ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T-৩০ পৃষ্ঠা ১-৪
  • আপুনি বাইবেলৰ বিষয়ে কি ভাবে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
  • আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
  • মিল থকা বিষয়
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
    ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
    মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰ ৰাজ্য কি হয়?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
আৰু চাওক
আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
T-৩০ পৃষ্ঠা ১-৪

আপুনি বাইবেলৰ বিষয়ে কি ভাবে?

আপুনি কʼব নেকি যে . . .

  • মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ?

  • পৌৰাণিক কাহিনী বা গল্পৰ কিতাপ?

  • ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এখন কিতাপ?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।”—২ তীমথিয় ৩:১৬, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ সঠিক উত্তৰ।—হিতোপদেশ ২:১-৫.

দৈনন্দিন জীৱনৰ বাবে নিৰ্ভৰযোগ্য নিৰ্দ্দেশনা।—গীতমালা ১১৯:১০৫.

ভৱিষ্যতৰ বাবে প্ৰকৃত আশা।—ৰোমীয়া ১৫:৪.

এগৰাকী মহিলা আৰু এজন পুৰুষে বাইবেল পঢ়িছ; এটা সুখী পৰিয়ালে বাহিৰত আনন্দৰে সময় কটাইছ

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত তিনিটা কাৰণৰ বাবে:

  • আচৰিত ভাৱে মিল আছে। বাইবেলখন লিখিবলৈ ১,৬০০ বছৰতকৈ বেছি সময় লাগিছিল আৰু ইয়াক ৪০ জন ব্যক্তিয়ে লিখিছিল। তেওঁলোকৰ বেছিভাগে এজনে-আনজনক দেখা নাছিল। তথাপিও, গোটেই বাইবেলখন এটা মূল বিষয়ৰ লগত মিল আছে।

  • সত্য ইতিহাস। বুৰঞ্জীবিদসকলে প্ৰায়ে, নিজ দেশৰ লোকসকলৰ ভুল-ত্ৰুটি বা তেওঁলোকে সন্মুখীন হোৱা পৰাজয়বোৰৰ বিষয়ে বৰ্ণনা নকৰে। কিন্তু তাৰ পৰিৱৰ্তে, বাইবেলৰ লেখকসকলে নিজৰ আৰু ৰাষ্ট্ৰত হোৱা ভুল-ত্ৰুটিবোৰৰ বিষয়ে উল্লেখ কৰিছে।—২ বংশাৱলি ৩৬:১৫, ১৬; গীতমালা ৫১:১-৪.

  • নিৰ্ভৰযোগ্য ভৱিষ্যতবাণী। বাবিল মহানগৰৰ বিনাশৰ বিষয়ে বাইবেলত প্ৰায় ২০০ বছৰৰ আগতে ভৱিষ্যতবাণী কৰা হৈছিল। (যিচয়া ১৩: ১৭-২২) এই ভৱিষ্যতবাণীত বাবিল মহানগৰখন কেনেকৈ ধ্বংস কৰা হʼব আৰু কোনে ইয়াক পৰাজয় কৰিব তেওঁৰ নামো উল্লেখ কৰা হৈছিল।—যিচয়া ৪৫:১-৩.

    সময় অতিবাহিত হোৱাৰ লগে লগে বাইবেলৰ বহুতো ভৱিষ্যতবাণী বিতংভাৱে পূৰ হোৱা দেখিবলৈ পোৱা যায়। ঈশ্বৰৰ বাক্যৰপৰা আমি এনে হোৱাটো নিশ্চয় আশা কৰোঁ, নহয়নে বাৰু?—২ পিতৰ ১:২১.

এই বিষয়ে চিন্তা কৰক

দেউতাক, মাক, ল’ৰা আৰু ছাৱালী

বাইবেলে আপোনাৰ জীৱনত কেনেকৈ সহায় কৰিব?

বাইবেলে ইয়াৰ উত্তৰ যিচয়া ৪৮:১৭, ১৮ আৰু ২ তীমথিয় ৩:১৬, ১৭ পদত দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক