ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bhs পৃষ্ঠা ৩-৭
  • ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?
  • বাইবেলে আমাক কি শিকায়?
  • বাইবেল শিকায় পঢ়ক
  • উপশীৰ্ষক
  • বাইবেলে শিক্ষা দিয়ে যে ঈশ্বৰে এই পৃথিৱীত ডাঙৰ ডাঙৰ কাৰ্য্য কৰিব।
  • বাইবেলৰ শিক্ষাৰপৰা লাভৱান হওক
বাইবেলে আমাক কি শিকায়?
bhs পৃষ্ঠা ৩-৭

ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?

যেতিয়া আপুনি যিকোনো বাতৰি কাকত বা টিভি বা ৰেডিঅ’ত অপৰাধ, যুদ্ধ আৰু সন্ত্ৰাসবাদ আদিৰ বাতৰি শুনিবলৈ পায়। হয়তো আপুনি নিজেও কোনো সমস্যা ভুগি আছে, যেনে বেমাৰ-আজাৰ বা আপুনি আপোনজনাক মৃত্যুত হেৰুৱাইছে।

এটা পৰিয়ালে ৰেডিঅʼত বাতৰি শুনিছে

আপুনি নিজকে এইদৰে শুধিব পাৰে:

  • মোৰ পৰিয়াল আৰু মোৰ বাবে ঈশ্বৰৰ এয়ে উদ্দেশ্য আছিল নেকি?

  • মই সন্মুখীন হোৱা সমস্যাবোৰৰ সমাধান ক’ত বিচাৰি পাম?

  • এই পৃথিৱীত কেতিয়াবা শান্তি হ’বনে?

বাইবেলে এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিছে।

বাইবেলে শিক্ষা দিয়ে যে ঈশ্বৰে এই পৃথিৱীত ডাঙৰ ডাঙৰ কাৰ্য্য কৰিব।

  • লোকসকলক কেতিয়াও দুখ-কষ্ট ভুগিবলগীয়া নহ’ব, তেওঁলোক বৃদ্ধ নহ’ব আৰু মৃত্যুও নহ’ব।—প্ৰকাশিত বাক্য ২১:৪

  • “খোৰাই হৰিণীৰ দৰে ডেও দিব।”—যিচয়া ৩৫:৬

  • “অন্ধবিলাকৰ চকু খোলা হব।”—যিচয়া ৩৫:৫

  • মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব।—যোহন ৫:২৮, ২৯

  • কোনো লোক বেমাৰ নহ’ব।—যিচয়া ৩৩:২৪

  • পৃথিৱীত সকলোৰ বাবে প্ৰচুৰ আহাৰ হ’ব।—গীতমালা ৭২:১৬

    বুঢ়া ডেকা হʼব, লেঙেৰাই দৌৰিব, মৃতসকলক পুনৰুত্থান কৰা হʼব, বেমাৰীক সুষ্ঠ কৰা হʼব আৰু অন্ধৰ চকু খোলা হ‘ব

বাইবেলৰ শিক্ষাৰপৰা লাভৱান হওক

এজন যিহোৱাৰ সাক্ষীয়ে এজন ব্যক্তিক বাইবেল অধ্যয়ন কৰিছে

আগৰ পৃষ্ঠাবোৰত ভৱিষ্যতৰ বিষয়ে যি কোৱা হৈছে, তাক পঢ়ি হয়তো আপুনি ভাবিব পাৰে এইবোৰ সপোন হয়। কিন্তু, বিশ্বাস কৰক এইবোৰ নিশ্চয় পূৰ হ’ব, কিয়নো এয়া ঈশ্বৰে কৰা প্ৰতিজ্ঞা হয় আৰু তেওঁ নিজৰ প্ৰতিজ্ঞা অতি সোনকালে পূৰ কৰিব। বাইবেলত বৰ্ণনা কৰা হৈছে তেওঁ নিজৰ প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিব।

ইয়াৰ উপৰিও, বাইবেলে এই বিষয়েও উল্লেখ কৰিছে যে যদি আমি জীৱনত প্ৰকৃত আনন্দ লাভ কৰিব বিচাৰোঁ, তেনেহ’লে আমি কি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, খন্তেকৰ বাবে আপুনি নিজৰ সমস্যাৰ বিষয়ে চিন্তা কৰকচোন। যেনে পৰিয়ালৰ সমস্যা, বেমাৰ-আজাৰ, টকা-পইচা বা আপোনাজনাক মৃত্যুত হেৰুৱাইছে, সেইবাবে আপুনি দুখী অনুভৱ কৰিছে। বাইবেলৰ সহায়ত আপুনি এই সকলো সমস্যাৰ সন্মুখীন হ’ব পাৰিব। ইয়াৰ উপৰিও, এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলত উল্লেখ আছে যিয়ে আপোনাক শান্ত্বনা দিব পাৰে:

  • আমি কিয় দুখ-কষ্ট ভুগিবলগীয়া হৈছে?

  • আমি কেনেকৈ আমাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰোঁ?

  • আমাৰ পৰিয়াল সুখী হ’ব পাৰেনে?

  • মৃত্যু হ’লে আমাৰ কি হয়?

  • আমি মৃত হোৱা আপোনজনাক পুনৰ লগ পামনে?

  • আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ যে ঈশ্বৰে তেওঁৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব?

আপুনি এই কিতাপখন পঢ়াৰ দ্বাৰা দেখুৱাই যে বাইবেলে কি শিকায়, তাৰ বিষয়ে জানিবলৈ আপুনি আগ্ৰহী। এই কিতাপখনৰ সকলো অধ্যায়ৰ অনুচ্ছেদৰ বাবে প্ৰশ্ন দিয়া আছে, যি আলোচনা কৰিলে আপুনি বাইবেলৰ বিষয়ে আৰু ভালকৈ বুজি পাব। কোটি কোটি লোকসকলে যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা আনন্দ লাভ কৰিছে। আমি আশা কৰোঁ যে আপুনিও বাইবেল অধ্যয়নৰ দ্বাৰা আনন্দিত হ’ব। আমাৰ প্ৰাৰ্থনা যে ঈশ্বৰে যাতে আপোনাক আশীৰ্বাদ কৰে।

বাইবেলৰ বিষয়ে ভালদৰে জানক

বাইবেলখন মুঠ ৬৬ খন কিতাপ আৰু পত্ৰৰ দ্বাৰা গঠিত। প্ৰত্যেক কিতাপ আৰু পত্ৰক অধ্যায়বোৰত আৰু প্ৰত্যেক অধ্যায়বোৰক পদত বিভাজিত কৰা হৈছে, যাতে বাইবেলৰ পদবোৰ বিচাৰিবলৈ সহজ হয়। এই কিতাপত বাইবেলৰ পদবোৰ এইদৰে দিয়া হৈছে: প্ৰথমে কিতাপৰ নাম, আকৌ অধ্যায়ৰ সংখ্যা আৰু তাৰ পাছত পদৰ সংখ্যা দিয়া আছে। উদাহৰণস্বৰূপে, “২ তীমথিয় ৩:১৬” ৰ অৰ্থ হৈছে তীমথিয়ৰ দ্বিতীয় পত্ৰ, ৩ অধ্যায় আৰু ১৬ পদ।

এই কিতাপখনত উল্লেখ কৰা পদবোৰ বাইবেলৰপৰা খুলি পঢ়িলে আপুনি বাইবেল ব্যৱহাৰ কৰিবলৈ শিকিব। আপুনি প্ৰতিদিনে বাইবেল পঢ়িবলৈ আৰম্ভ কৰিব পাৰে। যদি আপুনি প্ৰতিদিনে ৩ ৰপৰা ৫ অধ্যায় পঢ়ে, তেনেহ’লে সম্পূৰ্ণ বাইবেলখন এবছৰৰ ভিতৰত পঢ়ি শেষ কৰিব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক