কাহিনী ২৫
মিচৰত যাকোবৰ পৰিয়ালৰ প্ৰৱেশ
যোচেফে আৰু নিজৰ পৰিচয় নিদিয়াকৈ থাকিব নোৱাৰিলে। দাসবিলাকক কোঠাৰপৰা বাহিৰলৈ ওলাই যাবলৈ যোচেফে আদেশ দিলে। তেওঁলোক ওলাই যোৱাৰ পাছত, যোচেফে ককায়েকহঁতৰ আগত চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। হঠাতে যোচেফে এইদৰে কন্দা দেখি ককায়েকহঁত আচৰিত হʼল। নিজৰ পৰিচয় দি যোচেফে তেওঁলোকক কʼলে: ‘মই যোচেফ। মোৰ পিতৃ এতিয়াও জীয়াই আছেনে?’
ককায়েকহঁতে ইমানেই আচৰিত হʼল যে তেওঁলোকে কথা কʼব নোৱৰা হʼল। তেওঁলোকে ভয়ত পেপুৱা লাগিল। কিন্তু যোচেফে তেওঁলোকক কʼলে: ‘মোৰ ওচৰলৈ চাপি আহাঁ।’ তেওঁলোকে ওচৰলৈ চাপি অহাত যোচেফে কʼলে: ‘তোমালোকে যাক মিচৰ দেশলৈ বেচি পঠাইছিলা, সেই যোচেফ ময়েই।’
যোচেফে তেওঁলোকক কʼলে: ‘তোমালোকে যে মোক ইয়ালৈ বেচি পঠালা, তাৰ বাবে এতিয়া বেজাৰ নকৰিবা। কিয়নো প্ৰাণ ৰাখিবৰ অৰ্থেহে ঈশ্বৰে মোক আগেয়ে পঠালে। ফৰৌণে মোক গোটেই মিচৰ দেশৰ ওপৰত অধিকাৰী পাতিছে। গতিকে পলম নকৰাকৈ পিতৃৰ ওচৰলৈ যোৱা আৰু তেওঁক মোৰ ইয়ালৈ লৈ আহাঁ।’
যোচেফে ককায়েকহঁতক সাবটি ধৰি চুমা খাবলৈ ধৰিলে। যোচেফৰ ককায়েকহঁত অহাৰ খবৰ পাই ফৰৌণে যোচেফক কʼলে: ‘তোমাৰ দেউতা আৰু পৰিয়ালৰ আন সদস্যসকলক আনিবলৈ মিচৰ দেশৰপৰা ৰথ লৈ যোৱা আৰু তেওঁলোকক ইয়ালৈ লৈ আহাঁ। মই তেওঁলোকক গোটেই মিচৰ দেশৰ ভিতৰত ভাল ঠাই দিম।’
গোটেই পৰিয়ালৰ লোকসকলৰ সৈতে যাকোবে মিচৰত প্ৰৱেশ কৰিলে। ছবিখনত দেখুৱাৰ দৰে নিজৰ দেউতাকৰ লগত যোচেফৰ মিলন হয়।
এতিয়া যাকোবৰ পৰিয়ালো ডাঙৰ হʼল। মিচৰ দেশত প্ৰৱেশ কৰাৰ সময়ত যাকোবৰ লʼৰা-ছোৱালী আৰু নাতি-নাতিনীৰে পৰিয়ালত ৭০জন সদস্য আছিল। ইয়াৰ উপৰিও যাকোবৰ লʼৰাকেইজনৰ পত্নী আৰু বহুতো দাস-দাসীও আছিল। তেওঁলোক সকলোৱে মিচৰত থাকিবলৈ লʼলে। ঈশ্বৰে যাকোবৰ নাম ইস্ৰায়েল ৰাখিলে আৰু সেইবাবে এই লোকসকলক ইস্ৰায়েলী বুলি কোৱা হয়। আগলৈ আমি দেখিবলৈ পাম যে কেনেকৈ এই লোকসকল ঈশ্বৰৰ বৰ প্ৰিয় হৈ পৰিল।
আদিপুস্তক ৪৫:১-২৮; ৪৬:১-২৭.