পাঠ ৭৩
মচীহ আহিব বুলি যোহনে প্ৰচাৰ কৰিলে
জখৰিয়া আৰু এলীচাবেতৰ লʼৰা যোহন ডাঙৰ হৈ এজন ভৱিষ্যবক্তা হʼল। যিহোৱাই যোহনৰ যোগেদি জনালে যে মচীহ আহিবলগীয়া আছে। কিন্তু যোহনে এই খবৰ সভাঘৰ আৰু নগৰবোৰত শুনোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, অৰণ্যত শুনাইছিল। যিৰূচালেম আৰু গোটেই যিহূদিয়াৰ পৰা লোকসকলে তেওঁৰ কথা শুনিবলৈ আহিছিল। যোহনে তেওঁলোকক শিকালে যে যদি তেওঁলোকে ঈশ্বৰক আনন্দিত কৰিব বিচাৰে, তেনেহʼলে তেওঁলোকে বেয়া কাম কৰিবলৈ এৰিব লাগিব। যোহনৰ কথা শুনি তেওঁলোকে অনুতাপ কৰিলে আৰু যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিষ্মা দিলে।
যোহনে সহজ-সৰল জীৱন জীয়াই আছিল। তেওঁ উটৰ নোমৰ কাপোৰ পিন্ধিছিল আৰু ফৰিং আৰু হাবিৰ মৌ খাইছিল। লোকসকলে জানিব বিচাৰিছিল যে তেওঁ আচলতে কোন হয়। আনকি অহংকাৰী ধৰ্মগুৰুসকল অৰ্থাৎ ফৰীচী আৰু চদ্দূকীবিলাকেও তেওঁক চাবলৈ আহিছিল। যোহনে তেওঁলোকক কʼলে, ‘তোমালোকে নিজকে সলনি কৰিব লাগিব আৰু অনুতাপ কৰিব লাগিব। তোমালোকে নিজকে আনতকৈ বহুত ডাঙৰ বুলি ভাবা, কিয়নো তোমালোকে কোৱা যে তোমালোক অব্ৰাহামৰ বংশৰ হোৱা। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তোমালোকে ঈশ্বৰৰ সন্তান হোৱা।’
কিছুমান লোকে আহি যোহনক সুধিলে, ‘ঈশ্বৰক আনন্দিত কৰিবলৈ আমি কি কৰিব লাগিব?’ যোহনে তেওঁলোকক কʼলে, ‘যদি তোমালোকৰ ওচৰত দুযোৰ কাপোৰ আছে, তেওঁ এযোৰ কাপোৰ সেইজনক দি দিয়ক যিজনৰ ইয়াৰ প্ৰয়োজন আছে।’ জানা নে যোহনে এইদৰে কিয় কৈছিল? তেওঁ নিজৰ শিষ্যসকলক বুজাব বিচাৰিছিল যে ঈশ্বৰক আনন্দিত কৰিবলৈ হʼলে তেওঁলোকে লোকসকলক প্ৰেম কৰিব লাগিব।
তেওঁ কৰ লোৱাসকলক কʼলে, ‘তোমালোকে সদাচাৰ হোৱা আৰু কাকো নঠগিবা।’ তেওঁ সৈনিকসকলক কʼলে, ‘তোমালোকে ঘোচ নলʼবা আৰু মিছা কথা নকʼবা।’
পুৰোহিত আৰু লেবীও যোহনৰ ওচৰলৈ আহিলে আৰু তেওঁক সুধিলে, ‘তুমি কোন হোৱা? সকলোৱে ইয়াৰ উত্তৰ জানিব বিচাৰিছে।’ যোহনে তেওঁলোকক কʼলে, ‘ভৱিষ্যবক্তা যিচয়াই যিদৰে কৈছিল, ময়েই সেই মাত যিজনে অৰণ্যত মাতি আছে আৰু লোকসকলক যিহোৱাৰ ফালে লৈ গৈ আছে।’
যোহনে যি শিকাইছিল, সেয়া লোকসকলে বহুত ভাল পাইছিল। বহুতো লোকে ভাবিলে যে যোহনেতো মচীহ নহয়। কিন্তু যোহনে তেওঁলোকক কʼলে, ‘মোতকৈয়ো ডাঙৰ কোনোবা আহিবলগীয়া আছে। মই তেওঁৰ জোতাৰ ফিতা খোলাৰো যোগ্য নহওঁ। মই পানীত বাপ্তিষ্মা দিওঁ, কিন্তু তেওঁ পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিব।’
“এই মানুহজনে সাক্ষী হৈ আহিছিল যাতে সেই পোহৰৰ বিষয়ে সাক্ষ্য দিয়ে আৰু এইদৰে তেওঁৰ যোগেদি সকলো ধৰণৰ লোকে বিশ্বাস কৰে।”—যোহন ১:৭