ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T৩৪ পৃষ্ঠা ১-৪
  • দুখ-কষ্টৰ অন্ত হʼবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুখ-কষ্টৰ অন্ত হʼবনে?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
  • মিল থকা বিষয়
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
    ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
    মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰ ৰাজ্য কি হয়?
  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
    এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
আৰু চাওক
দুখ-কষ্টৰ অন্ত হʼবনে?
T৩৪ পৃষ্ঠা ১-৪

দুখ-কষ্টৰ অন্ত হʼবনে?

আপুনি কি ভাবে . . .

  • হʼব?

  • নহʼব?

  • সম্ভৱত?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“ঈশ্বৰ . . . তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকাশিত বাক্য ২১:৩, ৪, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

আমি সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে ঈশ্বৰ দায়ী নহয়।—যাকোব ১:১৩.

দুখ-কষ্টৰ সন্মুখীন হʼলে আমি কেনেদৰে অনুভৱ কৰোঁ তাৰ বিষয়ে ঈশ্বৰে বুজি পায়।—জখৰিয়া ২:৮.

সকলো দুখ-কষ্টৰ অন্ত হʼব বুলি আশা দিয়ে।—গীতমালা ৩৭:৯-১১.

এজন মানুহে বাইবেলখন পঢ়ি, দুখ-কষ্ট আৰু অন্যায়বোৰৰ অন্ত হোৱাৰ বিষয়ে কপনা কৰিছ

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত দুটা কাৰণৰ বাবে:

  • ঈশ্বৰে দুখ-কষ্ট আৰু অন্যায় ঘৃণা কৰে। প্ৰাচীন সময়ত যেতিয়া ঈশ্বৰৰ লোকসকলৰ লগত দুৰ্ব্যৱহাৰ কৰা হৈছিল, তেতিয়া যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰিছিল তাৰ বিষয়ে চিন্তা কৰক। বাইবেলে বৰ্ণনা কৰিছে যে “তাড়না কৰোঁতাবিলাকৰ আগত তেওঁবিলাকে কেঁকনিকোৱা” দেখি যিহোৱা ঈশ্বৰৰ মনত আঘাত লাগিছিল।—বিচাৰকৰ্ত্তাবিলাক ২:১৮.

    আনক হানি কৰা লোকসকলক ঈশ্বৰে ভাল নাপায়। উদাহৰণস্বৰূপে, বাইবেলে বৰ্ণনা কৰিছে যে “নিৰ্দ্দোষীৰ ৰক্তপাতী” হাতক যিহোৱা ঈশ্বৰে ঘৃণা কৰে।—হিতোপদেশ ৬:১৬, ১৭.

  • ব্যক্তিগতভাৱে ঈশ্বৰে আমাৰ যত্ন লয়। কেৱল মানুহে “নিজৰ পীড়া আৰু দুখ” বুজে এনে নহয়, কিন্তু যিহোৱা ঈশ্বৰেও বুজি পায়।—২ বংশাৱলি ৬:২৯, ৩০.

    অতি সোনকালে, যিহোৱা ঈশ্বৰে তেওঁৰ ৰাজ্যৰ যোগেদি প্ৰতিজন ব্যক্তিৰ দুখ-কষ্ট অন্ত কৰিব। (মথি ৬:৯, ১০) কিন্তু সেই ৰাজ্য নহালৈকে, যিহোৱা ঈশ্বৰে নম্ৰ লোকসকলক শান্ত্বনা দি থাকিব।—পাঁচনিৰ কৰ্ম্ম ১৭:২৭; ২ কৰিন্থীয়া ১:৩, ৪.

এই বিষয়ে চিন্তা কৰক

দুগৰাকী মহিলাই বাইবেল অধ্যয়ন কৰিছ

ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে?

বাইবেলে ইয়াৰ উত্তৰ ৰোমীয়া ৫:১২ আৰু ২ পিতৰ ৩:৯ পদত দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক