কাহিনী ৭৫
বাবিলত চাৰিজন ইস্ৰায়েলী লʼৰা
ৰজা নবূখদ্নেচৰে ইস্ৰায়েলৰপৰা সকলো শিক্ষিত লোকক বাবিললৈ লৈ যায়। ৰজাই এই লোকসকলৰ মাজৰপৰা কিছুমান সুন্দৰ আৰু বুদ্ধিমান ডেকা লʼৰাক এক বিশেষ কামৰ বাবে নিৰ্ব্বাচন কৰে। তাৰে চাৰিজন লʼৰাক তোমালোকে ছবিখনত দেখিবলৈ পাইছা। ইয়াৰে এজনৰ নাম হৈছে দানিয়েল। বাকী তিনিজন লʼৰাক বাবিলীয়াসকলে চদ্ৰক, মৈচক আৰু অবেদ-নগো নামেৰে সম্বোধন কৰে।
নবূখদ্নেচৰে ইস্ৰায়েলী ডেকা লʼৰাবিলাকক ৰাজভৱনৰ কামৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। তেওঁলোকক তিনিবছৰলৈকে এই প্ৰশিক্ষণ দিয়া হʼব। তিনিবছৰৰ পাছত সকলোতকৈ বুদ্ধিমান লʼৰাকেইজনক ৰাজভৱনৰ কামৰ বাবে নিযুক্ত কৰা হʼব। প্ৰশিক্ষণৰ সময়ছোৱাত লʼৰাকেইজন শাৰীৰিকভাৱে সুস্থ হৈ থকাটো ৰজাই বিচাৰে। ইয়াৰ বাবে তেওঁ নিজৰ দাসবিলাকক আদেশ দিলে যে ৰজাক যি উত্তম খাদ্য আৰু দ্ৰাক্ষাৰস দিয়া হয়, সেই একেই খাদ্য লʼৰাকেইজনকো দিব লাগে।
ডেকা দানিয়েললৈ লক্ষ্য কৰাচোন। তেওঁ দাসবিলাকৰ অধ্যক্ষ অস্পনজক কি কৈছে তুমি জানানে? দানিয়েলে তেওঁক কৈছে যে ৰজাৰ উত্তম খাদ্য আৰু দ্ৰাক্ষাৰস তেওঁ গ্ৰহণ কৰিব নিবিচাৰে। দানিয়েলৰ এই কথা শুনি অস্পনজ চিন্তিত হʼল। তেওঁ দানিয়েলক কʼলে: ‘মোৰ প্ৰভু মহাৰাজে নিজেই তোমালোকৰ বাবে খাদ্য আৰু পান কৰা বস্তু নিৰূপণ কৰিছে। তেওঁ যদি তোমালোকক আন ডেকাবিলাকৰ দৰে সুস্থ-পুস্থ নেদেখে, তেনেহʼলে তেওঁ মোক মৃত্যুদণ্ড দিব।’
অস্পনজে দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুক চোৱা-চিতা কৰিবলৈ এজন ঘৰগিৰী নিযুক্ত কৰিছিল। দানিয়েলে তেওঁৰ ওচৰলৈ গৈ কʼলে: ‘আপুনি অনুগ্ৰহ কৰি দহদিন আপোনাৰ এই দাসবিলাকক পৰীক্ষা কৰি চাওক। আমাক খাবলৈ শাক-পাচলি আৰু পান কৰিবলৈ পানী দিয়ক। দহদিনৰ পাছত আমাৰ আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকবিলাকৰ মাজত কোন সুস্থ-পুস্থ আছে তাক পৰীক্ষা কৰক।’
ঘৰগিৰীয়ে দানিয়েলৰ কথাত মান্তি হʼল। দহদিনৰ পাছত পৰীক্ষা কৰাত দেখা গʼল যে দানিয়েল আৰু তেওঁৰ বন্ধুকেইজন, আন ডেকাবিলাকতকৈ অধিক স্বাস্থ্যৱান আছিল। সেইবাবে ঘৰগিৰীয়ে তেওঁলোকক ৰজাৰ খাদ্যবস্তুৰ সলনি শাক-পাচলিয়েই দি থাকিল।
তিনিবছৰৰ প্ৰশিক্ষণ শেষ হোৱাৰ পাছত, লʼৰাবিলাকক ৰজা নবূখদ্নেচৰৰ ওচৰলৈ অনা হʼল। সকলোৰে লগত কথা-বতৰা হোৱাৰ পাছত, ৰজাই দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুক আনৰ তুলনাত অধিক বুদ্ধিমান বুলি চিনাক্ত কৰিলে। ৰজাই তেওঁলোকক ৰাজভৱনৰ কামত নিযুক্ত কৰিলে। ৰজা নবূখদ্নেচৰৰ ৰাজ্যত থকা সকলো পুৰোহিত আৰু বুদ্ধিমান লোকতকৈ দানিয়েল, চদ্ৰক, মৈচক আৰু অবেদ-নগো ১০ গুণে অধিক বুদ্ধিমান আছিল। ৰজাই তেওঁলোকক যিকোনো প্ৰশ্ন সুধিলে বা সমস্যাৰ সমাধান বিচাৰিলে, তেওঁলোকে সহজে তাক বৰ্ণনা কৰিব পাৰিছিল।
দানিয়েল ১:১-২১.