কাহিনী ৮৫
আস্তাবলত যীচুৰ জন্ম
এই কেঁচুৱাটো কোন হয় তোমালোকে জানানে? তেওঁ হৈছে যীচু। মাত্ৰ অলপ সময়ৰ আগতে এই আস্তাবলত কণমানি কেঁচুৱাটিৰ জন্ম হৈছে। জীৱ-জন্তু ৰখা ঠাইখনক আস্তাবল বুলি কোৱা হয়। মৰিয়মে যীচুক এটা দানাৰ পাত্ৰত ৰাখিছে। এই পাত্ৰটোত গাধ, গৰু আদি জীৱ-জন্তুবোৰক দানা দিয়া হয়। কিন্তু মৰিয়ম আৰু যোচেফে জীৱ-জন্তুবোৰৰ লগত কিয় থাকিবলগীয়া হৈছে? এনে এটা ঠাইত কোনোবাই নিজৰ সন্তানক জন্ম দিব জানো?
এনে এখন ঠাইত কোনেও নিজৰ সন্তানক জন্ম নিদিয়ে। কিন্তু যোচেফ আৰু মৰিয়মে ইয়াত কেনেকৈ পালেহি? ৰোমৰ শাসক আগস্ত কৈচৰে আদেশ দিছিল যে সকলো লোকে নিজ নিজ জন্ম হোৱা নগৰলৈ গৈ নাম পঞ্জীয়ন কৰিব লাগে। যোচেফৰ জন্ম বৈৎলেহমত হৈছিল। সেইবাবে যোচেফ আৰু মৰিয়মে বৈৎলেহমলৈ যাবলগীয়া হʼল। কিন্তু তাত উপস্থিত হৈ তেওঁলোকে দেখিলে যে তেওঁলোকৰ বাবে থাকিবলৈ কোনো ঠাই নাই। গতিকে তেওঁলোকে জীৱ-জন্তুবোৰৰ লগত আস্তাবলত থাকিবলগীয়া হয় আৰু সেইদিনাখনেই মৰিয়মে যীচুক জন্ম দিয়ে। এনে পৰিস্থিতিত জন্ম হোৱাৰ সত্ত্বেও শিশুটি ভালেই আছে।
যীচুক চাবলৈ অহা ভেড়াৰখীয়াকেইজনক দেখিছানে? ৰাতি তেওঁলোকে ভেড়াবোৰক পহৰা দি থকাৰ সময়ত, হঠাতে ঠাইখন উজ্জ্বল হৈ পৰিল। তেওঁলোকৰ সন্মুখত এজন স্বৰ্গদূত! ভেড়াৰখীয়াকেইজনে বৰ ভয় খালে। কিন্তু স্বৰ্গদূতজনে তেওঁলোকক কʼলে: ‘ভয় নকৰিবা। মই তোমালোকক এক শুভবাৰ্ত্তা জনাওঁ। আজি বৈৎলেহমত উদ্ধাৰকৰ্ত্তা জন্মিল। তেওঁ লোকসকলক উদ্ধাৰ কৰিব। তোমালোকে লʼৰাটোক এটা দানাৰ পাত্ৰত কাপোৰেৰে মেৰিয়াই থোৱা পাবা।’ হঠাতে তাত বহুতো স্বৰ্গদূত উপস্থিত হয় আৰু তেওঁলোকে ঈশ্বৰৰ জয়ধ্বনি কৰিবলৈ ধৰিলে। লগে লগে ভেড়াৰখীয়াকেইজনে যীচুক বিচাৰি ওলাল আৰু স্বৰ্গদূতজনে কোৱা দৰে তেওঁলোকে যীচুক পালে।
যীচু কিয় ইমান গুৰুত্বপূৰ্ণ ব্যক্তি হয় তোমালোকে জানানে? প্ৰকৃততে তেওঁ কোন হয়, তাক তোমালোকে কʼব পাৰিবানে? এই কিতাপখনৰ প্ৰথম কাহিণীটোত, আমি ঈশ্বৰৰ প্ৰথমজাত পুত্ৰৰ বিষয়ে শিকিছিলো। এই পুত্ৰই স্বৰ্গ, পৃথিৱী আৰু আন সকলো বস্তু সৃষ্টি কৰিবলৈ ঈশ্বৰক সহায় কৰিছিল। সেই পুত্ৰই হৈছে যীচু।
যিহোৱাই নিজৰ পুত্ৰৰ জীৱন স্বৰ্গৰপৰা মৰিয়মৰ গৰ্ভত স্থানান্তৰ কৰিলে। আন কেঁচুৱাবিলাকৰ দৰে তেওঁ মৰিয়মৰ গৰ্ভত বাঢ়িবলৈ ধৰিলে। কিন্তু এই শিশুটি ঈশ্বৰৰ পুত্ৰ আছিল। অৱশেষত বৈৎলেহমৰ এখন আস্তাবলত যীচুৰ জন্ম হয়। স্বৰ্গদূতবিলাকে লোকসকলক যীচুৰ জন্মৰ বিষয়ে কোৱাৰ সময়ত কিয় আনন্দিত হৈছিল, তোমালোকে এতিয়া বুজি পালানে?