পাঠ ৭৫
চয়তানে যীচুৰ পৰীক্ষা লʼলে
যীচুৰ বাপ্তিষ্মাৰ পাছত পবিত্ৰ শক্তিয়ে তেওঁক অৰণ্যলৈ লৈ যায়। যীচুৱে ৪০ দিনলৈকে একো খোৱা নাছিল। সেইবাবে, তেওঁৰ বহুত ভোক লাগিল। তেতিয়া চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে। সি যীচুক কʼলে, ‘যদি তুমি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহʼলে এই শিলবোৰক কোৱা যেন এইবোৰ ৰুটি হৈ যায়।’ কিন্তু যীচুৱে শাস্ত্ৰত উল্লেখ থকা এই কথা কʼলে, ‘শাস্ত্ৰত লিখা আছে মানুহ কেৱল ৰুটি খাই জীয়াই নাথাকে। ইয়াতকৈয়ো গুৰুত্বপূৰ্ণ যে তেওঁ যিহোৱাৰ প্ৰতিটো কথা ধ্যান দি শুনা উচিত।’
ইয়াৰ পাছত চয়তানে যীচুক কʼলে, ‘যদি তুমি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহʼলে মন্দিৰৰ আটাইতকৈ ওখ ঠাইৰ পৰা জাপ মাৰি দিয়া। কিয়নো শাস্ত্ৰত লিখা আছে, ঈশ্বৰে নিজৰ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে তোমাক ধৰি লʼব।’ কিন্তু যীচুৱে আকৌ শাস্ত্ৰত উল্লেখ থকা এই কথা কʼলে, ‘শাস্ত্ৰত লিখা আছে তুমি যিহোৱাৰ পৰীক্ষা নলʼবা।’
তাৰ পাছত চয়তানে যীচুক পৃথিৱীৰ সকলো ৰাজ্য আৰু তাৰ জাকজমকতা দেখুৱালে আৰু তেওঁক কʼলে, ‘যদি তুমি এবাৰ মোৰ উপাসনা কৰা, তেনেহʼলে এই সকলো ৰাজ্য আৰু ইয়াৰ জাকজমকতা তোমাক দি দিম।’ কিন্তু যীচুৱে কʼলে, ‘গুচি যা চয়তান! কিয়নো শাস্ত্ৰত লিখা আছে তুমি কেৱল যিহোৱাৰ উপাসনা কৰা উচিত।’
তেতিয়া চয়তান তাৰ পৰা গুচি গʼল। তাৰ পাছত স্বৰ্গদূতসকল আহিলে আৰু যীচুক খাবলৈ দিলে। ইয়াৰ পাছত যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা শুনাবলৈ ধৰিলে। কিয়নো এই কামৰ কাৰণেই তেওঁক পৃথিৱীলৈ পঠোৱা হৈছিল। লোকসকলক তেওঁৰ কথা শুনি বহুত ভাল লাগিছিল। তেওঁ যʼলৈকে গৈছিল, লোকসকলে তেওঁৰ পিছে পিছে তালৈকে গৈছিল।
“যেতিয়া সি [চয়তানে] মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ অনুসৰি কয়। কাৰণ সি মিছলীয়া আৰু মিছাৰ পিতৃ।”—যোহন ৮:৪৪