পাঠ ৭০
স্বৰ্গদূতসকলে যীচুৰ জন্মৰ খবৰ দিলে
ৰোমান সাম্ৰাজ্যৰ সম্ৰাট আগস্তই সকলো যিহূদীক নিজৰ নাম লিখাবলৈ নিজৰ নিজৰ চহৰলৈ যাবলৈ আদেশ দিছিল। সেইবাবে, যোচেফ আৰু মৰিয়মে বৈৎলেহেমলৈ গʼল। কিয়নো যোচেফৰ পৰিয়াল সেই চহৰৰ পৰাই আছিল আৰু সেই সময়ছোৱাত মৰিয়মে নিজৰ সন্তান জন্ম দিয়াৰ সময় আহি পৰিছিল।
যেতিয়া তেওঁলোকে বৈৎলেহেম পালেগৈ, তেতিয়া তাত থাকিবলৈ কোনো ঠাই নোপোৱাৰ বাবে পশুশালা অৰ্থাৎ জন্তু ৰখা ঘৰত থাকিবলগীয়া হʼল। মৰিয়মে তাতে নিজৰ লʼৰা যীচুক জন্ম দিলে। তাৰ পাছত মৰিয়মে কোমল কাপোৰেৰে তাক মেৰিয়াই লাহেকৈ এটা দানাপাত্ৰত থʼলে।
বৈৎলেহেমৰ ওচৰতে কিছুমান ভেড়াৰখীয়াই ৰাতি পথাৰত নিজৰ ভেড়াবোৰৰ চোৱা-চিতা কৰি আছিল। তেতিয়া হঠাতে এজন স্বৰ্গদূতে তেওঁলোকৰ ওচৰত থিয় হʼল আৰু তেওঁলোকৰ চাৰিওফালে যিহোৱাৰ মহিমাৰ উজ্জ্বল পোহৰ দেখা গʼল। তেতিয়া তেওঁলোকে বহুত ভয় খালে, কিন্তু স্বৰ্গদূতে তেওঁলোকক কʼলে, ‘ভয় নকৰিবা, মই তোমালোকক এটা ভাল খবৰ দিবলৈ আহিছোঁ। আজি বৈৎলেহেমত মচীহৰ জন্ম হʼল।’ তেতিয়া আকাশত বহুতো স্বৰ্গদূতে দেখা দিলে আৰু তেওঁলোকে কʼলে, ‘স্বৰ্গত ঈশ্বৰৰ মহিমা হওক আৰু পৃথিৱীত শান্তি হওক।’ তাৰ পাছত স্বৰ্গদূতসকল নাইকিয়া হৈ গʼল। তেতিয়া ভেড়াৰখীয়াসকলে কি কৰিলে?
তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, ‘বʼলা আমি এতিয়াই বৈৎলেহেমলৈ যাম।’ তেওঁলোকে লগে লগে গʼল আৰু পশুশালাত যোচেফ আৰু মৰিয়মক লʼৰাটিৰ লগত দেখা পালে।
স্বৰ্গদূতে ভেড়াৰখীয়াসকলক যি কৈছিল, তাৰ বিষয়ে যিসকলে শুনিলে, তেওঁলোকে আচৰিত হʼল। মৰিয়মে স্বৰ্গদূতে কোৱা কথাৰ ওপৰত গভীৰভাৱে চিন্তা কৰিলে আৰু সেইবোৰ কেতিয়াও নাপাহৰিলে। তাৰ পাছত ভেড়াৰখীয়াসকলে নিজৰ জাকবোৰৰ ওচৰলৈ উভতি গʼল। তেওঁলোকে যি দেখিলে আৰু শুনিলে, তাৰ বাবে যিহোৱাক ধন্যবাদ দিলে।
“মই ঈশ্বৰৰ ফালৰ পৰা আহিছোঁ আৰু ইয়াত আছোঁ। মই নিজৰ ইচ্ছাৰে অহা নাই, কিন্তু তেৱেঁই মোক পঠাইছে।”—যোহন ৮:৪২