ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৮৪
  • স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • গাব্ৰিয়েল মৰিয়মৰ ওচৰলৈ আহিল
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ কাহিনী
my কাহিনী ৮৪
মৰিয়মে স্বৰ্গদূত গাবয়েলৰ কথা ধ্যান দি শুনিছ

কাহিনী ৮৪

স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ

ছোৱালীজনীলৈ চোৱাচোন। তাইৰ নাম হৈছে মৰিয়ম। তাই এগৰাকী ইস্ৰায়েলী ছোৱালী আৰু নাচৰৎ নামৰ নগৰখনত বাস কৰে। ঈশ্বৰে জানে যে মৰিয়ম এগৰাকী ভাল ছোৱালী হয়। সেইবাবে ঈশ্বৰে গাব্ৰিয়েল নামৰ এজন স্বৰ্গদূতৰ যোগেদি মৰিয়মৰ ওচৰলৈ এটা খবৰ পঠিয়ালে। গাব্ৰিয়েল স্বৰ্গদূতে মৰিয়মক কি কʼলে তোমালোকে জানানে? আহাঁ আমি ইয়াৰ বিষয়ে চাওঁ।

স্বৰ্গদূত গাব্ৰিয়েলে মৰিয়মক কʼলে: ‘হে মহা-অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক। প্ৰভু তোমাৰ লগত আছে।’ মৰিয়মে এই ব্যক্তিজনক কেতিয়াও দেখা নাই। তাই চিন্তাত পৰিল। তাই কথাবোৰ বুজি পোৱা নাই। মৰিয়মৰ অৱস্থা দেখি গাব্ৰিয়েলে তাইক উৎসাহিত কৰিলে।

গাব্ৰিয়েলে কʼলে: ‘হে মৰিয়ম, ভয় নকৰিবা। কিয়নো তুমি ঈশ্বৰৰপৰা অনুগ্ৰহ পালা। ঈশ্বৰে তোমাৰ বাবে এক আচৰিত কাৰ্য্য কৰিব। তুমি গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিবা আৰু তেওঁৰ নাম যীচু ৰাখিবা।’

ইয়াৰ বিষয়ে গাব্ৰিয়েলে মৰিয়মক আৰু কʼলে: ‘তেওঁ মহান হʼব আৰু সৰ্ব্বশক্তিমান ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হʼব। যিহোৱাই তেওঁক দায়ুদৰ দৰে ৰজা পাতিব। কিন্তু যীচুয়ে অনন্ত কালৰ বাবে শাসন কৰিব। তেওঁৰ ৰাজ্য কেতিয়াও বিনাশ নহʼব।’

মৰিয়মে গাব্ৰিয়েলক সুধিলে: ‘ই কেনেকৈ সম্ভৱ বাৰু? মোৰ এতিয়ালৈকে বিয়াই হোৱা নাই। মই কোনো পুৰুষৰ লগত বাস কৰা নাই, তেনে অৱস্থাত মই এটা সন্তান জন্ম দিয়াটো সম্ভৱ জানো?’

গাব্ৰিয়েলে তাইক উত্তৰ দিয়ে: ‘পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। সেইবাবে সন্তানটোক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হʼব। তোমাৰ জ্ঞাতি এলীচাবেতৰ বিষয়ে তুমি নিশ্চয় জানা। লোকসকলে তাইক বাঁজী বুলিছিল। কিন্তু তাই বৃদ্ধা অৱস্থাত গৰ্ভধাৰণ কৰিছে আৰু এটি পুত্ৰ সন্তানৰ জন্ম দিব। ঈশ্বৰে কৰিব নোৱাৰা এনে কোনো কাম নাই।’

এইবোৰ কথা শুনি মৰিয়মে কʼলে: ‘মই যিহোৱাৰ দাসী। আপুনি কোৱাৰ দৰেই মোলৈ হওক।’ তেতিয়া স্বৰ্গদূতে তাইৰ ওচৰৰপৰা গুচি গʼল।

ইয়াৰ পাছত, মৰিয়মে এলীচাবেতক দেখা কৰিবলৈ ওলাল। মৰিয়মৰ মাত শুনি এলীচাবেতৰ গৰ্ভত থকা সন্তানটোৱে আনন্দতে জঁপিয়াই উঠিল। এলীচাবেতে ঈশ্বৰৰ আত্মাৰে পূৰ হৈ মৰিয়মক কʼলে: ‘তিৰোতাসকলৰ মাজত তুমি ধন্য।’ মৰিয়মে এলীচাবেতৰ লগত প্ৰায় তিনিমাহ থাকি, নিজৰ ঘৰ নাচৰতলৈ উভতি গʼল।

যোচেফ নামৰ এজন ব্যক্তিৰ লগত মৰিয়মৰ বিয়া হোৱাৰ কথা। কিন্তু যোচেফে মৰিয়ম গৰ্ভৱতী হোৱাৰ খবৰ শুনি, তাইক বিয়া কৰিবলৈ ইচ্ছা নকৰিলে। ঈশ্বৰৰ দূতে যোচেফক কʼলে: ‘মৰিয়মক তোমাৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ ভয় নকৰিবা। কিয়নো ঈশ্বৰেহে তাইক এই সন্তান দিছে।’ মৰিয়ম আৰু যোচেফৰ বিয়া হয় আৰু তেওঁলোকে যীচুৰ জন্মৰ বাবে অপেক্ষা কৰি থাকিল।

লূক ১:২৬-৫৬; মথি ১:১৮-২৫.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক