কাহিনী ১০৮
দম্মেচকলৈ যোৱাৰ পথত
মাটিত পৰি থকা মানুহজন কোন হয় তোমালোকে জানানে? তেওঁ হৈছে চৌল। চৌলৰ বিষয়ে তোমালোকৰ নিশ্চয় মনত আছে। স্তিফানক শিলেৰে মৰা সময়ত মানুহকেইজনে নিজৰ নিজৰ চোলাবোৰ চৌলক চাবলৈ দিছিল। হঠাতে পোহৰাই তোলা ঠাইখনলৈ লক্ষ্য কৰাচোন। আচলতে ইয়াত কি হৈছে?
স্তিফানৰ মৃত্যুৰ পাছত, যীচুৰ শিষ্যসকলক তাড়না দিবলৈ চৌলে আগভাগ লৈছে। যীচুৰ শিষ্যসকলক বিচাৰি তেওঁ ঘৰে ঘৰে তালাচী চলায় আৰু যাকে পায় তাকে বন্দীশালত ৰাখে। বহুতো শিষ্যই সেই ঠাই ত্যাগ কৰি বেলেগ বেলগ নগৰলৈ পলায়ন কৰে আৰু তাতে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ ধৰে। কিন্তু চৌলেও যীচুৰ শিষ্যসকলক বিচাৰি এই নগৰবোৰলৈ যায়। এইবাৰ চৌলে দম্মেচক নামৰ নগৰখনলৈ যাত্ৰা কৰিছে। কিন্তু বাটত এক আচৰিত ঘটনা ঘটিল।
যাত্ৰাৰ সময়ত হঠাতে আকাশৰপৰা এক পোহৰে চৌলক আগুৰি ধৰে। ছবিখনত দেখুৱাৰ দৰে এই পোহৰৰ বাবে চৌলে মাটিত বাগৰি পৰিল। ইয়াৰ পাছত এক শব্দ শুনা গʼল: ‘হে চৌল, হে চৌল। মোক কিয় তাড়না দিছা?’ চৌলৰ লগত যাত্ৰা কৰা লোককেইজনেও সেই পোহৰ দেখিবলৈ পালে আৰু সেই শব্দ শুনিবলৈ পালে। কিন্তু তেওঁলোকে ইয়াৰ অৰ্থ বুজিব নোৱাৰিলে।
চৌলে সুধিলে: ‘হে প্ৰভু, আপুনি কোন?’
উত্তৰত শুনা গʼল: ‘যিজনক তুমি তাড়না দিছা, মই সেই যীচু।’ যীচুয়ে এইদৰে কোৱাৰ অৰ্থ কি বাৰু? চৌলে যীচুৰ শিষ্যসকলক তাড়না দিয়াৰ বাবে যীচুয়ে নিজক তাড়না পোৱা যেন অনুভৱ কৰিছে।
চৌলে সুধিলে: ‘হে প্ৰভু, মই কি কৰিম?’
যীচুয়ে কʼলে: ‘উঠা আৰু দম্মেচকলৈ যোৱা। তুমি কি কৰিব লাগে, তাৰ বিষয়ে তোমাক জনোৱা হʼব।’ চৌল উঠি থিয় হʼল, কিন্তু তেওঁ একো দেখা নাপালে। তেওঁ অন্ধ হʼল। চৌলৰ লগত থকা লোককেইজনে তেওঁৰ হাতত ধৰি দম্মেচকলৈ লৈ যায়।
ইয়াৰ পাছত যীচুয়ে দম্মেচকত থকা এজন শিষ্যক কʼলে: ‘হে অননিয়। তুমি পোন নামৰ বাটলৈ যোৱা আৰু যিহূদাৰ ঘৰত চৌল নামৰ মানুহজনক বিচাৰিবা। তেওঁক মই এক বিশেষ দাস হিচাপে মনোনীত কৰিছোঁ।’
অননিয়ই যীচুৰ আজ্ঞা পালন কৰি চৌলক বিচাৰি ওলাল। চৌলক লগ পোৱাৰ পাছত অননিয়ই তেওঁৰ গাত হাত দি কʼলে: ‘তুমি যেন দৃষ্টি পোৱা আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা, এই কাৰণে প্ৰভুৱে মোক পঠাইছে।’ লগে লগে চৌলৰ চকুৰপৰা বাকলিৰ দৰে কিবা ওলাই পৰিল আৰু তেওঁ নিজৰ দৃষ্টি ঘূৰাই পালে।
ইয়াৰ পাছত বিভিন্ন দেশৰ লোকসকলৰ আগত শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ চৌলক ব্যৱহাৰ কৰা হৈছিল। পাছলৈ তেওঁ পৌল নামেৰে জনাজাত হʼল আৰু তেওঁৰ বিষয়ে আমি বহুতো কথা শিকিবলৈ পাম। আহাঁ, এতিয়া আমি ঈশ্বৰে পিতৰক কি দায়িত্ব দিছিল তাৰ বিষয়ে শিকোঁ।