পাঠ ৭২
সৰু কালৰ যীচু
যোচেফ আৰু মৰিয়ম, যীচু আৰু নিজৰ আন লʼৰা-ছোৱালীৰ লগত নাচৰতত থাকিছিল। যোচেফে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবলৈ কাঠৰ কাম কৰিছিল। তেওঁ সিহঁতক যিহোৱা আৰু তেওঁৰ নিয়মৰ বিষয়েও শিকাইছিল। তেওঁলোক গোটেই পৰিয়ালে যিহোৱাৰ উপাসনা কৰিবলৈ নিয়মীয়াকৈ সভাঘৰলৈ গৈছিল আৰু প্ৰতি বছৰে নিস্তাৰ-পৰ্ব পালন কৰিবলৈ যিৰূচালেমলৈ গৈছিল।
যীচু যেতিয়া ১২ বছৰৰ আছিল, তেতিয়া তেওঁৰ পৰিয়ালে প্ৰতিবছৰৰ দৰে দীঘলীয়া যাত্ৰা কৰি যিৰূচালেমলৈ গʼল। চহৰত বহুত ভিৰ আছিল, কিয়নো লোকসকলে তাত নিস্তাৰ-পৰ্ব পালন কৰিবলৈ আহিছিল। উৎসৱৰ পাছত যোচেফ আৰু মৰিয়ম নিজৰ ঘৰলৈ যাবলৈ ওলালে। তেওঁলোকে ভাবিলে যে যীচু আন লোকসকলৰ লগত আছে। কিন্তু পাছত যেতিয়া তেওঁৰ পৰিয়ালৰ লোকসকলৰ মাজত যীচুক বিচাৰিলে, তেতিয়া তেওঁলোকে নাপালে।
তেওঁলোকে আকৌ যিৰূচালেমলৈ গʼল আৰু তিনিদিনলৈকে নিজৰ লʼৰাক বিচাৰি থাকিল। শেষত তেওঁলোকে মন্দিৰত গʼল। তাত তেওঁলোকে দেখিলে যে যীচুৱে শিক্ষকসকলৰ মাজত বহি তেওঁলোকৰ কথা ধ্যান দি শুনি আছে আৰু ভাল ভাল প্ৰশ্ন সুধি আছে। শিক্ষকসকলে যীচুক ইমানেই ভাল পালে যে তেওঁলোকে প্ৰশ্ন সুধিবলৈ ধৰিলে আৰু যীচুৱে যেতিয়া তেওঁলোকৰ উত্তৰ দিলে, তেতিয়া তেওঁলোকে যীচুৰ উত্তৰ শুনি আচৰিত হʼল। তেওঁলোকে এয়া চাব পাৰিলে যে যীচুৰ যিহোৱাৰ নিয়মৰ বিষয়ে ভাল জ্ঞান আছে।
যোচেফ আৰু মৰিয়মে যীচুক বিচাৰি বহুত চিন্তিত হৈছিল। সেইবাবে, মৰিয়মে কʼলে, ‘মাইনা, তুমি কʼত আছিলা? আমি সকলো ঠাইতে তোমাক বিচাৰি আছিলোঁ!’ যীচুৱে কʼলে, ‘মই ইয়াত নিজৰ পিতৃৰ ঘৰত থাকিম বুলি তোমালোকে নাজানিছিলা নে?’
যীচু নিজৰ মা-দেউতাৰ লগত নিজৰ ঘৰ নাচৰতলৈ উভতি আহিলে। যোচেফে তাক কাঠৰ কাম শিকালে। তুমি কি ভাবা, যীচু যেতিয়া ডাঙৰ হʼল, তেতিয়া তেওঁ কেনেধৰণৰ মানুহ হʼল। তেওঁ ডাঙৰ হোৱাৰ লগে লগে আৰু বুদ্ধিমান হʼবলৈ ধৰিলে। ঈশ্বৰ আৰু লোকসকলে তেওঁক ভাল পাইছিল।
“হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পূৰ কৰিবলৈহে মই ভাল পাওঁ; এনে কি, তোমাৰ ব্যৱস্থা [নিয়ম] মোৰ অন্তৰত আছে।”—গীতমালা ৪০:৮