ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh পৃষ্ঠা ২২১-পৃষ্ঠা ২২২ অনু. ২
  • যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • মিল থকা বিষয়
  • স্বৰ্গদূতসকলে যীচুৰ জন্মৰ খবৰ দিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যীচু খ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • যীচুৰ জন্মৰ সম্বন্ধে থকা বৃত্তান্তৰ পৰা শিক্ষা লাভ কৰা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলে প্ৰকৃততে কি শিকায়?
bh পৃষ্ঠা ২২১-পৃষ্ঠা ২২২ অনু. ২

অতিৰিক্ত লেখ

যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?

যীচু খ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল, ইয়াৰ বিষয়ে বাইবেলত কোনো উল্লেখ নাই। কিন্তু বাইবেলত এনে কিছুমান প্ৰমাণ আছে যাৰ দ্বাৰা আমি কʼব পাৰোঁ যে যীচুৰ জন্ম ডিচেম্বৰ মাহত হোৱা নাছিল।

যীচুৰ জন্মৰ সময়ছোৱাত বৈৎলেহমত বতৰ কেনে আছিল, তাৰ বিষয়ে অলপ চিন্তা কৰকচোন। যিহূদী কেলেন্ডাৰৰ অনুসৰি কিচ্‌লেব মাহটো, (আজিৰ নবেম্বৰ/ডিচেম্বৰ) অতি ঠান্ডা আৰু বৰষুণৰ বতৰ আছিল। তাৰ পাছৰ মাহটো হৈছে, টেবেৎ (আজিৰ ডিচেম্বৰ/জানুৱাৰী)। এই মাহত সাধাৰণতে বৈৎলেহমত তাপমাত্ৰা অতি কম আৰু মাজে-সময়ে পাহাৰীয়া ঠাইবোৰত বৰফ পৰাও দেখা গৈছিল। এতিয়া আহক আমি বাইবেলে এই অঞ্চলৰ বতৰৰ বিষয়ে কি বৰ্ণনা কৰিছে, তালৈ লক্ষ্য কৰোঁ।

বাইবেলৰ এজন লেখক ইজ্ৰাই বৰ্ণনা কৰিছে যে কিচ্‌লেব মাহটো সঁচাকৈ বৰ ঠান্ডা আৰু বৰষুণৰ বতৰ আছিল। তেওঁ বৰ্ণনা কৰিছে যে “নৱম মাহৰ বিশ দিনৰ দিনা” যিৰূচালেমত এচাম মানুহে গোট খাইছিল আৰু তেওঁলোকে “বৰ বৰষুণৰ কাৰণে কঁপি” আছিল। সেই বতৰৰ বিষয়ে তাত গোট খোৱা লোকসকলে কৈছিল: “এতিয়া বৰ বৰষুণ দিছে, বাহিৰত থিয় হৈ থাকিব নোৱাৰোঁ।” (ইজ্ৰা ১০:৯, ১৩; যিৰিমিয়া ৩৬:২২) গতিকে, আমি কʼব পাৰোঁ যে বৈৎলেহমত বাস কৰা মেৰৰখীয়াবিলাকে ডিচেম্বৰ মাহত নিশ্চয় নিজৰ জাকবোৰক ৰাতি বাহিৰত নাৰাখে।

বাইবেলত বৰ্ণনা কৰা অনুসৰি যীচুৰ জন্ম হোৱা ৰাতি মেৰৰখীয়াবিলাকে পথাৰত নিজ নিজ জাকৰ পহৰা দি আছিল। ইয়াৰ বিষয়ে বাইবেলৰ লূক নামৰ লেখকজনে বৰ্ণনা কৰিছে যে বৈৎলেহমৰ ওচৰত মেৰৰখীয়াবিলাকে, “পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল।” (লূক ২:৮-১২) লক্ষ্য কৰক যে মেৰৰখীয়াবিলাকে ৰাতি জাকবোৰক পহৰা দি আছিল। এনে ঠান্ডা আৰু বৰষুণৰ বতৰত মেৰৰখীয়াবিলাকে ৰাতি পহৰা দিব পাৰিবনে? কেতিয়াও নোৱাৰে। গতিকে, এই ঘটনাবোৰৰপৰা আমি কʼব পাৰোঁ যে যীচুৰ জন্ম ডিচেম্বৰ মাহত হোৱা নাছিল।

যীচুৰ মৃত্যু কেতিয়া হৈছিল, তাৰ বিষয়ে ঈশ্বৰৰ বাক্য বাইবেলে আমাক বিতংভাৱে বৰ্ণনা কৰিছে, কিন্তু তেওঁৰ জন্ম কেতিয়া হৈছিল, তাৰ বিষয়ে বাইবেলত কোনো স্পষ্ট বিৱৰণ নাই। এই সন্দৰ্ভত ৰজা চলোমনৰ এষাৰ বাক্য আমাৰ মনলৈ আহে: “সুগন্ধি তেলতকৈ সুনাম উত্তম, আৰু জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।” (উপদেশক ৭:১) সেইবাবে, ই কোনো আচৰিত হʼবলগীয়া কথা নহয় যে বাইবেলে আমাক যীচুৰ সেৱকীয়া কাৰ্য্য আৰু মৃত্যুৰ বিষয়ে বিতংভাৱে বৰ্ণনা দিছে, কিন্তু জন্মৰ বিষয়ে বহুলভাৱে উল্লেখ কৰা নাই।

মেৰৰখীয়াবিলাকে ৰাতি বৈৎলেহমৰ ওচৰত থকা পথাৰত নিজ নিজ জাকৰ পহৰা দি আছিল

যীচুৰ জন্ম হোৱা ৰাতি মেৰৰখীয়াবিলাকে পথাৰত নিজ নিজ জাকৰ পহৰা দি আছিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক