কাহিনী ১১
প্ৰথম মেঘধেনু
নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে জাহাজৰপৰা বাহিৰ হোৱাৰ পাছত, সৰ্ব্বপ্ৰথমে তেওঁলোকে কি কৰিলে তুমি জানানে? নোহে যিহোৱালৈ বলিদান আগবঢ়ালে। তেওঁ বলিদান কেনেকৈ আগবঢ়াইছে তাক বুজিবলৈ ছবিখনলৈ চোৱাচোন। জল-প্লাৱনৰ সময়ত তেওঁৰ পৰিয়ালক ৰক্ষা কৰাৰ বাবে নোহে ঈশ্বৰলৈ ধন্যবাদ জনাই এই বলিদান আগবঢ়ালে।
যিহোৱা ঈশ্বৰে নোহৰ এই বলিদানত সন্তুষ্ট হৈছিলনে? নিসন্দেহ, ঈশ্বৰে নোহৰ এই বলিদান গ্ৰহণ কৰিছিল। ঈশ্বৰে নোহক প্ৰতিজ্ঞা কৰিছিল যে তেওঁ জল-প্লাৱনৰ দ্বাৰা এই পৃথিৱীক আৰু কেতিয়াও ধ্বংস নকৰে।
চাওঁতে চাওঁতে বৰষুণৰ পানী শুকাবলৈ ধৰিলে। নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে জাহাজৰপৰা বাহিৰ হৈ এক নতুন জীৱন আৰম্ভ কৰিলে। ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে: ‘তোমালোক বহুবংশ হৈ পৃথিৱীৰ চাৰিওফালে বাঢ়ি যোৱা।’
এনে জল-প্লাৱনৰ যোগেদি আকৌ পৃথিৱী ধ্বংস হʼব বুলি লোকসকলে যাতে ভয় নকৰে, তাৰ বাবে ঈশ্বৰে এটা চিন দিলে। সেই চিন বাৰু কি আছিল তুমি জানানে? সেইয়া হৈছে এক মেঘধেনু।
বৰষুণৰ পাছত ৰʼদ দিলে পানীৰ কণিকাবিলাকত যেতিয়া সূৰ্য্যৰ পোহৰৰ প্ৰতিফলন হয়, তেতিয়া মেঘধেনু দেখিবলৈ পোৱা যায়। মেঘধেনুখন বেলেগ বেলেগ ৰঙেৰে গঠিত। তুমি কেতিয়াবা মেঘধেনু দেখিছানে? ছবিখনত থকা মেঘধেনুখনলৈ লক্ষ্য কৰাচোন।
ঈশ্বৰে তেওঁলোকক কৈছিল: ‘মই প্ৰতিজ্ঞা কৰিছোঁ যে জল-প্লাৱনৰ দ্বাৰা মই আৰু কেতিয়াও মানুহ আৰু জীৱ-জন্তুক ধ্বংস নকৰোঁ। মই মেঘত মোৰ ধেনু থৈছোঁ। যেতিয়া মেঘত ধেনু ওলাব, তেতিয়া তাক দেখি মই মোৰ প্ৰতিজ্ঞা সোঁৱৰণ কৰিম।’
কেতিয়াবা আকাশত মেঘধেনু দেখিলে তুমি কি মনত পেলোৱা উচিত? ই মনত পেলাই দিয়ে যে জল-প্লাৱনৰ দ্বাৰা ঈশ্বৰে এই পৃথিৱীখনক আৰু কেতিয়াও ধ্বংস নকৰে।
আদিপুস্তক ৮:১৮-২২; ৯:৯-১৭.