ভাগ ২
জল-প্লাৱনৰপৰা মিচৰ দেশৰপৰা মুক্তিলৈকে
জল-প্লাৱনত মাত্ৰ আঠজন লোকৰহে জীৱন ৰক্ষা পৰিল। কিন্তু লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি বাঢ়ি কেইবাহাজাৰো হʼলগৈ। জল-প্লাৱন হোৱাৰ প্ৰায় ৩৫২ বছৰৰ পাছত অব্ৰাহামৰ জন্ম হৈছিল। ঈশ্বৰে অব্ৰাহামক এটা পুত্ৰ সন্তান দিব বুলি যি প্ৰতিজ্ঞা কৰিছিল, তাৰ পূৰ্ণতাৰ বিষয়ে আমি শিকিবলৈ পাম। অব্ৰাহামে তেওঁৰ পুত্ৰৰ নাম ইচ্হাক ৰাখিলে। ইচ্হাকৰ দুটা পুত্ৰ আছিল। প্ৰথমজনৰ নাম এচৌ আৰু দ্বিতীয়জনৰ নাম যাকোব। যাকোবক ঈশ্বৰে মনোনীত কৰিছিল।
যাকোবৰ ১২জন পুত্ৰ আৰু কেইবাজনীও ছোৱালী আছিল। যাকোবৰ ১০জন পুত্ৰই সৰু ভায়েক যোচেফক ঘৃণা কৰিছিল। সেইবাবে তেওঁলোকে যোচেফক দাসৰূপে বেচি দিলে আৰু যোচেফ মিচৰ দেশ পালেহি। কিন্তু পাছলৈ মিচৰ দেশত যোচেফ এজন বিখ্যাত ব্যক্তি হৈ পৰিল। আকাল হোৱাৰ বাবে আন লোকসকলৰ লগত যোচেফৰ ককায়েকহঁতেও শস্য নিবলৈ মিচৰলৈ আহিছিল। যোচেফে নিজৰ ককায়েকহঁতক চিনি পালে আৰু প্ৰকৃততে তেওঁলোক পৰিৱৰ্তন হৈছে নে নাই তাক পৰীক্ষা কৰিলে। ইয়াৰ পাছত যাকোবৰ গোটেই পৰিয়াল অৰ্থাৎ ইস্ৰায়েলীসকলে মিচৰত প্ৰৱেশ কৰিলে। এই ঘটনাবোৰ অব্ৰাহামৰ জন্মৰ ২৯০ বছৰৰ পাছত ঘটিছিল।
ইস্ৰায়েলীসকলে প্ৰায় ২১৫ বছৰ মিচৰত বাস কৰিছিল। যোচেফৰ মৃত্যুৰ পাছত তেওঁলোক মিচৰত দাস হৈ পৰিল। সেইসময়ত মোচিৰ জন্ম হয়। ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰপৰা মুক্ত কৰিবলৈ ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰিলে। দ্বিতীয় ভাগত ইস্ৰায়েলীসকলৰ ৮৫৭ বছৰৰ ইতিহাস পোৱা যায়।