ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T-৩১ পৃষ্ঠা ১-৪
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰ ৰাজ্য কি হয়?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
    এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
    মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
আৰু চাওক
ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
T-৩১ পৃষ্ঠা ১-৪

ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?

আমাৰ পৃথিৱীখনৰ পৰিস্থিতি . . .

  • একেই থাকিবনে?

  • আৰু বেয়ালৈ ঢাল খাব নেকি?

  • নে ভাললৈ পৰিৱৰ্তন হʼব?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“ঈশ্বৰ . . . তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:৩, ৪, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

অৰ্থপূৰ্ণ আৰু আনন্দৰ কাম থাকিব।—যিচয়া ৬৫:২১-২৩.

বেমাৰ বা কোনো ধৰণৰ দুখ-কষ্ট নাথাকিব।—যিচয়া ২৫:৮; ৩৩:২৪.

পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অনন্ত জীৱন।—গীতমালা ৩৭:১১, ২৯.

এজন পুৰুষ আৰু এগৰাকী মহিলাই ভৱিষ্যতৰ বাবে আশাবাদী; এজনী সৰু ছাৱালীয়ে গছত পানী দিছ; লোকসকলে এটা ঘৰ নিৰ্মাণ কৰিছ

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত দুটা কাৰণৰ বাবে:

  • প্ৰতিজ্ঞাবোৰ পূৰ কৰিবলৈ ঈশ্বৰৰ সামৰ্থ আছে। যিহোৱা ঈশ্বৰৰ অসীম শক্তি থকাৰ বাবে বাইবেলত তেওঁক “সৰ্ব্বশক্তিমান” বুলি কোৱা হৈছে। (প্ৰকাশিত বাক্য ১৫:৩) গতিকে, ঈশ্বৰে প্ৰতিজ্ঞা কৰা অনুসৰি এই পৃথিৱীখনৰ পৰিস্থিতি সম্পূৰ্ণৰূপে ভাললৈ পৰিৱৰ্তন কৰাৰ তেওঁৰ শক্তি আৰু সামৰ্থ আছে। ঈশ্বৰৰ পক্ষে “সকলো সাধ্য” বুলি বাইবেলে উল্লেখ কৰিছে।—মথি ১৯:২৬.

  • ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰিবলৈ ইচ্ছুক। মৃত লোকসকলক পুনৰ জীৱন দিবলৈ যিহোৱা ঈশ্বৰে “হাবিয়াহ” কৰে।—ইয়োব ১৪:১৪, ১৫.

    বাইবেলে বৰ্ণনা কৰিছে যে ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টই বেমাৰী লোকসকলক সুস্থ কৰিছিল। তেওঁ কিয় লোকসকলক সুস্থ কৰিছিল? কাৰণ তেওঁ এনে কৰিবলৈ ইচ্ছা কৰিছিল। (মাৰ্ক ১:৪০, ৪১) পিতৃৰ দৰে যীচু খ্ৰীষ্ট নিজেও লোকসকলক সহায় কৰিব বিচাৰিছিল।—যোহন ১৪:৯.

    গতিকে, আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই, আমি এক সুখী ভৱিষ্যতৰ আনন্দ লোৱাটো বিচাৰে।—গীতমালা ৭২:১২-১৪; ১৪৫:১৬; ২ পিতৰ ৩:৯.

এই বিষয়ে চিন্তা কৰক

জন মানুহে বাইবেলৰ এটা পদলৈ আঙুলিয়াইছ

ঈশ্বৰে আমাৰ পৃথিৱীখনৰ পৰিস্থিতি কেনেকৈ ভাললৈ পৰিৱৰ্তন কৰিব?

বাইবেলে ইয়াৰ উত্তৰ মথি ৬:৯, ১০ আৰু দানিয়েল ২:৪৪ পদত দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক