পাঠ ১৪
এজন দাসে ঈশ্বৰৰ কথা শুনিলে
যোচেফ, যাকোবৰ লʼৰাবিলাকৰ মাজৰ এজন আছিল। তাৰ দাদাহঁতে দেখিলে যে যাকোবে যোচেফক বেছি মৰম কৰে। এয়া দেখি তাৰ দাদাহঁতৰ কেনেকুৱা লাগিল? সিহঁতে যোচেফক হিংসা আৰু ঘৃণা কৰিবলৈ ধৰিলে। এদিনাখন যোচেফে এটা আচৰিত ধৰণৰ সপোন দেখিলে আৰু সেই সপোনৰ বিষয়ে নিজৰ দাদাহঁতক কʼলে। সেই সপোনৰ অৰ্থ আছিল যে এদিন দাদাহঁতে যোচেফৰ আগত মূৰ দোৱাব। সেইবাবে, সিহঁতে যোচেফক আৰু বেছিকৈ ঘৃণা কৰিবলৈ ধৰিলে!
এদিনাখন যোচেফৰ দাদাহঁতে চিখিম নামৰ চহৰৰ ওচৰত ভেড়া চৰাই আছিল। দাদাহঁতে ভালে আছে নে নাই, সেয়া চাবলৈ যাকোবে যোচেফক পঠিয়ালে। তেওঁলোকে দূৰৰ পৰা যোচেফক দেখি এজনে-আনজনক এইদৰে কʼবলৈ ধৰিলে, ‘সৌৱা চোৱা! সপোন দেখাজন আহি আছে! বʼলা তাক মাৰি পেলাওঁ।’ সিহঁতে তাক ধৰি এটা ডাঙৰ গাঁতত পেলাই দিলে। কিন্তু সিহঁতৰ মাজৰ এজন দাদা যিহূদাই কʼলে, ‘ইয়াক নামাৰিবা, ইয়াক আমি দাস হিচাপে বিক্ৰী কৰি দিম।’ সেইবাবে, সিহঁতে ২০ টা ৰূপৰ মুদ্ৰাত মিদিয়নীয়াৰ হাতত বেচি দিলে। মিদিয়নীয়াবিলাক মিচৰলৈ গৈ আছিল।
তাৰ পাছত যোচেফৰ দাদাহঁতে যোচেফৰ চোলাটো ছাগলীৰ তেজত ডুবালে আৰু দেউতাকৰ ওচৰলৈ পঠিয়াই দিলে। সিহঁতে তেওঁলৈ এই খবৰো পঠিয়ালে, ‘চাওকচোন, এই চোলাটো আপোনাৰ লʼৰাজনৰতো নহয়?’ যাকোবে ভাবিলে যে যোচেফক কোনো বনৰীয়া জন্তুৱে মাৰি পেলালে। তেওঁ বহুত দুখ কৰিলে আৰু তেওঁৰ দুখ কোনেও কম কৰিব নোৱাৰিলে।
মিচৰ দেশত যোচেফক এজন ডাঙৰ অধিকাৰীৰ হাতত বিক্ৰী কৰা হʼল। সেই অধিকাৰীজনৰ নাম আছিল পোটীফৰ আৰু যোচেফ তেওঁৰ দাস হৈ পৰিল। কিন্তু যিহোৱা তেওঁৰ লগত আছিল। পোটীফৰে দেখিলে যে যোচেফে নিজৰ সকলো কাম ভালদৰে কৰে আৰু তেওঁৰ ওপৰত ভৰসা কৰিব পাৰি। সেইবাবে, কিছু সময়ৰ ভিতৰতে পোটীফৰে নিজৰ সকলো বস্তুৰ চোৱা-চিতা কৰিবলৈ তেওঁক দায়িত্ব দিলে।
পোটীফৰৰ পত্নীয়ে দেখিলে যে যোচেফ দেখাত ধুনীয়া আৰু শক্তিশালী হয়। সেইবাবে, তাই যোচেফক প্ৰতিদিনে তাইৰ লগত শুবলৈ কৈছিল। কিন্তু যোচেফে কি কৰিছিল? যোচেফে মানা কৰিছিল আৰু এইদৰে কৈছিল, ‘নহয়! এইদৰে কৰাটো ভুল হʼব, মালিকে মোৰ ওপৰত বহুত ভৰসা কৰে আৰু আপুনি তেওঁৰ পত্নী হয়। যদি মই আপোনাৰ লগত শুম, তেনেহʼলে এয়া ঈশ্বৰৰ বিৰুদ্ধে পাপ হʼব!’
এদিনাখন পোটীফৰৰ পত্নীয়ে যোচেফক তাইৰ লগত শুবলৈ জোৰ-জবৰদস্তি কৰিলে আৰু তাই যোচেফৰ কাপোৰখন টানি ধৰিলে, কিন্তু যোচেফ তাৰ পৰা পলাই গʼল। যেতিয়া পোটীফৰ ঘৰলৈ আহিল, তেতিয়া তেওঁৰ পত্নীয়ে মিছা কথা কʼলে যে যোচেফে তাইৰ লগত জোৰ-জবৰদস্তি শুবলৈ চেষ্টা কৰিছিল। এই কথাত পোটীফৰৰ বহুত খং উঠিল। সেইবাবে, তেওঁ যোচেফক জেলত সুমিয়াই দিলে। কিন্তু যিহোৱাই যোচেফক পাহৰি যোৱা নাছিল।
“ঈশ্বৰৰ শক্তিশালী হাতৰ অধীনত নিজকে নম্ৰ কৰা যাতে তেওঁ সঠিক সময়ত তোমালোকক ওখ কৰে।”—১ পিতৰ ৫:৬