পাঠ ৭৪
যীচু মচীহ হʼল
যোহনে এয়া প্ৰচাৰ কৰিছিল, ‘মোতকৈয়ো ডাঙৰ এজন আহিবলগীয়া আছে।’ যেতিয়া যীচু প্ৰায় ৩০ বছৰৰ আছিল, তেতিয়া তেওঁ গালীলৰ পৰা যৰ্দ্দন নদীৰ ওচৰলৈ গʼল। তাত যোহনে লোকসকলক বাপ্তিষ্মা দি আছিল। যোহনে যীচুকো বাপ্তিষ্মা দিয়াটো তেওঁ বিচাৰিছিল। কিন্তু যোহনে তেওঁক কʼলে, ‘মই আপোনাক কেনেকৈ বাপ্তিষ্মা দিব পাৰোঁ? মই নিজেই আপোনাৰ হাতৰ পৰা বাপ্তিষ্মা লোৱাৰ প্ৰয়োজন।’ যীচুৱে যোহনক কʼলে, ‘তুমি মোক বাপ্তিষ্মা দিয়াটো যিহোৱাই বিচাৰে।’ তেতিয়া দুয়োজনে যৰ্দ্দন নদীত গʼল আৰু যোহনে যীচুক পানীত সম্পূৰ্ণৰূপে ডুবালে।
যেতিয়া যীচুৱে পানীৰ পৰা ওপৰলৈ আহিল, তেতিয়া তেওঁ প্ৰাৰ্থনা কৰিলে। সেই সময়তে আকাশ মুকলি হʼল আৰু ঈশ্বৰৰ পবিত্ৰ শক্তি এটি কপৌৰ ৰূপত তেওঁৰ ওপৰত আহিল। তাৰ পাছত যিহোৱাই স্বৰ্গৰ পৰা কʼলে, ‘তুমি মোৰ প্ৰিয় পুত্ৰ, মই তোমাক গ্ৰহণ কৰিলোঁ।’
যেতিয়াই যিহোৱাৰ পবিত্ৰ শক্তি যীচুৰ ওপৰত আহিলে, তেতিয়া তেওঁ মচীহ হʼল। তাৰ পাছত তেওঁ সেই কাম কৰিবলৈ আৰম্ভ কৰিলে, যাৰ কাৰণে যিহোৱাই তেওঁক পৃথিৱীলৈ পঠাইছিল।
বাপ্তিষ্মাৰ লগে লগে যীচুৱে অৰণ্যলৈ গুচি গʼল। তেওঁ তাত ৪০ দিন থাকিল। তাৰ পৰা উভতি অহাৰ পাছত তেওঁ যোহনক লগ কৰিবলৈ গʼল। যেতিয়া যীচুৱে যোহনৰ ফালে আহি আছিল, তেতিয়া তেওঁ কʼলে, ‘এওঁৱেই ঈশ্বৰৰ ভেড়া পোৱালি, যিয়ে জগতৰ পাপ দূৰলৈ লৈ যাব।’ এইদৰে কৈ যোহনে লোকসকলক জনালে যে যীচুৱেই মচীহ হয়। কিন্তু তুমি জানা নে যেতিয়া যীচু অৰণ্যত আছিল, তেতিয়া তেওঁৰ লগত কি হৈছিল? আহা চাওঁ।
“স্বৰ্গৰ পৰা মাত শুনা গʼল: ‘তুমি মোৰ প্ৰিয় পুত্ৰ, মই তোমাক গ্ৰহণ কৰিলোঁ।’”—মাৰ্ক ১:১১