ভাগ ৪
ইস্ৰায়েলৰ প্ৰথম ৰজাৰপৰা বাবিলত বন্দী হোৱালৈকে
ইস্ৰায়েলৰ প্ৰথম ৰজা চৌল আছিল। কিন্তু যিহোৱা ঈশ্বৰে চৌলক ত্যাগ কৰিলে আৰু তেওঁৰ ঠাইত দায়ূদক ৰজা হিচাপে নিৰ্ব্বাচন কৰিলে। দায়ূদৰ বিষয়ে আমি বহুতো কথা শিকিবলৈ পাম। ডেকা কালত দায়ূদে গলিয়াথ নামৰ এজন বীৰ পুৰুষৰ লগত যুদ্ধ কৰিছিল। ৰজা চৌলে দায়ূদক ঈৰ্ষা কৰিছিল আৰু সেইবাবে দায়ূদ তেওঁৰ ওচৰৰপৰা পলাবলগীয়া হৈছিল। দায়ূদে এজন মানুহক বধ কৰিবলৈ যাওঁতে অবীগল নামৰ তিৰোতা এগৰাকীয়ে তেওঁক বাধা দিছিল।
দায়ূদৰ পাছত চলোমন ইস্ৰায়েলৰ ৰজা হয় আৰু তেওঁৰ বিষয়ে আমি পাছলৈ আৰু শিকিবলৈ পাম। ইস্ৰায়েলৰ প্ৰথম তিনিজন ৰজাই ৪০ বছৰকৈ শাসন কৰিছিল। চলোমনৰ মৃত্যুৰ পাছত ইস্ৰায়েল দুটা ভাগত বিভক্ত হয়। এটা ভাগক উত্তৰ ৰাজ্য আৰু আনটো ভাগক দক্ষিণ ৰাজ্য বুলি কোৱা হয়।
উত্তৰত থকা ১০ গোত্ৰৰ ৰাজ্যই ২৫৭ বছৰলৈকে টিকি আছিল। এই ৰাজ্যক অচূৰীয়াবিলাকে ধ্বংস কৰে। উত্তৰ ৰাজ্যৰ ধ্বংসৰ ১৩৩ বছৰৰ পাছত, দক্ষিণত থকা ২ গোত্ৰৰ ৰাজ্যক বাবিলীয়াসকলে ধ্বংস কৰে। তেওঁলোকে ইস্ৰায়েলী লোকসকলক বাবিললৈ বন্দী কৰি লৈ যায়। এই চতুৰ্থ ভাগত প্ৰায় ৫১০ বছৰজোৰা ইতিহাস বৰ্ণনা আছে। এই সময়ছোৱাত বহুতো লেখত লʼবলগীয়া ঘটনা ঘটিছিল।