ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T-৩৬ পৃষ্ঠা ১-৪
  • ঈশ্বৰৰ ৰাজ্য কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য কি হয়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
  • মিল থকা বিষয়
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
    ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
    এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
    মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
আৰু চাওক
ঈশ্বৰৰ ৰাজ্য কি হয়?
T-৩৬ পৃষ্ঠা ১-৪
বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ বাবে পাৰ্থনা কৰিছ

ঈশ্বৰৰ ৰাজ্য কি হয়?

আপুনি কি ভাবে . . .

  • মানুহৰ মনৰ ভাৱনা?

  • এটা কাল্পনিক কাহিনী?

  • নে এখন স্বৰ্গৰ চৰকাৰ?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে ​কেতিয়াও বিনষ্ট নহব।”—দানিয়েল ২:৪৪, পবিত্ৰ বাইবেল O.V. (Ref.)

“আমাক এটি পুত্ৰ দান কৰা হল; আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হব।”—যিচয়া ৯:৬.

আপোনাৰ বাবে কি অৰ্থ ৰাখে

  • এখন ধাৰ্ম্মিক চৰকাৰ, যি আপোনাক ব্যক্তিগতভাৱে উপকাৰ কৰিব।—যিচয়া ৪৮:১৭, ১৮.

  • আহিবলগীয়া নতুন পৃথিৱীত আপুনি সুস্থ শৰীৰ আৰু সুখী জীৱন লাভ কৰিব।—প্ৰকাশিত বাক্য ২১:৩, ৪.

ঈশ্বৰৰ ৰাজ্যৰ অধীনত লোকসকলে পমোদবনত জীৱনৰ আনন্দ উপভোগ কৰিছ আৰু বাগিচাত কাম কৰিছ

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত দুটা কাৰণৰ বাবে:

  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব তাক যীচু খ্ৰীষ্টই দেখুৱালে। ঈশ্বৰৰ ৰাজ্য আহিবলৈ আৰু তেওঁৰ ইচ্ছা এই পৃথিৱীত পূৰ হʼবলৈ, যীচু খ্ৰীষ্টই শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:৯,১০) সেই প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়া হʼব তাক যীচুয়ে প্ৰদৰ্শন কৰি দেখুৱালে।

    এই পৃথিৱীত থকাৰ সময়ত যীচুয়ে ভোকাতুৰ লোকসকলক আহাৰ খুৱাইছিল, ৰোগীসকলক সুস্থ কৰিছিল আৰু মৃত লোকসকলক পুনৰ জীৱিত কৰিছিল! (মথি ১৫:২৯-৩৮; যোহন ১১:৩৮-৪৪) ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাবে যীচুয়ে তেওঁৰ অধীনত থকা লোকসকলৰ বাবে ভৱিষ্যতে কি কৰিব, তেওঁ তাৰ এটা সুন্দৰ আৰ্হি দেখুৱালে।—প্ৰকাশিত বাক্য ১১:১৫.

  • বৰ্তমানৰ পৰিস্থিতিয়ে প্ৰমাণ কৰে যে ঈশ্বৰৰ ৰাজ্য অতি সোনকালে আহিব। যীচুয়ে ভৱিষ্যতবাণী কৰিছিল যে ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শান্তি স্থাপন কৰাৰ আগতে, গোটেই পৃথিৱীজোৰি যুদ্ধ, আকাল আৰু ভূমিকম্প হʼব।—মথি ২৪:৩, ৭.

    এই ঘটনাবোৰ আজি আমি আমাৰ চাৰিওফালে দেখিবলৈ পাওঁ। গতিকে, আমি নিশ্চিত হʼব পাৰো যে অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই এই সকলোবোৰ সমস্যা দূৰ কৰিব।

এই বিষয়ে চিন্তা কৰক

ঈশ্বৰৰ ৰাজ্যই সুন্দৰ পৃথিৱীখনক শাসন  কৰিছ

ঈশ্বৰৰ ৰাজ্যৰ অধীনত জীৱন কেনেকুৱা হʼব?

বাইবেলে ইয়াৰ উত্তৰ গীতমালা ৩৭:২৯ আৰু যিচয়া ৬৫:২১-২৩ পদত দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক