ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ২২
  • বন্দীশালত যোচেফ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বন্দীশালত যোচেফ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • এজন দাসে ঈশ্বৰৰ কথা শুনিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাই আপোনাক সফলতা দি আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱাই যোচেফক পাহৰা নাছিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • যোচেফৰ ওপৰত ককায়েকহঁতৰ খং
    বাইবেলৰ কাহিনী
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ২২
বন্দীশালত যোচফ

কাহিনী ২২

বন্দীশালত যোচেফ

মিচৰলৈ বন্দী কৰি লৈ যোৱাৰ সময়ত যোচেফৰ বয়স মাত্ৰ ১৭ বছৰ হৈছিল। পোটীফৰ নামৰ এজন ব্যক্তিৰ ওচৰত যোচেফক বেচা হʼল। এই ব্যক্তিজনে ফৰৌণ অৰ্থাৎ মিচৰৰ ৰজাৰ অধীনত কাম কৰে।

যোচেফে পোটীফৰৰ ঘৰত কঠিন পৰিশ্ৰম কৰিবলৈ ধৰে। সেইবাবে পোটীফৰে যোচেফক নিজ ঘৰৰ অধ্যক্ষ পাতিলে। কিন্তু ছবিখনত দেখুৱাৰ দৰে যোচেফ বন্দীশালত কিয় থাকিবলগীয়া হৈছে? ইয়াৰ কাৰণ হৈছে পোটীফৰৰ পত্নী।

ডাঙৰ হোৱাৰ লগে লগে যোচেফ এক সুন্দৰ দেহৰ গৰাকী হʼল। দেখিবলৈ সুন্দৰ হোৱাৰ বাবে পোটীফৰৰ পত্নীয়ে যোচেফৰ লগত শয়ন কৰিব বিচাৰিলে। এয়া ভুল কাম বুলি যোচেফে জানিছিল আৰু সেইবাবে তেওঁ এই বেয়া কামত জড়িত হোৱা নাছিল। ইয়াৰ বাবে পোটীফৰৰ পত্নীৰ বৰ খং উঠিল। পোটীফৰে ঘৰলৈ অহাত তাই কʼলে: ‘দুষ্ট যোচেফে মোৰ লগত শুবলৈ বিচাৰিছিল।’ পোটীফৰে নিজৰ পত্নীৰ কথা বিশ্বাস কৰিলে। খঙত তেওঁ যোচেফক বন্দীশালত ৰাখিলে।

বন্দীশালৰ অধ্যক্ষই লক্ষ্য কৰিলে যে যোচেফ এজন ভাল মানুহ হয়। সেইবাবে তেওঁ যোচেফক বন্দীশালত থকা আন কয়দীবোৰক চোৱা-চিতা কৰিবলৈ দিলে। কিবা কাৰণত ফৰৌণৰ পান-পাত্ৰ ধৰোঁতা আৰু ৰান্ধনিৰ ওপৰত তেওঁৰ খং উঠিল। ফৰৌণে তেওঁলোকক এই বন্দীশালতে ৰাখিলে। এদিন ৰাতি পান-পাত্ৰ ধৰোঁতা আৰু ৰান্ধনিয়ে একোটাকৈ বিশেষ সপোন দেখে। কিন্তু তেওঁলোকে এই সপোনবোৰৰ অৰ্থ বুজি নাপালে। দ্বিতীয়দিনা যোচেফে তেওঁলোকক কʼলে: ‘তোমালোকে সপোনত কি দেখিলা তাক মোক কোৱা।’ তেওঁলোকে সপোনৰ কথা বৰ্ণনা কৰিলে। যোচেফে ঈশ্বৰৰ সহায়ত তেওঁলোকক সপোনৰ অৰ্থ বুজাই দিলে।

পান-পাত্ৰ ধৰোঁতাজনক যোচেফে কʼলে: ‘তিনিদিনৰ ভিতৰত আপুনি বন্দীশালৰপৰা মুকলি হʼব আৰু ফৰৌনে আপোনাক পুনৰ সেই বাবত নিযুক্ত কৰিব। কিন্তু যেতিয়া আপোনাৰ মঙ্গল হʼব, তেতিয়া মোক সোঁৱৰিব। অনুগ্ৰহ কৰি ফৰৌণৰ আগত মোৰ কথা জনাব আৰু মোক বন্দীশালৰপৰা উলিয়াই নিয়াব।’ কিন্তু ৰান্ধনিজনক যোচেফে কʼলে: ‘তিনিদিনৰ ভিতৰত ফৰৌণে আপোনাক কাঠ এডালত আৰিব।’

যোচেফে কোৱাৰ দৰে তিনিদিনৰ ভিতৰত সকলো ঘটিল। ফৰৌণে ৰান্ধনিজনক কাঠ এডালত আৰিলে। পান-পাত্ৰ ধৰোঁতাজন বন্দীশালৰপৰা মুকলি হʼল আৰু আগৰ দৰে ফৰৌণক পান-পাত্ৰ দিয়া কাৰ্য্যত নিযুক্ত হʼল। কিন্তু পান-পাত্ৰ ধৰোঁতাজনে যোচেফৰ কথা পাহৰি গʼল। ফৰৌণক তেওঁ যোচেফৰ কথা একেবাৰে নকʼলে আৰু সেইবাবে যোচেফে বন্দীশালতে থাকিল।

আদিপুস্তক ৩৯:১-২৩; ৪০:১-২৩.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক