পাঠ ৭১
যিহোৱাই যীচুক বচালে
ইস্ৰায়েলৰ পূবফালে থকা এখন দেশৰ লোকসকলে বিশ্বাস কৰিছিল যে তৰাই তেওঁলোকক ৰাস্তা দেখুৱাব পাৰে। এদিনাখন ৰাতি পূবৰ কিছুমান মানুহে আকাশত এনে এটা বস্তু দেখিলে, যি তৰাৰ নিচিনা জিলিকি আছিল আৰু আগবাঢ়ি গৈ আছিল। সেই মানুহবিলাকে তৰাৰ পিছে পিছে যাবলৈ ধৰিলে আৰু সেই তৰাটোৱে তেওঁলোকক যিৰূচালেমলৈ লৈ গʼল। তাত তেওঁলোকে লোকসকলক সুধিলে, ‘সেই লʼৰাটো কʼত আছে, যিয়ে ডাঙৰ হৈ যিহূদীসকলৰ ৰজা হʼব? আমি তেওঁক মূৰ দোৱাই প্ৰণাম কৰিবলৈ আহিছোঁ।’
যেতিয়া যিৰূচালেমৰ ৰজা হেৰোদে এই নতুন ৰজাজনৰ বিষয়ে শুনিলে, তেতিয়া তেওঁ বহুত চিন্তিত হৈ গʼল। তেওঁ প্ৰধান পুৰোহিতসকলক সুধিলে, ‘এই ৰজাজন কʼত জন্ম হʼবলগীয়া আছিল?’ তেওঁলোকে কʼলে, ‘ভৱিষ্যবক্তাসকলে কৈছিল যে তেওঁ বৈৎলেহেমত জন্ম হʼব।’ তেতিয়া হেৰোদে পূবৰ মানুহবিলাকক মাতিলে আৰু কʼলে, ‘তোমালোকে বৈৎলেহেমলৈ যোৱা আৰু সেই লʼৰাটোক বিচাৰা। তাক বিচাৰি পালে আহি মোকো জনাবা যে সি কʼত আছে। ময়ো তাক মূৰ দোৱাই প্ৰণাম কৰিব বিচাৰোঁ।’ কিন্তু হেৰোদে মিছাকৈ কৈ আছিল।
তৰাটো আকৌ এবাৰ আগবাঢ়িবলৈ ধৰিলে। পূবৰ মানুহকেইজনে সেই তৰাটোৰ পিছে পিছে গৈ বৈৎলেহেম পালেগৈ। তৰাটোৱে তাত এটা ঘৰৰ ওপৰত ৰৈ গʼল। সেই মানুহকেইজনে সেই ঘৰৰ ভিতৰলৈ সোমালে আৰু যীচুক তেওঁৰ মা মৰিয়মৰ লগত দেখিলে। তেওঁলোকে লʼৰাটোক মূৰ দোৱাই প্ৰণাম কৰিলে আৰু উপহাৰত সোণ আৰু দুবিধ সুগন্ধি বস্তু দিলে। যিহোৱাই যীচুক বিচাৰিবলৈ সেই মানুহকেইজনক পঠাইছিল নে? নহয়।
সেই ৰাতিয়েই যিহোৱাই যোচেফক সপোনত কʼলে, ‘হেৰোদে যীচুক মাৰি পেলাব বিচাৰিছে। তুমি নিজৰ পত্নী আৰু লʼৰাটোক লৈ মিচৰ দেশলৈ পলাই যোৱা। যেতিয়ালৈকে মই নকওঁ, তেতিয়ালৈকে তাতে থাকিবা।’ যোচেফ আৰু তেওঁৰ পৰিয়াল লগে লগে মিচৰলৈ গুচি গʼল।
যিহোৱাই পূবৰ মানুহকেইজনক হেৰোদৰ ওচৰলৈ নাযাবলৈ কʼলে। যেতিয়া হেৰোদে দেখিলে যে সেই মানুহকেইজন তেওঁৰ ওচৰলৈ ঘূৰি অহা নাই, তেতিয়া তেওঁৰ বহুত খং উঠিল। তেওঁ যীচুক বিচাৰিব পৰা নাছিল, সেইবাবে তেওঁ বৈৎলেহেমত যীচুৰ বয়সৰ সকলো লʼৰাক মাৰি পেলাবলৈ আদেশ দিলে। কিন্তু যীচু বৈৎলেহেমৰ পৰা বহুত দূৰ মিচৰত আছিল, সেইবাবে তেওঁৰ কোনো বিপদ নাছিল।
কিছু সময়ৰ পাছত হেৰোদ মৰি গʼল। যিহোৱাই যোচেফক কʼলে, ‘এতিয়া কোনো বিপদ নাই, তুমি উভতি যাব পাৰা।’ যোচেফ, মৰিয়ম আৰু যীচু ইস্ৰায়েললৈ উভতি আহিলে আৰু তাত তেওঁলোকে নাচৰত চহৰত থাকিবলৈ ধৰিলে।
“মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হʼব; . . . যিহৰ নিমিত্তে তাক পঠাওঁ, সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব।”—যিচয়া ৫৫:১১