিছুমানে তেওঁৰ কাৰ্য্যৰ বাবে তেওঁক হত্যা কৰিবলৈ সুযোগ বিচাৰিছিল। তথাপিও, হনোকে ভয়াভীত নোহোৱাকৈ একেৰাহে এই কাৰ্য্য কৰি থাকিল। তদুপৰি তেওঁ জানিছিল যে ধাৰ্ম্মিক হেবলৰ সৈতে কি ঘটিছিল। ইয়াকে মনত ৰাখি তেওঁ সকলো পৰিস্থিতিতে যিহোৱাৰ সেৱাত লাগি থাকিবলৈ নিৰ্ণয় লৈছিল।

“ঈশ্বৰে তেওঁক লৈ গল”

সম্ভৱতঃ তেওঁৰ জীৱন বিপদপন্ন হৈ থকাৰ বাবে “ঈশ্বৰে তেওঁক লৈ গʼল।” (আদিপুস্তক ৫:২৪) যিহোৱাই তেওঁৰ বিশ্বাসী সেৱকৰ ওপৰত শত্ৰুসকলে অত্যাচাৰ কৰাটো বিচৰা নাছিল। পাঁচনি পৌলৰ অনুসাৰে, “হানোকে মৃত্যু নেদেখিবৰ নিমিত্তে, তেওঁক লোকান্তৰলৈ নিয়া হʼল।” (ইব্ৰী ১১:৫) বহুতে বিশ্বাস কৰে যে হানোকৰ মৃত্যু হোৱা নাই, কিন্তু ঈশ্বৰে তেওঁক স্বৰ্গলৈ তুলি নিলে যাতে তেওঁ তাত জীয়াই থাকিব পাৰে। এই সন্দৰ্ভত যীচুৱে স্পষ্টকৈ এইদৰে কৈছিল: “স্বৰ্গবাসী জন, অৰ্থাৎ যি মানুহৰ পুত্ৰ স্বৰ্গৰ পৰা নামিল, তেওঁৰ বাহিৰে কোনেও স্বৰ্গলৈ উঠা নাই।” যীচু সকলোৰে “অগ্ৰগামী” আছিল, যিজনে প্ৰথমে স্বৰ্গাৰোহণ কৰিলে।—যোহন ৩:১৩; ইব্ৰী ৬:১৯, ২০.

তেনেহʼলে হানোকৰ সৈতে কি ঘটিল? হয়তো তেওঁক “মৃত্যু নেদেখিবৰ নিমিত্তে, লোকান্তৰলৈ” নিয়াৰ অৰ্থ হৈছে, ঈশ্বৰে তেওঁক বাহ্যজ্ঞান শূন্য অৱস্থালৈ নি তেওঁৰ জীৱনৰ অৱসান ঘটালে। তেনে অৱস্থাত হানোকে মৃত্যুৰ ফলত হোৱা সকলো প্ৰকাৰৰ কষ্ট অনুভৱ নকৰিলে। তাৰ পাছত “তেওঁৰ মৃত্যু দেহ কʼতো পোৱা নগল।” সম্ভৱতঃ যিহোৱাই মোচিৰ দৰে তেওঁৰো শৰীৰকো মৈদাম দিলে।—দ্বিতীয় বিবৰণ ৩৪:৫, ৬.

হানোক প্ৰায় ৩৬৫ বছৰ জীয়াই আছিল। তেওঁৰ সমনীয়া লোকসকলৰ তুলনাত তেওঁৰ বয়স নিশ্চেই কম আছিল। কিন্তু মনকৰিবলগীয়া বিষয়ে এই যে যিহোৱাৰ সেৱাত তেওঁ মৃত্যু পৰ্য্যন্তলৈকে বিশ্বাসী হৈ থাকিল। আমি জানো যে তেওঁ তেনেদৰে কৰিলে, কিয়নো তেওঁক “লোকৰান্তলৈ নিয়াৰ পূৰ্ব্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে।” বাইবলেত এইটো উল্লেখ কৰা নাই যে যিহোৱাই তেওঁৰ সৈতে কেনেকৈ যোগাযোগ কৰিছিল। তথাপিও, মৃত্যুৰ পূৰ্বেই তেওঁ ঈশ্বৰৰ অনুমোদন প্ৰাপ্ত কৰিছিল আৰু আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই তেওঁক পুনৰ জীৱিত কৰিব।

হানোকে ৰখা বিশ্বাসৰ আৰ্হিক অনুকৰণ কৰক

ঈশ্বৰলৈ ভয় ৰাখোঁতা লোকসকলে এৰি যোৱা বিশ্বাসৰ আৰ্হিক আমি অনুকৰণ কৰিব পাৰোঁ। (ইব্ৰী ১৩:৭) কিয়নো বিশ্বাসৰ গুণেই হানোকে, প্ৰথম ভৱিষ্যতবক্তা হিচাপে যিহোৱাৰ সেৱা কৰাৰ সুযোগ পাইছিল। আমি থকা বৰ্তমান সময়ছোৱাও হানোকৰ দিনৰ সৈতে তুলনা কৰিব পাৰি। কিয়নো আমাৰ সময়টো এই জগতখনত হিংসা, অধাৰ্ম্মিক আচাৰ-ব্যৱহাৰ আৰু ভক্তিহীন লোকেৰে পৰিপূৰ্ণ হৈ আছে। কিন্তু ইয়াৰ বিপৰীতে হানোকে তাহানি জগতৰ অনুসাৰে জীৱন-যাপন কৰা নাছিল। প্ৰকৃততে তেওঁ বিশ্বাসী আৰু ঈশ্বৰক ভয় কৰোঁতা ব্যক্তি আছিল। সেয়েহে যিহোৱাই তেওঁক এক গুৰুত্বপূৰ্ণ ন্যায়দণ্ডৰ বিষয়ে ঘোষণা কৰিবলৈ দায়িত্বভাৰ দিছিল। তদুপৰি যিহোৱাই এই বাৰ্ত্তা ঘোষণা কৰিবলৈ তেওঁক সাহসী কৰি তুলিছিল। হানোকে সাহসী হৈ এই কাৰ্য্য কৰিলে আৰু ঈশ্বৰে তেওঁক শত্ৰুসকলৰ হাতৰ পৰা ৰক্ষা কৰিছিল।

যদি আমি হানোকৰ নিচিনা বিশ্বাসত দৃঢ় হৈ থাকোঁ, তেন্তে এই শেষকালত যিহোৱাই আমাক তেওঁৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ নিশ্চয়ে সামৰ্থ প্ৰদান কৰিব। তেওঁ আমাক সফলতাৰে শত্ৰুসকলৰ সম্মুখীন হবলৈ সহায় কৰিব আৰু ঈশ্বৰৰ প্ৰতি থকা ভক্তিয়ে আমাক ভক্তিহীনলোকৰ পৰা পৃথকে ৰাখিব। ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসে আমাক তেওঁৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ আৰু এনে কাৰ্য্য কৰিবলৈ সহায় কৰিব, যিহে তেওঁৰ মন আনন্দিত কৰে। (হিতোপদেশ ২৭:১১) বিশ্বাসৰ গুণে হানোকে ভক্তিহীন জগতত থাকাৰ স্বত্ত্বেও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিব পাৰিলে। সেইবাবে আমিও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিব পাৰিম। (w01 9/15)

[৩০ পৃষ্ঠাৰ বক্স]

হানোক নামৰ কিতাপখনৰ পৰা বাইবেলৰ পদসমূহ উদ্ধৃত কৰা হৈছেনে?

হানোক নামৰ কিতাপখন সন্দেহজনক আৰু মিছা ঘটনাৰ ওপৰত আধাৰিত। আনকি এই কিতাপখন স্বয়ং হানোকে লিখা নাছিল। সম্ভৱতঃ এই কিতাপখন সা.যু.পূ. প্ৰথম বা দ্বিতীয় শতাব্দীৰ মাজত লিখা হৈছিল। এই কিতাপখন যিহূদীসকলৰ বিলাসীপূৰ্ণ আৰু ইতিহাসিক নোহোৱা কাল্পনিক ঘটনাবোৰৰ ওপৰত আধাৰিত আছিল। স্পষ্টৰূপে আদিপুস্তকত বৰ্ণনা কৰা ঘটনাবোৰত বহুলভাৱে হানোকৰ বিষয়ে বৰ্ণনা কৰিছে। গতিকে যিহোৱাৰ প্ৰেৰিত বাক্যৰ প্ৰেমীসকলৰ বাবে এই প্ৰমাণসমূহেই যথেষ্ট, যাৰ যোগেদি তেওঁলোকে কাল্পনিক ঘটনাৰ ওপৰত আধাৰিত থকা হানোক নামৰ কিতাপখন প্ৰত্যাখ্যান কৰিব পাৰে।

হানোকে কৰা ভৱিষ্যতবাণীৰ বিষয়ে কেৱল যিহূদা নামৰ কিতাপখনেহে উল্লেখ কৰিছে যʼত আমি এইদৰে পঢ়িবলৈ পাওঁ: “চোৱা, সকলোবিলাকৰ সোধ-বিচাৰ কৰিবলৈ, আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্য্যৰ দ্বাৰাই যি ভক্তি-লঙ্ঘন কৰিলে, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা কলে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰবিলাকে সৈতে আহিল।” (যিহূদা ১৪, ১৫) বহুতো বিদ্বানে দাবী কৰে যে ভক্তিহীন লোকসকলৰ সম্বন্ধে কৰা হানোকৰ ভৱিষ্যতবাণী পোনপটীয়াকৈ হানোক নামৰ কিতাপৰ পৰা তুলি লোৱা হৈছে। তেনেহʼলে এইটো সম্ভৱ হʼব পাৰেনে যে যিহূদাই লিখা কিতাপখন নিৰ্ভৰশীল নোহোৱা কোনো কাল্পনিক কিতাপৰ ওপৰত আধাৰিত আছিল?

হানোকৰ ভৱিষ্যতবাণী যে বাইবলেত উল্লেখ কৰা নাই বুলি যিহূদাই কেনেকৈ জানিব পাৰিলে? তেওঁ হয়তো প্ৰাচীন কালৰ পৰা পুৰুষাণুক্ৰমে বিশ্বাস কৰি অহা এক ভৰসাযুক্ত সুত্ৰৰ পম খেদি জানিবলৈ পাৰিলে। ঠিক তেনেদৰে পাঁচনি পৌলেও যান্নি আৰু যাম্ব্ৰিয় নামৰ ব্যক্তি যি নিজৰ মায়াকৰ্ম্মৰে ফৌৰণৰ দৰবাৰত মোচিৰ বিৰুদ্ধে কাৰ্য্য কৰা বুলি কব পাৰিলে। যদি হানোকৰ কিতাপখনৰ লিখকে পৌৰাণিক সুত্ৰ ব্যৱহাৰ কৰি মান্যতা লাভ কৰিব পাৰিলে, তেনেহʼলে যিহূদাই কোৱা কথাষাৰক আমি কিয় মান্যতা নিদিম?a—যাত্ৰাপুস্তক ৭:১১, ২২; ২ তীমথিয় ৩:৮.

যিহূদাই কেনেকৈ হানোকৰ বাৰ্ত্তাৰ বিষয়ে জানিবলৈ পাৰিলে, এইটো কোনো বিস্ময়কৰ বিষয় নহয়। ই এইবাবে ভৰসাযুক্ত, কিয়নো তেওঁ ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ সেই বিষয়সমূহক দাঙি ধৰিব পাৰিলে। (২ তীমথিয় ৩:১৬) ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁক সকলো প্ৰকাৰৰ অসত্য বিষয়বোৰক উদ্ধৃত কৰাৰ পৰা আঁতৰাই ৰাখিলে।

[ফুটনোট]

a স্তিফানে দাঙি ধৰা সুচনাবোৰো বাইবেলৰ কোনো এখন কিতাপতে উল্লেখ কৰা নাই। তেওঁৰ অনুসাৰে মোচি মিচৰীয়াবিলাকৰ সকলো বিদ্যাত শিক্ষিত আছিল। ৪০ বছৰ বয়সত মিছৰৰ পৰা পলায়ন, ৪০ বছৰৰ সময় ধৰি মিদিয়নত বাস কৰে আৰু মোচিৰ নিয়মতিক স্থাপনা কৰাত স্বৰ্গীয় দূতে এক মুখ্য ভূমিকা আদায় কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৭:২২, ২৩, ৩০, ৩৮.

[৩১ পৃষ্ঠাৰ ছবি]

হানোকে সাহসেৰে যিহোৱাৰ বাৰ্ত্তা ঘোষণা কৰিছিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক