পাঠ ৫৯
যিহোৱাৰ আজ্ঞা পালন কৰা চাৰিজন লʼৰা
যেতিয়া নবূখদ্নেচৰে যিহূদাৰ ৰাজকীয় বংশৰ ডেকাসকলক বাবিললৈ লৈ গʼল, তেতিয়া তেওঁ অস্পনজ নামৰ ৰাজকৰ্মচাৰীৰ হাতত তেওঁলোকক গতাই দিলে। নবূখদ্নেচৰে তেওঁলোকৰ ভিতৰত সকলোতকৈ স্বাস্থ্যৱান আৰু বুদ্ধিমান লʼৰাবিলাকক বাছনি কৰিবলৈ অস্পনজক কʼলে। সেই লʼৰাবিলাকক তিনি বছৰলৈকে শিকোৱা হʼলহেঁতেন যাতে তেওঁলোকে বাবিলত ডাঙৰ ডাঙৰ অধিকাৰী হʼব পাৰে। তেওঁলোকক বাবিলৰ ভাষা পঢ়িবলৈ, লিখিবলৈ আৰু কʼবলৈ শিকিব লগা আছিল। তেওঁলোকে সেই আহাৰেই খাব লগা আছিল, যি ৰজা আৰু তেওঁলোকৰ ৰাজকৰ্মচাৰীসকলে খাইছিল। সেই চাৰিজন লʼৰাৰ নাম আছিল দানিয়েল, হননিয়া, মীচায়েল আৰু অজৰিয়া। অস্পনজে সেই চাৰিজন লʼৰাক নতুন বাবিলীয়া নাম দিলে: বেলটচ্চৰ, চদ্ৰক, মৈচক আৰু অবেদ-নগো। তেওঁলোকে বাবিলৰ শিক্ষা শিকাৰ কাৰণে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিলে নে?
সেই চাৰিজন লʼৰাই থিৰাং কৰি লৈছিল যে তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰিব। তেওঁলোকে জানিছিল যে ৰজাই যি আহাৰ খায়, সেয়া খোৱা উচিত নহয়। কিয়নো সেই আহাৰত কিছুমান অশুচি বস্তু আছিল, যি যিহোৱাৰ নিয়মৰ বিৰুদ্ধে আছিল। সেইবাবে, তেওঁলোকে অস্পনজক মিনতি কৰিলে, ‘ৰজাই যি আহাৰ খায়, সেয়া আমাক নিদিব।’ অস্পনজে তেওঁলোকক কʼলে, ‘তোমালোকে যদি সেই আহাৰ নোখোৱা, তেনেহʼলে ৰজাই তোমালোকক দুৰ্বল দেখিব আৰু তেওঁ মোক মাৰি পেলাব।’
তেতিয়া দানিয়েলে এটা ভাল উপায় উলিয়ালে। তেওঁলোকক চোৱা-চিতা কৰা মানুহজনক তেওঁলোকে মিনতি কৰিলে, ‘আমাক দহ দিনৰ কাৰণে কেৱল শাক-পাচলি আৰু পানী দিয়ক, তাৰ পাছত চাওক কোনে দেখাত ভাল, আমি নে ৰজাৰ আহাৰ খোৱা লʼৰাবিলাক?’ তেতিয়া তেওঁ মানি লʼলে।
দহ দিনৰ পাছত দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধু আন লʼৰাবিলাকতকৈ বেছি স্বাস্থ্যৱান দেখিবলৈ পোৱা গʼল। এয়া দেখি যিহোৱাৰ ভাল লাগিল যে তেওঁলোকে তেওঁৰ কথা শুনিলে। সেইবাবে, যিহোৱাই দানিয়েলক এনে বুদ্ধি দিলে, যাৰ সহায়ত তেওঁ দৰ্শন আৰু সপোনৰ অৰ্থ কʼব পাৰে।
অস্পনজে লʼৰা কেইজনক শিকোৱাৰ পাছত নবূখদ্নেচৰৰ ওচৰলৈ লৈ যায়। ৰজাই তেওঁলোকৰ লগত কথা পাতে আৰু দেখে যে দানিয়েল, হননিয়া, মীচায়েল আৰু অজৰিয়া আন লʼৰাবিলাকতকৈ বেছি সতৰ্ক আৰু বুদ্ধিমান। তেতিয়া তেওঁ সেই চাৰিজনক ৰাজদৰবাৰত কাম কৰিবলৈ বাছনি কৰে। ৰজাই তেওঁলোকৰ পৰা প্ৰায়েই গুৰুত্বপূৰ্ণ বিষয়বোৰত পৰামৰ্শ লৈছিল। যিহোৱাই সেই লʼৰা কেইজনক ৰজাৰ সকলো জ্ঞানী আৰু যাদুকৰবিলাকতকৈ বেছি বুদ্ধিমান বনালে।
দানিয়েল, হননিয়া, মীচায়েল আৰু অজৰিয়া বেলেগ এখন দেশত আছিল, তথাপি তেওঁলোকে যিহোৱাৰ লোক হয় বুলি পাহৰা নাছিল। ঠিক সেইদৰে তোমাৰ মা-দেউতা তোমাৰ লগত নথকাৰ সময়তো তুমি যিহোৱাক সদায় মনত ৰাখিবা নে?
“কোনেও যেন তোমাৰ কম বয়সৰ কাৰণে তোমাক তল চকুৰে নাচাওক। ইয়াৰ পৰিৱৰ্তে কথা কোৱাত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতা বজাই ৰখাত বিশ্বাসযোগ্য লোকসকলৰ কাৰণে এক উদাহৰণ হোৱা।”—১ তীমথিয় ৪:১২