কাহিনী ৮৭
মন্দিৰত চেমনীয়া যীচু
লʼৰাটোলৈ লক্ষ্য কৰাচোন। সি মন্দিৰৰ শিক্ষককেইজনৰ লগত কেনেকৈ আলোচনা কৰিছে! এই শিক্ষককেইজন ঈশ্বৰৰ জ্ঞানত পাৰ্গত আৰু তেওঁলোকে লোকসকলক মন্দিৰত শিক্ষা দিয়ে। সেই লʼৰাটো যীচুৰ বাহিৰে আন কোনো নহয়। সি এতিয়া ডাঙৰ হʼল আৰু ১২ বছৰ বয়সত ভৰি দিলে।
শাস্ত্ৰ আৰু ঈশ্বৰৰ বিষয়ে যীচুৰ ইমান জ্ঞান থকা দেখি, মন্দিৰৰ এই শিক্ষককেইজন বৰ আচৰিত হʼল। কিন্তু যোচেফ আৰু মৰিয়ম কিয় ইয়াত নাই? তেওঁলোক কʼত আছে? আহাঁ আমি ইয়াৰ বিষয়ে চাওঁ।
যোচেফে নিজৰ পৰিয়ালৰ সৈতে প্ৰতিবছৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমলৈ যায়। নাচৰতৰপৰা যিৰূচালেমৰ দূৰত্ব বহুত। সেইসময়ত গাড়ী বা ট্ৰেইন এনেধৰণৰ কোনো যান-বাহন নাছিল। এই যাত্ৰা তেওঁলোকে খোজকাঢ়ি অতিক্ৰম কৰিবলগীয়া হৈছিল। নাচৰতৰপৰা যিৰূচালেমলৈ কৰা এই যাত্ৰাৰ বাবে প্ৰায় তিনিদিন লাগিছিল।
এতিয়া যোচেফৰ এটা ডাঙৰ পৰিয়াল আছে। যীচুৰ উপৰিও পৰিয়ালত কেইজনমান আৰু লʼৰা-ছোৱালী আছে। এই বছৰো যোচেফ আৰু মৰিয়মে নিজৰ পৰিয়ালৰ সৈতে নিস্তাৰ-পৰ্ব্ব পালন কৰি, যিৰূচালেমৰপৰা নিজৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকৰ লগত যাত্ৰা কৰা আন লোকসকলৰ লগত যীচু আছে বুলি যোচেফ আৰু মৰিয়মে ভাবিলে। গধূলি হোৱাত তেওঁলোকে জিৰণিৰ বাবে এঠাইত ৰʼল। যোচেফ আৰু মৰিয়মে লক্ষ্য কৰিলে যে যীচু তেওঁলোকৰ লগত নাই। তেওঁলোকৰ লগত যাত্ৰা কৰা সম্বন্ধীয় লোকসকলৰ মাজতো যীচুক বিচাৰি পোৱা নগʼল। ইয়াৰ পাছত যোচেফ আৰু মৰিয়মে যীচুক বিচাৰি আকৌ যিৰূচালেমলৈ উভতি গʼল।
অৱশেষত তেওঁলোকে যীচুক মন্দিৰত এই শিক্ষককেইজনৰ লগত আলোচনা কৰি থকা পালে। যীচুয়ে তেওঁলোকৰ কথা শুনিছে আৰু তেওঁলোকক প্ৰশ্ন কৰিছে। তাত উপস্থিত থকা সকলো লোকে যীচুৰ জ্ঞান দেখি আচৰিত হʼল। কিন্তু মৰিয়মে যীচুক কʼলে: ‘বোপা আমালৈ কিয় এনেদৰে কৰিলা? চোৱা তোমাৰ পিতৃ আৰু ময়ো শোক কৰি তোমাক বিচাৰি ফুৰিছোঁ।’
যীচুয়ে উত্তৰ দিলে: ‘তোমালোকে কিয় মোক বিচাৰিছা? মই মোৰ পিতৃৰ ঘৰত থকাটো উচিত বুলি তোমালোকে নাজানানে?’
যʼতেই ঈশ্বৰৰ বিষয়ে শিকিবলৈ পোৱা গৈছিল, তাতেই যীচু উপস্থিত আছিল। আমিও তেওঁৰ দৰে হোৱা উচিত, নহয়নে বাৰু? নিজৰ ঘৰ নাচৰতলৈ ঘূৰি অহাৰ পাছতো, যীচুয়ে প্ৰতি সপ্তাহে স্থানীয় উপাসনা গৃহত হোৱা সভাবোৰত গৈছিল। এই সভাবোৰত তেওঁ ধ্যান দি শুনাৰ বাবে শাস্ত্ৰৰপৰা বহুতো কথা শিকিব পাৰিছিল। আমি তেওঁৰ উদাহৰণ অনুকৰণ কৰা উচিত।