পাঠ ৫৭
যিহোৱাই যিৰিমিয়াক প্ৰচাৰ কৰিবলৈ পঠালে
যিহোৱাই যিৰিমিয়াক ভৱিষ্যবক্তা হিচাপে বাছনি কৰিলে যাতে তেওঁ যিহূদাৰ লোকসকলক প্ৰচাৰ কৰিব পাৰে। যিহোৱাই তেওঁক কʼলে যে তেওঁ যেন লোকসকলক বেয়া কাম কৰিবলৈ এৰি দিবলৈ কয়। কিন্তু যিৰিমিয়াই কʼলে, ‘হে যিহোৱা, মই লোকসকলৰ লগত কথা পাতিব নাজানোঁ, মই কেৱল এজন লʼৰা হওঁ।’ কিন্তু যিহোৱাই তেওঁক কʼলে, ‘ভয় নকৰিবা, মই তোমাক সহায় কৰিম। তুমি কি কʼব লাগে, সেয়া মই তোমাক জনাম।’
যিহোৱাই যিৰিমিয়াক লোকসকলৰ মুৰব্বীসকলক একগোট কৰিবলৈ আৰু তেওঁলোকৰ সন্মুখত মাটিৰ পানীৰ পাত্ৰ এটা ভাঙি এইদৰে কʼবলৈ কʼলে, ‘এইদৰে যিৰূচালেমকো ধ্বংস কৰা হʼব।’ যেতিয়া যিৰিমিয়াই এইদৰে কৰিলে, তেতিয়া মুৰব্বীসকলৰ বহুত খং উঠিল। পচহুৰ নামৰ এজন পুৰোহিতে যিৰিমিয়াক মাৰিলে আৰু তেওঁৰ হাত-ভৰি কাঠত বান্ধি দিলে। গোটেই ৰাতি যিৰিমিয়াই লৰচৰ কৰিব নোৱাৰিলে। পাছ দিনা ৰাতিপুৱা পচহুৰে তেওঁক এৰি দিলে। যিৰিমিয়াই কʼলে, ‘বহুত হʼল। মই আৰু প্ৰচাৰ নকৰোঁ।’ যিৰিমিয়াই সঁচাকৈ প্ৰচাৰ কৰিবলৈ এৰি দিলে নে? নেৰিলে। যেতিয়া তেওঁ এই বিষয়ে ভাবিলে, তেতিয়া তেওঁ কʼলে, ‘যিহোৱাৰ বাৰ্তা মোৰ ভিতৰত জুইৰ দৰে জ্বলি আছে। মই প্ৰচাৰ কৰিবলৈ বন্ধ কৰিব নোৱাৰোঁ।’ তেওঁ ধ্বংসৰ বিষয়ে প্ৰচাৰ কৰি থাকিল।
বহু বছৰ পাৰ হʼল আৰু যিহূদাত নতুন এজন ৰজাই শাসন কৰি আছিল। পুৰোহিত আৰু মিছা ভৱিষ্যবক্তাসকলে যিৰিমিয়াৰ বাৰ্তাক একেবাৰে ভাল পোৱা নাছিল। সেইবাবে, তেওঁলোকে প্ৰধান লোকসকলক কʼলে, ‘এই মানুহজন মৃত্যুৰ শাস্তি পোৱাৰ যোগ্য।’ যিৰিমিয়াই কʼলে, ‘যদি আপোনালোকে মোক মাৰি পেলায়, তেনেহʼলে এজন নিৰ্দোষী মানুহক মাৰি পেলোৱাৰ দৰে হʼব। মই নিজৰ কথা কোৱা নাই, ইয়াৰ পৰিৱৰ্তে মই যিহোৱাৰ কথা শুনাই আছোঁ।’ যেতিয়া প্ৰধান লোকসকলে এই কথা শুনিলে, তেতিয়া তেওঁলোকে কʼলে, ‘এই মানুহজন মৃত্যুৰ শাস্তি পোৱাৰ যোগ্য নহয়।’
যিৰিমিয়াই প্ৰচাৰ কৰি থাকিল, যাৰ বাবে প্ৰধান লোকসকলৰ আৰু বেছিকৈ খং উঠিল। সেইবাবে, তেওঁলোকে যিৰিমিয়াক মাৰি পেলাবলৈ ৰজাক কʼলে। কিন্তু ৰজাই তেওঁলোকক কʼলে যে তেওঁলোকে যিৰিমিয়াৰ লগত যিয়েই বিচাৰে, সেয়াই কৰিব পাৰে। তেওঁলোকে যিৰিমিয়াক ধৰি লৈ গʼল আৰু এটা নাদত পেলাই দিলে, যি বহুত দ আৰু বোকাৰে ভৰি আছিল। তেওঁলোকে ভাবিছিল যে যিৰিমিয়া তাতে মৰি থাকিব। যিৰিমিয়াই বোকাত সোমাবলৈ ধৰিলে।
তেতিয়া ৰজাৰ এজন ৰাজকৰ্মচাৰী, যিজনৰ নাম এবদ-মেলক আছিল, তেওঁ ৰজাক কʼলে, ‘প্ৰধান লোকবিলাকে যিৰিমিয়াক নাদত পেলাই দিছে। যদি আমি তেওঁক তাতে এৰি দিওঁ, তেনেহʼলে সি মৰি থাকিব।’ ৰজাই এবদ-মেলকক ৩০ জন মানুহ নিজৰ লগত লৈ যিৰিমিয়াক নাদৰ পৰা উলিয়াবলৈ আদেশ দিলে। কঠিন পৰিস্থিতিতো যিৰিমিয়াই প্ৰচাৰ কৰিবলৈ এৰি দিয়া নাছিল, আমিও যিৰিমিয়াৰ দৰে হোৱা উচিত নহয় নে?
“মোৰ নামৰ কাৰণে সকলোৱে তোমালোকক ঘিণ কৰিব, কিন্তু যিজনে শেষলৈকে ধৈৰ্য ধৰিব তেৱেঁই উদ্ধাৰ পাব।”—মথি ১০:২২