ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ১৪ পৃষ্ঠা ২৮-২৯
  • যিহোৱাৰ সাক্ষীবিলাকে কেনেকৈ সংগঠিত হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীবিলাকে কেনেকৈ সংগঠিত হয়?
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • ঈশ্বৰৰ কিয় এটা সংগঠন হোৱা উচিত?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • তেওঁলোকৰ বিশ্বজুৰি সংগঠন আৰু কাৰ্য্য
    যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে?
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ১৪ পৃষ্ঠা ২৮-২৯

পাঠ ১৪

যিহোৱাৰ সাক্ষীবিলাকে কেনেকৈ সংগঠিত হয়?

আধুনিক দিনৰ যিহোৱাৰ সাক্ষীবিলাক কেতিয়াৰ পৰা আৰম্ভ হʼল? (১)

যিহোৱাৰ সাক্ষীবিলাকৰ সভাবিলাক কেনেকৈ পৰিচালনা কৰা হয়? (২)

খৰচবোৰ কেনেকৈ বহন কৰা হয়? (৩)

প্ৰত্যেক মণ্ডলীত কোনে দায়িত্ব ভাৰ লয়? (৪)

প্ৰত্যেক বছৰত কি ধৰণৰ ডাঙৰ সভাবোৰ হয়? (৫)

মুখ্যালয় আৰু শাখা কাৰ্য্যলয়ত কি কাম কৰা হয়? (৬)

১. আধুনিক দিনৰ যিহোৱাৰ সাক্ষীবিলাক ১৮৭০ চনৰ পৰা আৰম্ভ হয়। প্ৰথমতে তেওঁলোকক বাইবেলৰ বিদাৰ্থী বুলি কোৱা হৈছিল। কিন্তু ১৯৩১ চনত তেওঁলোকে শাস্ত্ৰ অনুসাৰে যিহোৱাৰ সাক্ষী নাম গ্ৰহন কৰে। (যিচয়া ৪৩:১০) সৰু সংসঠনৰ পৰা আৰম্ভ হৈ লাখ লৈ বৃদ্ধি পালে। যিবিলাকে ২৩০ৰো অধিক দেশত প্ৰচাৰ কৰ্য্যত ব্যস্থ হৈ আছে।

২. যিহোৱাৰ সাক্ষীবিলাকৰ সৰহভাগ মণ্ডলীত সপ্তাহত তিনিটাকৈ সভা আয়োজন কৰা হয়। যি কোনো এটা সভাত উপস্তিত হবলৈ আপোনাক নিমন্ত্ৰন কৰা হৈছে। (ইব্ৰী ১০:২৪, ২৫) ইয়াত বাইবেল ভিক্তি কৰি শিকোৱা হয়। সভাহবোৰ প্ৰাৰ্থনাৰ দ্বাৰা আৰম্ভণি আৰু শেষ কৰে। সৰহভাগ সভাহত হৃদযৰে “আধ্যাত্মিক গান” গোৱা হয়। (ইফিচীয়া ৫:১৮, ১৯) বিনামূল্য প্ৰবেশ, আৰু কোনো সংগ্ৰহ কৰা নহয়।—মথি ১০:৮।

৩. সৰহভাগ সভাবোৰ, এটা ৰাজ্য চʼৰাত হয়। এই চʼৰাবোৰ সধাৰণতে সাক্ষীবিলাকে স্বইচ্ছাৰে গৈ বনোৱাত ভাগ লয়। ৰাজ্য চʼৰাত আপুনি কোনো মূৰ্ত্তি, খ্ৰীষ্টক যাতনা দিয়া স্তম্ভ, বা তেনে কোনো ধৰণৰ বস্তুক নেদেখিব। খৰচবোৰ সাক্ষীসকলে স্বইচ্ছাৰে বহন কৰে। যি সকলে দান দিব বিচাৰে, তাৰ কাৰণে বৰঙণি বাকচ আছে।—কৰিন্থীয়া ৯:৭।

৪. প্ৰত্যেক মণ্ডলীত কিছুমান অধ্যক্ষ বা তত্বাৱধায়ক থাকে। তেওঁলোকে মণ্ডলীত শিক্ষা দিয়াত দায়িত্ব লয়। (১ তীমথিয় ৩:১-৭; ৫:১৭) তেওঁলোকক পৰিচাৰক সকলে সহায় কৰে। (১ তীমথিয় ৩:৮-১০,১২, ১৩) এই মানুহবিলাকে মণ্ডলীৰ আনলোকতকৈ ওপৰত নহয়। (২ কৰিন্থীয় ১:২৪) তেওঁলোকক কোনো বিশেষ উপাধি দিযা নহয়। (মথি ২৩:৮-১০) তেওঁলোকে অন্য লোকসকলতকৈ বেলেগ সাজ-পোচাক পৰিধান নকৰে। নতুবা তেওঁলোকৰ কামৰ কাৰণে একো দিব নলাগে। অধ্যক্ষ সকলে মণ্ডলীৰ আত্মীক দৰকাৰ বাবে স্বইচ্ছৰে কাম কৰে। তেওঁলোকে অশান্তিৰ সময়ত সান্ত্বনা দিয়ে আৰু পথ পৰ্দশন কৰে।—যাকোব ৫:১৪-১৬; ১ পিতৰ ৫:২, ৩।

৫. প্ৰতি বছৰে যিহোৱাৰ সাক্ষীবিলাকৰ সভা বা ডাঙৰ অধিবেশন হয়। এই সময়ত বহুতো মণ্ডলীয়ে একেলগে বাইবেল উপদেশৰ বিশেষ কায্যসূচিত ভাগ লয়। প্ৰত্যেক সভাবোৰত বা অধিবেশনত নতুন শিষ্যবোৰে বাপ্তিসমা লয়।—মথি ৩:১৩-১৭; ২৮:১৯,২০।

৬. নিউ-ইৰ্য়কত যিহোৱাৰ সাক্ষীৰ বিশ্ব মূখ্যৰ্কায্যলয় আছে। ইয়াত থকা পৰিচালনা সমিতিৰ অভিজ্ঞতা থকা অধ্যক্ষসকলৰ এক কেন্দ্ৰিয় দলে বিশ্বব্যাপি মণ্ডলীত তত্ববধান কৰে। ১০০ তকৈও অধিক শাখা কাৰ্য্যলয় বিশ্বৰ চাৰিওফালে আছে। এই ঠাইবোৰত নিজে স্বইচ্ছাৰে সাক্ষীসকলে ছপা কৰাত আৰু বাইবেলৰ সাহিত্যবোৰ পঠিওৱাত সহায় কৰে। প্ৰচাৰ কৰা কামতো নিদেৰ্শন দিয়া হয় । আপুনি ওচৰত থকা শাখা কাৰ্য্যলয়ত ভ্ৰমণ কৰাৰ ব্যৱস্থা নকৰে কিয়?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক