ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ypq প্ৰশ্ন ১০ পৃষ্ঠা ৩০-৩১
  • পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?
  • কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
  • মিল থকা বিষয়
  • আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
    আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
    এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
  • ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
ypq প্ৰশ্ন ১০ পৃষ্ঠা ৩০-৩১
এজন কিশোৰে গছৰ তলত বহি শাত্ৰ পঢ়িছ

প্ৰশ্ন ১০

পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?

ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ

পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে যে “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) যদি এয়া সত্য হয়, তেনেহʼলে পবিত্ৰ শাস্ত্ৰই আপোনাক প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়াব পাৰিব।

আপুনি কি কৰিব?

কল্পনা কৰক: দীপে গাড়ী চলাই চলাই এনে এখন ঠাইত উপস্থিত হয়, যʼত কোনো বস্তুৱেই তাৰ বাবে চিনাকী নাছিল। ৰাস্তাত লগোৱা বোৰ্ডৰপৰা সি বুজিব পাৰিলে যে সি ভুল পথলৈ গৈ আছে। দীপে ৰাস্তা হেৰুৱালে। হয়তো কোনোবা এটা কেঁকুৰিত সি ভুল পথ বাছনি কৰিলে।

যদি আপুনি দীপৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

গন্তব্যস্থান পাবলৈ আপোনাৰ ওচৰত কেইবাটাও উপায় আছে:

  1. ১. সঠিক ৰাস্তাৰ বিষয়ে কাৰোবাক সোধক।

  2. ২. মানচিত্ৰ বা জী.পী.এচৰ সহায় লওক।

  3. ৩. যিকোনো উপায়েৰে গন্তব্যস্থান পাম বুলি গাড়ী চলাই থাকক।

নিঃসন্দেহ তৃতীয় উপায়টো ব্যৱহাৰিক নহʼব।

দ্বিতীয় উপায়টো প্ৰথমটোতকৈ বেছি উপযোগী হʼব। কিয়নো এখন মানচিত্ৰ বা জী.পী.এচ প্ৰতিটো মুহূৰ্ত্ততে আপোনাৰ লগত থাকিব আৰু সঠিক পথৰ বিষয়ে আপোনাক নিৰ্দেশনা দি থাকিব।

ঠিক সেইদৰে, পবিত্ৰ শাস্ত্ৰয়ো আপোনাক নিৰ্দেশনা দিব পাৰে।

সবাতোতকৈ বেছি বিক্ৰী হোৱা ই এখন বিখ্যাত কিতাপ

  • জীৱনৰ সকলো সমস্যা সমাধান কৰিবলৈ সহায় কৰিব পাৰে

  • নিজৰ বিষয়ে জানিবলৈ আৰু নিজকে এজন ভাল ব্যক্তিৰূপে গঢ়ি তুলিবলৈ সহায় কৰিব পাৰে

  • আনন্দেৰে জীৱন অতিবাহিত কৰাৰ উপায় কি, তাৰ বিষয়ে কʼব পাৰে

জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ পাওক

কথা কʼবলৈ আৰম্ভ কৰাৰে পৰা আমি প্ৰশ্ন কৰিবলৈ ধৰোঁ।

  • আকাশখন নীলা কিয় বাৰু?

  • তৰাবোৰ কʼৰপৰা আহিল?

লাহে লাহে আমি আমাৰ চাৰিওফালে থকা পৰিস্থিতিৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰোঁ।

  • আমাৰ জীৱনলৈ দুখ-কষ্ট কিয় আহে?

  • মানুহৰ মৃত্যু কিয় হয়?

এই সকলো প্ৰশ্নৰ উত্তৰ বাইবেলত আছে নেকি?

বহুতোলোকে কয় যে বাইবেল এখন কল্পনা-কাহিনীৰ কিতাপ, পুৰণি কালৰ কিতাপ অথবা ইয়াক বুজিবলৈ বৰ কঠিন। কিন্তু সঁচাকৈ এনেকুৱা হয়নে, নে লোকসকলে নিজৰ মতামত পোষণ কৰিছে? হয়তো কোনোবাই তেওঁলোকক বিপথে পৰিচালিত কৰিছে।

উদাহৰণস্বৰূপে, বহুতোলোকে কয় যে ঈশ্বৰে এই পৃথিৱীখনক নিয়ন্ত্ৰণ কৰিছে। কিন্তু ই কেনেকৈ সম্ভৱ? আজি এই পৃথিৱীখন নিয়ন্ত্ৰণৰ বাহিৰত হৈ গৈছে। চাৰিওফালে দুখ আৰু বেদনাৰ বাহিৰে আৰু একো নাই। বেমাৰ আৰু মৃত্যু, দৰিদ্ৰতা আৰু বিনাশ! এই সকলোবোৰৰ বাবে এজন মৰমিয়াল ঈশ্বৰ দায়ী নে?

আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ জানিব বিচাৰেনে? পৃথিৱীখনক আচলতে কোনে নিয়ন্ত্ৰণ কৰি আছে, ইয়াৰ বিষয়ে দিয়া বাইবেলৰ উত্তৰে হয়তো আপোনাক আচৰিত কৰি তুলিব পাৰে।

এতিয়ালৈকে আপুনি লক্ষ্য কৰিব পাৰিছে যে এই ব্ৰচাৰখনত উল্লেখ কৰা উপদেশবোৰ বাইবেলৰ আধাৰিত হয়। যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে বাইবেলৰ উপদেশবোৰ নিৰ্ভৰযোগ্য। কিয়নো বাইবেলখন “ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৬, ১৭) পুৰণি হোৱাৰ সত্বেও বাইবেলখন বৰ্তমান সময়তো সকলোৰে বাবে ব্যৱহাৰিক। কেনেকৈ বাৰু? আপুনি নিজেই পৰীক্ষা কৰক।

অধিক জানিবলৈ!

বাইবেল কিয় অধ্যয়ন কৰা উচিত?

www.pr418.com ৱেবচাইটত থকা বাইবেল কিয় অধ্যয়ন কৰা উচিত? ভিডিঅʼখন চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক