ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T-35 পৃষ্ঠা ১-৪
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
  • মিল থকা বিষয়
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
    ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
    এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰ ৰাজ্য কি হয়?
আৰু চাওক
মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
T-35 পৃষ্ঠা ১-৪
মা-দেউতাকে নিজৰ মৃত ছাৱালীজনীৰ ছবিবোৰলৈ চাই আছ

মৃত লোকসকল পুনৰ জীৱিত হʼবনে?

আপুনি কি ভাবে . . .

  • হʼব?

  • নহʼব?

  • সম্ভৱত?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“পুনৰুত্থান হব।”—পাঁচনিৰ কৰ্ম্ম ২৪:১৫, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

আপোনজনাৰ মৃত্যু হʼলে শান্ত্বনা পোৱা যায়।—২ কৰিন্থীয়া ১:৩, ৪.

মৃত্যুৰ ভয়ৰপৰা মুক্তি দিয়ে।—ইব্ৰী ২:১৫.

মৃত্যু হোৱা আপোন লোকসকলক পুনৰ দেখা পোৱাৰ প্ৰকৃত আশা।—যোহন ৫:২৮, ২৯.

এটা পৰিয়ালৰ আৰু এগৰাকী বিধবাই পুনৰুত্থানৰ আশাৰ বাবে শান্ত্বনা লাভ কৰিছ

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত তিনিটা কাৰণৰ বাবে:

  • সৰ্ব্বশক্তিমান ঈশ্বৰ হৈছে সকলোৰে সৃষ্টিকৰ্ত্তা। যিহোৱা ঈশ্বৰক বাইবেলে “জীৱনৰ ভুমুক” বুলি উল্লেখ কৰিছে। (গীতমালা ৩৬:৯; পাঁচনিৰ কৰ্ম্ম ১৭:২৪, ২৫) ঈশ্বৰে আমাক জীৱন দিছে আৰু সেইবাবে মৃত্যু হোৱা এজন ব্যক্তিক পুনৰ জীৱন দিয়াটো তেওঁৰ বাবে কোনো অসম্ভৱ নহয়।

  • অতীতত ঈশ্বৰে মৃত লোকসকলক পুনৰুত্থান কৰিছিল। আঠজন ব্যক্তিক এই পৃথিৱীত পুনৰুত্থান কৰাৰ বিষয়ে বাইবেলত উল্লেখ আছে। তেওঁলোকৰ ভিতৰত পুৰুষ, মহিলা, সৰু লʼৰা-ছোৱালী আৰু বৃদ্ধলোকো আছিল। কেইজনমানক মৃত্যু হোৱাৰ কিছু সময়ৰ পাছত পুনৰুত্থান কৰা হৈছিল, কিন্তু এজন ব্যক্তিক মৃত্যুৰ চাৰিদিনৰ পাছত কবৰৰপৰা পুনৰুত্থান কৰা হৈছিল।—যোহন ১১:৩৯-৪৪.

  • যিহোৱা ঈশ্বৰে পুনৰুত্থান কৰিবলৈ ইচ্ছুক। যিহোৱা ঈশ্বৰে মৃত্যুক ঘৃণা কৰাৰ উপৰিও, ইয়াক এটা শত্ৰু হিচাপে দৃষ্টি কৰে। (১ কৰিন্থীয়া ১৫:২৬) ঈশ্বৰে লোকসকলক পুনৰুত্থান কৰাৰ যোগেদি মৃত্যুক জয় কৰিবলৈ “হাবিয়াহ” কৰে। তেওঁৰ স্মৃতিত থকা লোকসকলক পুনৰ জীৱন দি, যিহোৱা ঈশ্বৰে তেওঁলোকক এই পৃথিৱীত চাবলৈ ইচ্ছা কৰে।—ইয়োব ১৪:১৪, ১৫.

এই বিষয়ে চিন্তা কৰক

এটা সৰু ল’ৰা ক্ৰমাগতভাৱে বৃদ্ধ হৈ পৰিছ

আমি কিয় বৃদ্ধ হওঁ আৰু মৰোঁ?

বাইবেলে ইয়াৰ উত্তৰ আদিপুস্তক ৩:১৭-১৯ আৰু ৰোমীয়া ৫:১২ পদত দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক