অধ্যায় ৫
অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালক ঈশ্বৰে আশীৰ্ব্বাদ কৰিলে
অব্ৰাহামৰ বংশধৰসকলে সমৃদ্ধিশালী হʼবলৈ ধৰিলে। মিচৰ দেশত ঈশ্বৰে যোচেফক ৰক্ষা কৰে
যিহোৱা ঈশ্বৰে জানিছিল যে তেওঁৰ একমাত্ৰ মৰমিয়াল পুত্ৰই এদিনাখন যাতনা ভোগ কৰি মৃত্যুবৰণ কৰিব। আদিপুস্তক ৩:১৫ পদত বৰ্ণনা কৰা ভৱিষ্যতবাণীয়ে ইয়াৰ এক ইঙ্গিত দিয়ে। নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰৰ বলিদান যে কিমান দুখজনক, ইয়াৰ বিষয়ে ঈশ্বৰে মানৱ জাতিক জনাবনে? বাইবেলে ইয়াৰ বিষয়ে এক জ্বলন্ত উদাহৰণ আগবঢ়ায়। সেই উদাহৰণ হৈছে, অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইচ্হাকৰ। অব্ৰাহামক তেওঁৰ অতি মৰমিয়াল পুত্ৰ ইচ্হাকক বলিদান কৰিবলৈ ঈশ্বৰে আজ্ঞা দিছিল।
ঈশ্বৰৰ প্ৰতি অব্ৰাহামৰ গভীৰ বিশ্বাস আছিল। আমাৰ নিশ্চয় মনত আছে যে ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল যে উদ্ধাৰকৰ্ত্তা বা বংশ তেওঁৰ পুত্ৰ ইচ্হাকৰ ফালৰপৰা আহিব। অব্ৰাহামে বিশ্বাস কৰিছিল যে তেওঁৰ পুত্ৰ ইচ্হাকৰ যদিও মৃত্যু হয়, ঈশ্বৰে তেওঁক পুনৰ জীৱিত কৰিব পাৰে আৰু সেইবাবে তেওঁ নিজৰ পুত্ৰক বলিদান কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু উচিত সময়ত এটা স্বৰ্গদূতে অব্ৰাহামক এনে কৰিবলৈ বাধা দিলে। অব্ৰাহামে স্ব-ইচ্ছাৰে নিজৰ একমাত্ৰ পুত্ৰক বলিদান কৰিবলৈ আগবাঢ়ি অহাৰ বাবে, ঈশ্বৰে তেওঁক প্ৰশংসা কৰিলে আৰু তেওঁলৈ কৰা প্ৰতিজ্ঞাক আকৌ এবাৰ দোহৰালে।
পাছলৈ ইচ্হাকৰ দুটা পুত্ৰ সন্তানৰ জন্ম হয় আৰু তেওঁলোকৰ নাম এচৌ আৰু যাকোব ৰখা হʼল। যাকোবে আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাৰ বাবে ঈশ্বৰে তেওঁক আশীৰ্ব্বাদ কৰিছিল, কিন্তু এচৌ ইয়াৰ সম্পূৰ্ণ বিপৰীত আছিল। ঈশ্বৰে যাকোবৰ নাম বদলি কৰি ইস্ৰায়েল ৰাখিছিল। যাকোব অৰ্থাৎ ইস্ৰায়েলৰ ১২ জন লʼৰা আছিল আৰু পাছলৈ তেওঁলোক ইস্ৰায়েলৰ বাৰ ফৈদৰ প্ৰমুখ্য লোক হৈ পৰিল। কিন্তু এতিয়া প্ৰশ্ন হʼব পাৰে যে কেনেকৈ এই পৰিয়ালটো এটা ডাঙৰ ৰাষ্ট্ৰ হʼল?
একাদিক্ৰমে কিছুমান ঘটনা ঘটিবলৈ ধৰিলে। ইস্ৰায়েলৰ ১২ জন লʼৰাৰ ভিতৰত যোচেফ আছিল কনিষ্ঠ পুত্ৰ, কিন্তু তেওঁক ককাইকহঁতে ঈৰ্ষা কৰিছিল। সেইবাবে তেওঁলোকে যোচেফক এটা দাস হিচাবে বিক্ৰী কৰিলে আৰু তেওঁক মিচৰলৈ লৈ অহা হয়। এই বিশ্বাসী আৰু সাহসী ডেকা লʼৰাজনক ঈশ্বৰে আশীৰ্ব্বাদ কৰিলে। বহুতো সমস্যাৰ সন্মুখীন হোৱাৰ পাছত যোচেফ, মিচৰৰ শাসক ফৰৌণৰ চকুত পৰিল আৰু তেওঁ যোচেফক এক উচ্চ পদ দিলে। সেইয়া এক উচিত সময় আছিল, কিয়নো সেই সময়ত পৃথিৱীত এক বৰ আকালে দেখা দিলে। যাকোবে তেওঁৰ কেইজনমান পুত্ৰক খাদ্যশস্য আনিবলৈ মিচৰলৈ পঠিয়ালে। মিচৰত এই খাদ্যশস্যবোৰ কোনে চোৱা-চিতা কৰিছিল? যোচেফে এইবোৰ চোৱা-চিতা কৰিছিল আৰু তেওঁ ইয়াৰ গৰাকী আছিল। এক নাটকীয়ৰূপত যোচেফ আৰু তেওঁৰ ককায়েকহঁতৰ মিলন হয়। যোচেফে ককায়েকহঁতৰ ভুল ক্ষমা কৰিলে আৰু পৰিয়ালৰ বাকী লোকসকলক মিচৰলৈ অনাৰ ব্যৱস্থা কৰে। যোচেফৰ পৰিয়ালৰ লোকসকলক সেই দেশৰ আটাইতকৈ উৎকৃষ্ট মাটি দিয়া হয় আৰু তাত তেওঁলোকে দিনক দিনে সমৃদ্ধিশালী হʼবলৈ ধৰিলে। যোচেফে বুজি পাইছিল যে ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ এনে ব্যৱস্থা কৰিছে।
বৃদ্ধ যাকোবে পৰিয়ালৰ লোকসকলৰ লগত জীৱনৰ বাকীছোৱা সময় মিচৰত কটাইছিল। মৃত্যুশয্যাত যাকোবে ভৱিষ্যতবাণী কৰিছিল যে প্ৰতিজ্ঞা কৰা বংশ বা উদ্ধাৰকৰ্ত্তা তেওঁৰ পুত্ৰ যিহূদাৰ পৰিয়ালৰপৰা আহিব। মৃত্যুৰ আগত যোচেফে নিজেও উল্লেখ কৰিছিল যে ঈশ্বৰে যাকোবৰ পৰিয়ালৰ লোকসকলক মিচৰৰপৰা এদিনাখন উলিয়াই লৈ যাব।
—এই অংশ আদিপুস্তক ২০ পৰা ৫০ অধ্যায় আৰু ইব্ৰী ১১:১৭-২২ পদৰ আধাৰত।