পাঠ ১৫
যিহোৱাই যোচেফক পাহৰা নাছিল
যেতিয়া যোচেফ জেলত আছিল, তেতিয়া মিচৰৰ ৰজা ফৰৌণে এনে এটা সপোন দেখিলে, যাৰ অৰ্থ কোনেও বুজাব নোৱাৰিলে। ফৰৌণৰ এজন সেৱকে তেওঁক জনালে যে যোচেফে তেওঁৰ সপোনৰ অৰ্থ কʼব পাৰিব। ফৰৌণে লগে লগে যোচেফক মাতিবলৈ কʼলে।
ফৰৌণে যোচেফক সুধিলে, ‘তুমি মোৰ সপোনৰ অৰ্থ জনাব পাৰিবা নে?’ যোচেফে ফৰৌণৰ সপোনৰ অৰ্থ এইদৰে কʼলে, ‘মিচৰত সাত বছৰ ধৰি বহুত বেছি শস্য হʼব আৰু তাৰ পাছত সাত বছৰলৈকে আকাল হʼব। সেইবাবে, কোনো বুদ্ধিমান মানুহক বাছনি কৰক যাতে তেওঁ শস্য জমা কৰিব পাৰে আৰু আপোনাৰ লোকসকলে যেন ভোকত মৰিবলগীয়া নহয়।’ ফৰৌণে কʼলে, ‘মই তোমাকে বাছনি কৰিছোঁ! তুমি মোৰ পাছত মিচৰৰ সকলোতকৈ শক্তিশালী মানুহ হʼবা!’ যোচেফে ফৰৌণৰ সপোনৰ অৰ্থ কেনেকৈ জানিব পাৰিলে? যিহোৱাই তেওঁক সহায় কৰিলে।
সাত বছৰলৈকে যোচেফে শস্য জমা কৰি থাকিল। ইয়াৰ পাছত যোচেফে কোৱাৰ দৰে গোটেই পৃথিৱীত আকাল হʼল। সকলো ঠাইৰ পৰা লোকসকলে শস্য কিনিবলৈ যোচেফৰ ওচৰলৈ আহিবলৈ ধৰিলে। তেওঁৰ দেউতা যাকোবেও শুনিলে যে মিচৰত শস্য পোৱা গৈছে। সেইবাবে, তেওঁ নিজৰ লʼৰাবিলাকৰ মাজৰ দহজনক তালৈ শস্য কিনিবলৈ পঠালে।
যাকোবৰ লʼৰাবিলাক যেতিয়া যোচেফৰ ওচৰলৈ আহিলে, তেতিয়া যোচেফে তেওঁলোকক লগে লগে চিনি পালে। কিন্তু তেওঁৰ দাদাহঁতে যোচেফক চিনি নাপালে। যোচেফে সপোনত দেখাৰ দৰে তেওঁলোকে যোচেফক মূৰ দোৱাই প্ৰণাম কৰিলে। তেওঁৰ দাদাহঁতৰ মনত এতিয়াও ঘৃণাভাৱ আছে নে নাই যোচেফে জানিব বিচাৰিছিল। সেইবাবে, যোচেফে তেওঁলোকক কʼলে, ‘তোমালোক চোৰাংচোৱা হোৱা, তোমালোকে আমাৰ দেশৰ দুৰ্বলতাৰ বিষয়ে জানিবলৈ আহিছা।’ তেওঁলোকে কʼলে, ‘নহয়! আমি কনানৰ পৰা আহিছোঁ। আমি ১২ জন ভাই-ককাই আছোঁ। আমাৰ মাজৰ এজন ভাই নাই আৰু সকলোতকৈ সৰু ভাইজন দেউতাৰ লগত আছে।’ তেতিয়া যোচেফে তেওঁলোকক কʼলে, ‘তোমালোকে সকলোতকৈ সৰু ভাইজনক মোৰ ওচৰলৈ আনা, তেতিয়াহে মই তোমালোকৰ কথা বিশ্বাস কৰিম।’ তেতিয়া তেওঁলোকে দেউতাকৰ ওচৰলৈ উভতি গʼল।
যাকোবৰ ঘৰত যেতিয়া শস্য শেষ হৈ গʼল, তেতিয়া তেওঁ তেওঁৰ লʼৰাবিলাকক আকৌ মিচৰলৈ পঠিয়ালে। এইবাৰ তেওঁলোকে নিজৰ লগত সকলোতকৈ সৰু ভাই বিন্যামীনক লৈ গʼল। যোচেফে তেওঁলোকৰ পৰীক্ষা কৰিব বিচাৰিছিল, সেইবাবে নিজৰ ৰূপৰ পিয়লা বিন্যামীনৰ বেগত ভৰাই দিলে। তাৰ পাছত তেওঁলোকৰ ওপৰত চোৰ কৰাৰ বদনাম লগালে। যোচেফৰ সেৱকসকলে যেতিয়া বিন্যামীনৰ বেগত পিয়লাটো বিচাৰি পালে, তেতিয়া তেওঁৰ দাদাবিলাকে আচৰিত হʼল। বিন্যামীনৰ সলনি তেওঁলোকক শাস্তি দিবলৈ তেওঁৰ দাদাবিলাকে যোচেফক অনুৰোধ কৰিবলৈ ধৰিলে।
যোচেফে গʼম পালে যে তেওঁৰ দাদাহঁতে সলনি হʼল। তেতিয়া যোচেফে নিজকে ৰখাব নোৱাৰিলে আৰু কান্দিবলৈ ধৰিলে। যোচেফে তেওঁলোকক কʼলে, ‘মই তোমালোকৰ ভাই যোচেফ হওঁ। মোৰ দেউতা জীয়াই আছে নে?’ তেওঁৰ দাদাহঁতে আচৰিত হʼল। তাৰ পাছত যোচেফে তেওঁলোকক কʼলে, ‘তোমালোকে মোৰ লগত যি কৰিলা, তাৰ কাৰণে তোমালোকে দুখ নকৰিবা। কিয়নো ঈশ্বৰে তোমালোক সকলোৰে জীৱন বচাবলৈ মোক ইয়ালৈ পঠাইছে। এতিয়া সোনকালে যোৱা আৰু মোৰ দেউতাক ইয়ালৈ লৈ আনা।’
তাৰ পাছত তেওঁলোকে ঘৰলৈ উভতি গʼল যাতে তেওঁলোকে এই আনন্দৰ খবৰ দেউতাকক দিব পাৰে আৰু তেওঁক মিচৰলৈ লৈ আনিব পাৰে। বহু বছৰৰ পাছত যোচেফ আৰু তেওঁৰ দেউতাক আকৌ এবাৰ একলগ হʼল।
“কিন্তু তোমালোকে যদি আনৰ অপৰাধ ক্ষমা নকৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়েও তোমালোকক ক্ষমা নকৰিব।”—মথি ৬:১৫