পাঠ ৬০
সদায় থকা এখন ৰাজ্য
এদিন ৰাতি নবূখদ্নেচৰে এটা আচৰিত ধৰণৰ সপোন দেখিলে। তেওঁ ইমানেই চিন্তিত হʼল যে শুবই নোৱাৰিলে। সেইবাবে, তেওঁ নিজৰ যাদুকৰবিলাকক মাতিলে আৰু তেওঁলোকক কʼলে, ‘মোৰ সপোনৰ অৰ্থ কোৱা।’ তেওঁলোকে কʼলে, ‘হে ৰজা, আমাক কওক আপুনি কি সপোন দেখিলে।’ কিন্তু নবূখদ্নেচৰে কʼলে, ‘নহয়, তোমালোকে কোৱা মই কি সপোন দেখিলোঁ, নহʼলে মই তোমালোকক মাৰি পেলাম।’ তেওঁলোকে আকৌ কʼলে, ‘আপুনি আমাক সপোনটো কওক, তেতিয়াহে আমি তাৰ অৰ্থ কʼব পাৰিম।’ ৰজাই কʼলে, ‘তোমালোকে মোক ঠগিবলৈ চেষ্টা কৰিছা। কোৱা মই কি সপোন দেখিলোঁ!’ তেওঁলোকে কʼলে, ‘পৃথিৱীত এনে কোনো মানুহ নাই, যিজনে কʼব পাৰিব যে আপুনি কি সপোন দেখিলে, এয়া সম্ভৱেই নহয়।’
নবূখদ্নেচৰৰ ইমানেই খং উঠিল যে তেওঁ দেশৰ সকলো জ্ঞানী আৰু যাদুকৰবিলাকক মাৰি পেলাবলৈ আদেশ দিলে। সেই জ্ঞানীবিলাকৰ ভিতৰত দানিয়েল, চদ্ৰক, মৈচক আৰু অবেদ-নগো আছিল। দানিয়েলে ৰজাক কʼলে যে তেওঁৰ সপোনৰ অৰ্থ কʼবলৈ তেওঁক যেন অলপ সময় দিয়া হয়। তাৰ পাছত দানিয়েল আৰু তেওঁৰ বন্ধু কেইজনে যিহোৱালৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰিলে। কিন্তু যিহোৱাই কি কৰিলে?
এটা দৰ্শনত যিহোৱাই দানিয়েলক নবূখদ্নেচৰৰ সপোন দেখালে আৰু তাৰ অৰ্থ কʼলে। পাছ দিনাখন দানিয়েলে ৰজাৰ সেৱকৰ ওচৰলৈ গৈ এইদৰে কʼলে, ‘কোনো জ্ঞানী মানুহক হত্যা নকৰিব। মই ৰজাৰ সপোনৰ অৰ্থ কʼব পাৰিম।’ তেতিয়া সেই সেৱকজনে দানিয়েলক ৰজাৰ ওচৰলৈ লৈ যায়। দানিয়েলে ৰজাক কʼলে, ‘ঈশ্বৰে আপোনাক কৈছে যে ভৱিষ্যতে কি কি হʼব। আপুনি এইদৰে সপোন দেখিছিলে: আপুনি এটা ডাঙৰ মূৰ্তি দেখিছিল, যাৰ মূৰ সোণৰ আছিল, বুকু আৰু বাহু ৰূপৰ আছিল, পেট আৰু কৰঙন তামৰ আছিল, ভৰি লোহাৰ আছিল আৰু ভৰিৰ কিছুমান অংশ লোহাৰ আৰু কিছুমান মাটিৰ আছিল। তাৰ পাছত এখন পাহাৰৰ পৰা এটা শিল আহি মূৰ্তিটোৰ ভৰিত লাগিল। সেই মূৰ্তিটো ভাঙি গুড়ি হৈ গʼল আৰু সেই গুড়িবোৰ বতাহত উৰি গʼল আৰু সেই শিলটো এটা ডাঙৰ পাহাৰ হৈ গʼল, যি গোটেই পৃথিৱীত ভৰি গʼল।’
দানিয়েলে কʼলে, ‘আপোনাৰ সপোনৰ অৰ্থ এয়া হৈছে: সোণৰ মূৰ হৈছে আপোনাৰ ৰাজ্য। ৰূপৰ ভাগ হৈছে আপোনাৰ পাছত আহিবলগীয়া ৰাজ্য। তাৰ পাছত যি ৰাজ্য আহিব, সেয়া তামৰ দৰে হʼব আৰু গোটেই পৃথিৱীত শাসন কৰিব। তাৰ পাছত যি ৰাজ্য আহিব, সেয়া লোহাৰ দৰে মজবুত হʼব। শেষত এখন বিভক্ত ৰাজ্য আহিব অৰ্থাৎ তাৰ কিছুমান ভাগ লোহাৰ নিচিনা মজবুত হʼব আৰু কিছুমান ভাগ মাটিৰ নিচিনা দুৰ্বল হʼব। যি শিল পাহাৰ হৈ গৈছিল, সেয়া ঈশ্বৰৰ ৰাজ্য হয়। সেই ৰাজ্যই সকলো শাসনক ডোখৰ ডোখৰ কৰি দিব আৰু তেওঁ সদায় থাকিব।’
নবূখদ্নেচৰে মাটিত পৰি দানিয়েলক প্ৰণাম কৰিলে। তেওঁ কʼলে, ‘তোমাৰ ঈশ্বৰে তোমাক এই সপোনটো কʼলে। তেওঁৰ দৰে আন কোনো ঈশ্বৰ নাই।’ নবূখদ্নেচৰে দানিয়েলক নামাৰিলে, ইয়াৰ পৰিৱৰ্তে তেওঁক সকলো জ্ঞানীবিলাকৰ প্ৰধান আৰু বাবিলৰ এখন প্ৰদেশৰ শাসক পাতিলে। তুমি দেখিলা নে যিহোৱাই দানিয়েলৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিলে?
“তেওঁলোকে ৰজাবিলাকক সেই ঠাইত একগোট কৰিলে, যাক হিব্ৰু ভাষাত হৰমাগিদোন বুলি কোৱা হয়।”—প্ৰকাশিত বাক্য ১৬:১৬