পাঠ ৬৯
গাব্ৰিয়েল মৰিয়মৰ ওচৰলৈ আহিল
এলীচাবেতৰ সম্বন্ধীয় মৰিয়ম তাইতকৈ বহুত সৰু আছিল আৰু গালীলৰ নাচৰৎ চহৰত থাকিছিল। যোচেফৰ লগত মৰিয়মৰ বিয়া ঠিক হৈছিল, যিজনে কাঠৰ কাম কৰিছিল। যেতিয়া এলীচাবেৎ গৰ্ভৱতী হোৱা ছমাহ হৈছিল, তেতিয়া গাব্ৰিয়েল স্বৰ্গদূত মৰিয়মৰ ওচৰলৈ আহে। তেওঁ মৰিয়মক কʼলে, ‘মৰিয়ম, যিহোৱাই তোমাক আশীৰ্বাদ দিছে।’ কিন্তু মৰিয়মে তেওঁৰ কথাৰ অৰ্থ বুজি নাপালে। তেতিয়া গাব্ৰিয়েলে তেওঁক কʼলে, ‘তুমি গৰ্ভৱতী হʼবা আৰু এটি লʼৰাক জন্ম দিবা। তুমি তেওঁৰ নাম যীচু ৰাখিবা। তেওঁ ৰজা হʼব আৰু তেওঁৰ ৰাজ্য কেতিয়াও অন্ত নহʼব।’
কিন্তু মৰিয়মে কʼলে, “এয়া কেনেকৈ হʼব পাৰে, মইতো কোনো পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাই নাই?” গাব্ৰিয়েলে কʼলে, ‘যিহোৱাৰ বাবে একোৱেই অসম্ভৱ নহয়। পবিত্ৰ শক্তি তোমাৰ ওপৰত আহিব আৰু তোমাৰ এটি লʼৰা হʼব। তোমাৰ সম্বন্ধীয় এলীচাবেতেও গৰ্ভৱতী হৈছে।’ তেতিয়া মৰিয়মে কʼলে, “মইতো যিহোৱাৰ দাসী হওঁ! আপুনি যেনেকৈ কৈছে, মোৰ লগত সেইদৰেই হওক।”
মৰিয়মে এলীচাবেতক লগ কৰিবলৈ পাহাৰত থকা এখন চহৰলৈ গʼল। যেতিয়া মৰিয়েম এলীচাবেতক নমস্কাৰ কৰিলে, তেতিয়া এলীচাবেতে অনুভৱ কৰিলে যে তেওঁৰ পেটত থকা লʼৰাটিয়ে নাচি উঠিল। তাৰ পাছত এলীচাবেৎ পবিত্ৰ শক্তিৰে পূৰ্ণ হʼল আৰু তেওঁ কʼলে, ‘মৰিয়ম, যিহোৱাই তোমাক আশীৰ্বাদ দিছে। এয়া মোৰ কাৰণে ডাঙৰ সন্মান যে মোৰ প্ৰভুৰ মায়ে মোৰ ঘৰলৈ আহিছে।’ মৰিয়মে কʼলে, ‘মই সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ প্ৰশংসা কৰিছোঁ।’ মৰিয়মে তিনি মাহলৈকে এলীচাবেতৰ লগতে থাকিল। তাৰ পাছত তেওঁ নিজৰ ঘৰ নাচৰতলৈ উভতি গʼল।
যেতিয়া যোচেফে গʼম পালে যে মৰিয়ম গৰ্ভৱতী হৈছে, তেতিয়া তেওঁ মৰিয়মক বিয়া কৰিব বিচৰা নাছিল। কিন্তু সপোনত এজন স্বৰ্গদূতে যোচেফক কʼলে, ‘তুমি মৰিয়মক বিয়া কৰিবলৈ ভয় নকৰিবা, কিয়নো তাই একো ভুল কৰা নাই।’ তেতিয়া যোচেফে মৰিয়মক নিজৰ পত্নী কৰি লʼলে আৰু নিজৰ ঘৰলৈ লৈ গʼল।
‘আকাশ-মণ্ডল আৰু পৃথিৱীত, . . . যিহোৱাৰ যি ইচ্ছা তাকেই কৰে।’—গীতমালা ১৩৫:৬