ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ২১
  • যোচেফৰ ওপৰত ককায়েকহঁতৰ খং

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোচেফৰ ওপৰত ককায়েকহঁতৰ খং
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • এজন দাসে ঈশ্বৰৰ কথা শুনিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাই যোচেফক পাহৰা নাছিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • মিচৰত যাকোবৰ পৰিয়ালৰ প্ৰৱেশ
    বাইবেলৰ কাহিনী
  • যিহোৱাই আপোনাক সফলতা দি আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
বাইবেলৰ কাহিনী
my কাহিনী ২১
ককায়েকহঁতে যোচফক এজন দাস হিচাপে বিক্ৰী কৰিছ

কাহিনী ২১

যোচেফৰ ওপৰত ককায়েকহঁতৰ খং

দুখ আৰু বেদনাত থকা লʼৰাজনলৈ লক্ষ্য কৰাচোন। তেওঁৰ নাম হৈছে যোচেফ। মিচৰ দেশলৈ গৈ থকা এই লোকসকলৰ হাতত ককায়েকহঁতে যোচেফক বেচিলে। তাত যোচেফ কাৰোবাৰ ঘৰত দাস হৈ থাকিব। যোচেফৰ ককায়েকহঁতে এনে বেয়া কাম কিয় কৰিলে বাৰু? কিয়নো তেওঁলোকে যোচেফক ঈৰ্ষা কৰিছিল।

যাকোবে যোচেফক বৰ মৰম কৰিছিল আৰু তেওঁক এটা ধুনীয়া দীঘল চোলা দিছিল। দেউতাকে যোচেফক ভাল পোৱাৰ বাবে ককায়েকহঁতে যোচেফক ঈৰ্ষা আৰু ঘৃণা কৰিবলৈ ধৰিলে। ককায়েকহঁতে যোচেফক ঘৃণা কৰাৰ প্ৰকৃততে এয়াই একমাত্ৰ কাৰণ নাছিল।

যোচেফে দুটা সপোন দেখিছিল। দুয়োটা সপোনত ককায়েকহঁতে তেওঁক প্ৰণিপাত কৰা দেখা পাইছিল। যেতিয়া এই সপোনৰ কথা যোচেফে নিজৰ ককায়েকহঁতৰ আগত বৰ্ণনা কৰিলে, তেতিয়া যোচেফৰ প্ৰতি তেওঁলোকৰ ঘৃণা আৰু বেছি হʼবলৈ ধৰিলে।

এদিনাখনৰ কথা। যোচেফৰ ককায়েকহঁতে জীৱ-জন্তুবোৰ চৰাবলৈ যোৱাত, যাকোবে তেওঁলোকৰ বিষয়ে খবৰ লʼবলৈ যোচেফক পঠিয়ালে। যোচেফক তেওঁলোকৰ ওচৰলৈ আহি থকা দেখি ককায়েকহঁতৰ মাজৰে কেইজনমানে কʼলে: ‘আহাঁ, আমি তাক বধ কৰোঁ।’ কিন্তু ডাঙৰ ককায়েক ৰূবেণে কʼলে: ‘নহয়, তাক বধ নকৰিবা।’ হত্যা কৰাৰ পৰিৱৰ্তে তেওঁলোকে যোচেফক গাঁত এটাত পেলাই দিলে আৰু যোচেফক এতিয়া কি কৰিব তাৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে।

ইমায়েলীয়াহঁতৰপৰা যোচফৰ ককায়েকহঁতে ৰূপৰ মুদা লৈছ

সেইসময়ত যোচেফৰ ককা­য়েকহঁতে কিছুমান ইশ্মায়েলীয়া লোকক আহি থকা দেখিবলৈ পালে। যিহূদাই কʼলে: ‘আহাঁ, আমি তাক এই ইশ্মায়েলীয়া­হঁতক বেচোঁহঁক।’ কথা মতেই কাম। তেওঁলোকে বিশটা ৰূপৰ মুদ্ৰা লৈ যোচেফক ইশ্মায়েলীয়াহঁতৰ হাতত বেচিলে। নিজৰ ভায়েকক আনৰ হাতত বেচি তেওঁলোকে বেয়া কাম কৰা নাইনে?

যোচেফৰ ককায়েকহঁতে দেউতাকক কি কʼব? তেওঁলোকে এটা ছাগলী বধ কৰি সেই তেজত যোচেফৰ সুন্দৰ চোলাটো জুবুৰিয়ালে। তেজত ৰাঙলী হোৱা এই চোলাটো লগত লৈ তেওঁলোকে ঘৰলৈ উভতিল আৰু দেউতাকক চোলাটো দেখুৱাই কʼলে: ‘আমি এইটো পালো। এয়া যোচেফৰ চোলা হয় নে নহয়, তাক চোৱাচোন।’

যাকোবৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এইটো কাৰ চোলা। যাকোবে কান্দি কান্দি কʼলে: ‘নিশ্চয় কিবা বনৰীয়া জন্তুৱে তাক খালে।’ যোচেফৰ ককায়েকহঁতে ইয়াকে বিচাৰিছিল। নিজ পুত্ৰৰ মৃত্যু হোৱা বুলি ভাবি যাকোবে বৰ দুখ কৰিলে আৰু বহুত দিনলৈকে বেজাৰ কৰি আছিল। কিন্তু প্ৰকৃততে যোচেফৰ মৃত্যু হোৱা নাছিল। যোচেফৰ কি হʼল? তাক কʼলৈ লৈ যোৱা হʼল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

আদিপুস্তক ৩৭:১-৩৫.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক