অতিৰিক্ত লেখ
যীচু খ্ৰীষ্ট—প্ৰতিজ্ঞা কৰা মচীহ
প্ৰতিজ্ঞা কৰা মচীহৰ বিষয়ে জানিবলৈ যিহোৱা ঈশ্বৰে, ভৱিষ্যতবক্তাসকলৰ দ্বাৰা বহুতো ভৱিষ্যতবাণী কৰিছিল। মচীহৰ জন্ম, তেওঁৰ সেৱকীয়া কাৰ্য্য আৰু মৃত্যুৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিবলৈ যিহোৱা ঈশ্বৰে, এই ভৱিষ্যতবক্তাসকলক প্ৰেৰিত কৰিছিল। মন কৰিবলগীয়া বিষয় যে আশ্চৰ্য্যজনকভাৱে এই সকলো ভৱিষ্যতবাণী হুবহু আৰু বিতংভাৱে যীচু খ্ৰীষ্টত পূৰ হৈছিল। ইয়াক ভালদৰে বুজিবলৈ আহক আমি মচীহৰ জন্ম আৰু শিশুকালৰ বিষয়ে কৰা কেইটামান ভৱিষ্যতবাণীলৈ লক্ষ্য কৰোঁ।
ভৱিষ্যতবক্তা যিচয়াই ভৱিষ্যতবাণী কৰিছিল যে প্ৰতিজ্ঞা কৰা মচীহ, ৰজা দায়ূদৰ বংশৰপৰা হʼব। (যিচয়া ৯:৬, ৭) সঁচাকৈ, ভৱিষ্যতবাণী অনুসৰি যীচুৰ জন্ম দায়ূদৰ বংশত হৈছিল।—মথি ১:১, ৬-১৭.
মীখা নামৰ আন এজন ভৱিষ্যতবক্তাই ভৱিষ্যতবাণী কৰিছিল যে এই শিশুৰ জন্ম ‘বৈৎলেহেম-ইফ্ৰাথাত’ হʼব আৰু পাছলৈ তেওঁ ৰজা হʼব। (মীখা ৫:২) যীচুৰ জন্মৰ সময়ছোৱাত ইস্ৰায়েলত বৈৎলেহেম নামৰ দুখন নগৰ আছিল। তাৰে এখন হৈছে, দেশৰ উত্তৰ অঞ্চলত অৱস্থিত নাচৰত নগৰৰ ওচৰত আৰু আন এখন হৈছে, যিহূদিয়াত থকা যিৰূচালেম নগৰৰ ওচৰত। যিৰূচালেমৰ ওচৰত থকা বৈৎলেহেম নগৰখনক আগতে ইফ্ৰাথা বুলি কোৱা হৈছিল। ভৱিষ্যতবাণী কৰা অনুসৰি সেই নগৰখনতহে যীচুৰ জন্ম হৈছিল।—মথি ২:১.
বাইবেলৰ অন্য এক ভৱিষ্যতবাণীত বৰ্ণনা কৰা হৈছিল যে ঈশ্বৰৰ পুত্ৰক “মিচৰৰ পৰা” মাতি অনা হʼব। শিশুকালত যীচুক মিচৰ দেশলৈ লৈ যোৱা হৈছিল। ভৱিষ্যতবাণী কৰা অনুসৰি ৰজা হেৰোদৰ মৃত্যুৰ পাছত শিশু যীচুক নিজ দেশলৈ উভতাই অনা হৈছিল আৰু এইদৰে এই ভৱিষ্যতবাণীও বিতংভাৱে পূৰ হৈছিল।—হোচেয়া ১১:১; মথি ২:১৫.
আপুনি হয়তো “মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ” নামৰ তালিকাখন লক্ষ্য কৰিছে আৰু সেই তালিকাখনত “ভৱিষ্যতবাণী” নামৰ শিৰোণামাত কিছুমান শাস্ত্ৰপদ দিয়া আছে, যিবোৰ মচীহৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল। অনুগ্ৰহ কৰি এই পদবোৰ, “ভৱিষ্যতবাণী পূৰ হোৱা” শিৰোনামাৰ লগত তুলনা কৰক। যদি আপুনি এইদৰে কৰে, তেনেহʼলে বাইবেলৰ সত্যতাৰ ওপৰত আপোনাৰ বিশ্বাস মজবুত হʼব।
এই শাস্ত্ৰপদবোৰ পৰীক্ষা কৰোঁতে আপুনি মনত ৰখা উচিত যে যীচু খ্ৰীষ্টৰ জন্মৰ বহু বছৰ আগতে এই ভৱিষ্যতবাণীবোৰ কৰা হৈছিল। এই বিষয়ে যীচুৱে কৈছিল: “মোচিৰ বিধানত, ভাববাদীসকলৰ পুস্তকত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হব লাগে।” (লূক ২৪:৪৪) আপুনি যেতিয়া নিজৰ বাইবেলখনত এইবোৰ পৰীক্ষা কৰিব, তেতিয়া আপুনি লক্ষ্য কৰিব যে এই সকলো ভৱিষ্যতবাণী বিতংভাৱে পূৰ হৈছে।