পাঠ ৪১
দায়ূদ আৰু চৌল
যেতিয়া দায়ূদে গলিয়াথক মাৰি পেলালে, তেতিয়া চৌলে তেওঁক নিজৰ সেনাপতি বনালে। দায়ূদে বহুতো যুদ্ধত জিকিলে আৰু তেওঁ বহুত বিখ্যাত হৈ গʼল। যেতিয়াই তেওঁ যুদ্ধত জিকি ঘৰলৈ উভতি আহিছিল, তেতিয়াই তিৰোতাসকলে আনন্দত নাচিছিল আৰু তেওঁলোকে এইদৰে গীত গাইছিল, ‘চৌলে মাৰিলে হাজাৰ হাজাৰ লোকক, দায়ূদে মাৰিলে লাখ লাখ লোকক।’ সেইবাবে, চৌলে দায়ূদক ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু তেওঁক মাৰি পেলাবলৈ বিচাৰিলে।
দায়ূদে বীণা ভালদৰে বজাইছিল। এদিনাখন যেতিয়া তেওঁ চৌলৰ কাৰণে বীণা বজাই আছিল, তেতিয়া চৌলে নিজৰ বৰছাডাল জোৰকৈ দায়ূদলৈ মাৰি পঠিয়ালে। দায়ূদে লগে লগে আঁতৰি গʼল আৰু বৰছাডাল দেৱালত গৈ লাগিল। ইয়াৰ পাছতো চৌলে দায়ূদক মাৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল। শেষত দায়ূদ পলাই গʼল আৰু অৰণ্যত লুকাই থাকিল।
চৌলে নিজৰ ৩,০০০ জন সৈনিকক লৈ দায়ূদক বিচাৰিবলৈ ওলাই গʼল। কিন্তু দায়ূদ আৰু তেওঁৰ মানুহবিলাকে যিটো গুহাত আছিল, তেওঁ সেই গুহাতে সোমাল। দায়ূদৰ মানুহবিলাকে ফুচফুচাই তেওঁক কʼলে, ‘চৌলক মাৰি পেলোৱাৰ এয়াই ভাল সুযোগ।’ দায়ূদে মনে মনে চৌলৰ ওচৰলৈ গʼল আৰু তেওঁৰ কাপোৰ এডোখৰ কাটি লʼলে। কিন্তু চৌলে গʼমেই নাপালে। পাছত এয়া ভাবি দায়ূদৰ বেয়া লাগিবলৈ ধৰিলে যে তেওঁ যিহোৱাই বাছনি কৰা ৰজাৰ সন্মান নকৰিলে। তেওঁ নিজৰ মানুহবিলাকক চৌলৰ ওপৰত হাত নিদিবলৈ কʼলে। তেওঁ চৌলক জোৰকৈ চিঞৰি কʼলে যে তেওঁ চৌলক মাৰিবলৈ এটা সুযোগ পাইছিল, কিন্তু তেওঁ এইদৰে নকৰিলে। ইয়াৰ পাছতো চৌলৰ মন সলনি হʼল নে?
নহʼল। চৌলে দায়ূদক বিচাৰি থাকিল। এদিন ৰাতি দায়ূদ আৰু তেওঁ ভাগিন অবীচয়ে মনে মনে চৌলৰ তম্বুলৈ সোমাই গʼল। চৌলৰ দেহৰক্ষী অবনেৰো শুই আছিল। অবীচয়ে কʼলে, ‘এয়া এক ভাল সুযোগ। মই তেওঁক মাৰি পেলাম নে?’ দায়ূদে কʼলে, ‘চৌলক যিহোৱাই চাই লʼব। আমি কেৱল তেওঁৰ বৰছা আৰু পানীৰ পাত্ৰটো লৈ ওলাই যাওঁ।’
দায়ূদে ওচৰৰ এখন পাহাৰৰ ওপৰলৈ গʼল, যʼৰ পৰা চৌলৰ তম্বু দেখিবলৈ পোৱা গৈছিল। তেওঁ তাৰ পৰা চিঞৰি কʼলে, ‘অবনেৰ, তুমি নিজৰ মালিকক কিয় ৰক্ষা নকৰিলা? তেওঁৰ পানীৰ পাত্ৰ আৰু বৰছাডাল কʼত?’ তেতিয়া চৌলে দায়ূদৰ মাত চিনি পালে। চৌলে দায়ূদক কʼলে, ‘ তুমি বিচাৰা হʼলে মোক মাৰি পেলাব পাৰিলাহেঁতেন, কিন্তু তুমি এইদৰে নকৰিলা। মই জানোঁ তুমি ইস্ৰায়েলৰ পাছৰ ৰজা হʼবা।’ চৌলে নিজৰ ৰাজভৱনলৈ উভতি গʼল। কিন্তু চৌলৰ পৰিয়ালৰ সকলোৱে দায়ূদক ঘিণ কৰা নাছিল।
“যিমান পাৰি সিমান সকলোৰে লগত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা। মৰমৰ ভাইসকল, প্ৰতিশোধ নলʼবা, কিন্তু ক্ৰোধক সুযোগ দিয়া।”—ৰোমীয়া ১২:১৮, ১৯