পাঠ ৯৬
যীচুৱে চৌলক বাছনি কৰিলে
চৌল এজন ৰোমান নাগৰিক আছিল আৰু তেওঁৰ জন্ম তাৰ্চত হৈছিল। তেওঁ এজন ফৰীচী আছিল আৰু যিহূদীসকলৰ নিয়ম ভালদৰে জানিছিল। তেওঁ খ্ৰীষ্টানসকলক বহুত বেয়া পাইছিল। সেইবাবে, খ্ৰীষ্টান পুৰুষ আৰু তিৰোতাসকলৰ ঘৰে ঘৰে সোমাই তেওঁলোকক চোঁচৰাই আনি জেলত বন্দী কৰি দিছিল। এবাৰ যেতিয়া এটা ভিৰে খঙত স্তিফান নামৰ শিষ্যক শিল দলিয়াই মাৰি পেলালে, তেতিয়া চৌলে তাতে থিয় হৈ চাই আছিল।
চৌলে যিৰূচালেমৰ লগতে আন ঠাইবোৰৰ খ্ৰীষ্টানসকলকো গ্ৰেপ্তাৰ কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ মহা-পুৰোহিতক দম্মেচক চহৰলৈ যাবলৈ অনুমতি বিচাৰিলে যাতে তাত থকা খ্ৰীষ্টানসকলক বিচাৰি বিচাৰি গ্ৰেপ্তাৰ কৰিব পাৰে। যেতিয়া তেওঁ দম্মেচক পাবলগীয়া আছিল, তেতিয়া হঠাতে তেওঁৰ চাৰিওফালে উজ্জ্বল পোহৰ জিলিকি উঠিল। তেতিয়া তেওঁ মাটিত পৰি গʼল আৰু এই মাত শুনিবলৈ পালে, “চৌল, তুমি কিয় মোৰ ওপৰত অত্যাচাৰ কৰি আছা?” চৌলে কʼলে, “আপুনি কোন?” তেতিয়া তেওঁ কʼলে, “মই যীচু হওঁ।” তুমি দম্মেচকলৈ যোৱা, তাত তোমাক জনোৱা হʼব যে তুমি কি কৰিব লাগিব।
তেতিয়াই চৌল অন্ধ হৈ গʼল আৰু লোকসকলে তেওঁক হাতত ধৰি চহৰলৈ লৈ যাবলগীয়া হʼল। দম্মেচকত অননিয় নামৰ এজন খ্ৰীষ্টান আছিল। যীচুৱে তেওঁক এটা দৰ্শনত কʼলে, ‘পোন নামৰ ৰাস্তাইদি যিহূদাৰ ঘৰলৈ যোৱা আৰু চৌলৰ বিষয়ে সোধা।’ তেতিয়া অননিয়ই কʼলে, ‘প্ৰভু মই সেই মানুহজনৰ বিষয়ে সকলো জানোঁ। তেওঁ আপোনাৰ শিষ্যসকলক জেলত বন্দী কৰে।’ কিন্তু প্ৰভুৱে তেওঁক কʼলে, ‘তুমি তেওঁৰ ওচৰলৈ যোৱা, কিয়নো মই চৌলক বাছনি কৰিছোঁ যাতে তেওঁ বহুতো দেশত গৈ শুভবাৰ্তা শুনায়।’
যেতিয়া অননিয়ই চৌলক লগ পালে, তেতিয়া তেওঁ কʼলে, ‘চৌল, মোৰ ভাই, যীচুৱে মোক তোমাৰ ওচৰলৈ পঠাইছে যাতে তুমি নিজৰ দৃষ্টিশক্তি ঘূৰাই পোৱা।’ তেতিয়াই চৌলে আকৌ দেখা পাবলৈ ধৰিলে। তেওঁ যীচুৰ বিষয়ে শিকিলে আৰু তেওঁৰ শিষ্য হʼল। চৌলে বাপ্তিষ্মা লৈ খ্ৰীষ্টান হʼল আৰু আন খ্ৰীষ্টানসকলৰ লগত সভাঘৰবোৰত প্ৰচাৰ কৰিবলৈ ধৰিলে। চৌলে লোকসকলক শিকোৱা দেখি যিহূদীসকলে কিমান আচৰিত হৈছিল, তুমি কল্পনা কৰিব পাৰিবা নে? যিহূদীসকলে কʼলে, ‘ই সেই মানুহজন নহয় জানো, যিজনে যীচুৰ শিষ্যসকলক বিচাৰি বিচাৰি ধৰিছিল?‘
তিনি বছৰলৈকে চৌলে দম্মেচকৰ লোকসকলক প্ৰচাৰ কৰিলে। কিন্তু যিহূদী লোকসকলে চৌলক বহুত বেয়া পাইছিল। সেইবাবে, তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। কিন্তু ভাইসকলে এই বিষয়ে গʼম পালে আৰু চৌলক তাৰ পৰা ওলাই যাবলৈ সহায় কৰিলে। তেওঁলোকে চৌলক এটা ডাঙৰ টুকুৰীত বহাই চহৰৰ দেৱালত বনোৱা এখন খিৰিকীয়েদি তললৈ নমাই দিলে।
যেতিয়া চৌল যিৰূচালেমলৈ গʼল, তেতিয়া তাত থকা ভাইসকলৰ লগত তেওঁ একলগ হʼবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে চৌলক ভয় কৰিছিল। তেতিয়া বাৰ্ণব্বা নামৰ এজন শিষ্য, যিজনে সকলোকে বহুত সহায় কৰিছিল। তেওঁ চৌলক পাঁচনিসকলৰ ওচৰলৈ লৈ গʼল আৰু চৌল যে সঁচাকৈ সলনি হৈছে বুলি বিশ্বাস জন্মালে। চৌলে যিৰূচালেমৰ মণ্ডলীৰ লগত উৎসাহে শুভবাৰ্তা শুনাবলৈ ধৰিলে। পাছলৈ তেওঁক পৌল নামেৰে জনা গʼল।
“খ্ৰীষ্ট যীচুৱে পাপীবিলাকক উদ্ধাৰ কৰিবলৈ জগতলৈ আহিছিল। আৰু সেই পাপীবিলাকৰ ভিতৰত ময়েই আটাইতকৈ ডাঙৰ পাপী হওঁ।”—১ তীমথিয় ১:১৫