পাঠ ৩৯
ইস্ৰায়েলৰ প্ৰথম ৰজা
যিহোৱাই ইস্ৰায়েলীসকলক সঠিক পথ দেখুৱাবলৈ ন্যায়ী দিছিল, কিন্তু তেওঁলোকে এতিয়া এজন ৰজা বিচাৰিছিল। সেইবাবে, তেওঁলোকে চমূৱেলক কʼলে, ‘আমাৰ ওচৰে-পাজৰে থকা ৰাষ্ট্ৰবোৰৰ ৰজা আছে। সেইবাবে, আমাকো এজন ৰজা লাগে।’ এই কথা চমূৱেলক ভুল যেন লাগিল। সেইবাবে, তেওঁ এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক কʼলে, ‘তেওঁলোকে তোমাক নহয়, কিন্তু মোক অস্বীকাৰ কৰিছে। তেওঁলোকক কʼবা, তেওঁলোকক এজন ৰজা দিয়া হʼব, কিন্তু সেই ৰজাই তেওঁলোকৰ পৰা বহুতো বস্তু দাবী কৰিব।’ তথাপি তেওঁলোকে কʼলে, ‘একো নাই। আমাক এজন ৰজা লাগে!’
যিহোৱাই চমূৱেলক কʼলে যে চৌল নামৰ এজন ব্যক্তি তেওঁলোকৰ প্ৰথম ৰজা হʼব, যেতিয়া চৌলে চমূৱেলক লগ কৰিবলৈ ৰামালৈ গʼল, তেতিয়া চমূৱেলে তেওঁৰ মূৰত তেল ঢালি তেওঁক অভিষেক কৰিলে আৰু তেওঁক ৰজা বনালে।
পাছত ইস্ৰায়েলৰ নতুন ৰজা কোন হয়, এয়া দেখুৱাবলৈ চমূৱেলে ইস্ৰায়েলীসকলক একগোট কৰিলে। কিন্তু চৌল লুকাই আছিল। তুমি জানা নে তেওঁ কʼত লুকাই আছিল? তেওঁ বস্তুবোৰৰ মাজত লুকাই আছিল। চৌলক বহুত বিচৰা হʼল। যেতিয়া তেওঁলোকে চৌলক বিচাৰি পালে, তেতিয়া তেওঁলোকে তেওঁক তালৈ লৈ আনিলে আৰু লোকসকলৰ মাজত থিয় কৰালে। তেওঁৰ নিচিনা ওখ আন কোনো নাছিল আৰু তেওঁ বহুত ধুনীয়া আছিল। তেতিয়া চমূৱেলে কʼলে, ‘চোৱা, যিহোৱাই এওঁক ৰজা হিচাপে বাছনি কৰিছে।’ তেতিয়া তেওঁলোকে জোৰকৈ চিঞৰি কʼলে, ‘ৰজাৰ জয় হওক!’
আৰম্ভণিতে চৌলে চমূৱেলৰ কথা শুনিছিল আৰু যিহোৱাৰ আজ্ঞা পালন কৰিছিল। কিন্তু পাছত তেওঁ সলনি হʼল। এটা উদাহৰণলৈ মন কৰক। এবাৰ চমূৱেলে চৌলক কৈছিল যে বলিদান আগবঢ়াবৰ কাৰণে চৌলে যেন তেওঁৰ কাৰণে ৰৈ থাকে। কিন্তু চমূৱেলে আহিবলৈ দেৰি কৰিলে। সেইবাবে, চৌলে নিজে বলিদান আগবঢ়াবৰ কাৰণে নিৰ্ণয় লʼলে। কিন্তু এই কাম ৰজাৰ নাছিল। এয়া দেখি চমূৱেলে চৌলক কি কʼলে? চমূৱেলে তেওঁক কʼলে, ‘তুমি যিহোৱাৰ আজ্ঞা পালন কৰিব লাগিছিল।’ তুমি কি ভাবা চৌলে নিজৰ ভুলৰ পৰা কিবা শিকিলে নে?
পাছলৈ যেতিয়া চৌলে অমালেকীয়াবিলাকৰ লগত যুদ্ধ কৰিবলৈ গৈছিল, তেতিয়া অমালেকীয়াবিলাকৰ সকলো লোকক মাৰি পেলাবলৈ চমূৱেলে তেওঁক কʼলে। কিন্তু চৌলে তেওঁলোকৰ ৰজা অগাগক নামাৰিবৰ কাৰণে নিৰ্ণয় লʼলে। তেতিয়া যিহোৱাই চমূৱেলক কʼলে, ‘চৌলে মোক এৰি দিছে আৰু মোৰ কথা নুশুনে।’ এই কথা শুনি চমূৱেলৰ বহুত দুখ লাগিল আৰু তেওঁ চৌলক কʼলে, ‘তুমি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ এৰি দিছা, সেইবাবে তেওঁ আন কাৰোবাক ৰজা হিচাপে বাছনি কৰিব।’ এইদৰে কৈ চমূৱেলে যাব খোজোঁতেই চৌলে তেওঁৰ কাপোৰখন ধৰি লʼলে আৰু তেওঁৰ কাপোৰৰ আগ ডোখৰ ফাটি বেলেগ হৈ গʼল। তেতিয়া চমূৱেলে চৌলক কʼলে, ‘এইদৰেই যিহোৱাই তোমাৰ পৰা তোমাৰ ৰাজ্য কাঢ়ি বেলেগ কৰি দিছে।’ যিহোৱাই নিৰ্ণয় লʼলে যে তেওঁ নিজৰ ৰাজ্য এনে এজন মানুহক দিব, যিজনে তেওঁক প্ৰেম কৰিব আৰু তেওঁৰ আজ্ঞা পালন কৰিব।
“বলিদানতকৈ আজ্ঞা-পালন উত্তম।”—১ চমূৱেল ১৫:২২