পাঠ ৭৬
যীচুৱে মন্দিৰক শুদ্ধ কৰিলে
যীচুৱে ৩০ খ্ৰীষ্টাব্দত বসন্ত ঋতুৰ সময়ত যিৰূচালেমলৈ আহে। সেই সময়ত বহুতো লোকে নিস্তাৰ-পৰ্ব পালন কৰিবলৈ যিৰূচালেমলৈ আহিছিল। তেওঁলোকে মন্দিৰত জীৱ-জন্তুৰ বলি দিছিল, কিয়নো এই উৎসৱত এইদৰে কৰাৰ প্ৰয়োজন আছিল। কিছুমান লোকে জীৱ-জন্তুবোৰ লগত লৈ আহিছিল আৰু আন কিছুমানে যিৰূচালেমতে কিনিছিল।
যেতিয়া যীচু মন্দিৰলৈ গʼল, তেতিয়া তেওঁ লোকসকলক তাত জীৱ-জন্তু কিনা-বেচা কৰি থকা দেখিলে। সেই ঠাই যিহোৱাৰ উপাসনাৰ বাবে আছিল, কিন্তু লোকসকলে তাত পইচা উপাৰ্জন কৰি আছিল। এয়া দেখি যীচুৱে কি কৰিলে? তেওঁ ৰচীৰে এটা চাবুক বনাই ভেড়া আৰু গৰুবোৰক মন্দিৰৰ পৰা বাহিৰ কৰি দিলে। তেওঁ পইচা সলনি কৰা লোকসকলৰ টেবুলবোৰ লুটিয়াই পেলালে আৰু টকা-পইচাবোৰ মাটিত পেলাই দিলে। তাৰ পাছত তেওঁ কপৌ বেচা লোকসকলক কʼলে, “এইবোৰ লৈ ইয়াৰ পৰা ওলাই যা! মোৰ পিতৃৰ ঘৰখন ব্যৱসায়ীৰ ঘৰ নবনাবি!”
যিসকলে যীচুক মন্দিৰত এইদৰে কৰা দেখিলে তেওঁলোক আচৰিত হʼল। তেওঁৰ শিষ্যসকলক মচীহৰ বিষয়ে কৰা এই ভৱিষ্যবাণী মনত পৰিল, ‘যিহোৱাৰ ভৱনৰ প্ৰতি মোৰ হৃদয়ত উৎসাহ ভৰি পৰিব।’
ইয়াৰ পাছত যীচুৱে আকৌ এবাৰ ৩৩ খ্ৰীষ্টাব্দত মন্দিৰক শুদ্ধ কৰিলে। তেওঁ কাকো নিজৰ পিতৃৰ ভৱনক অনাদৰ কৰিবলৈ নিদিলে।
“তোমালোকে ঈশ্বৰৰ সেৱা কৰাৰ লগতে ধন-সম্পত্তিক নিজৰ জীৱনত প্ৰথম স্থান দিব নোৱাৰা।”—লূক ১৬:১৩