পাঠ ৮১
পাহাৰত দিয়া উপদেশ
যীচুৱে ১২ জন পাঁচনিক বাছনি কৰাৰ পাছত পাহাৰৰ পৰা নামি এনে এখন ঠাইলৈ যায়, যʼত বহুতো লোকে গোট খাই আছিল। লোকসকলে গালীল, যিহূদিয়া, তূৰ, চীদোন, চিৰিয়া আৰু যৰ্দ্দন নদীৰ সিপাৰৰ পৰা আহিছিল। তেওঁলোকে বহুতো বেমাৰী লোকক, লগতে এনে লোকসকলকো লগত লৈ আহিছিল, যিসকলক দুষ্ট স্বৰ্গতে তাড়না দিছিল। যীচুৱে সেই সকলোকে সুস্থ কৰিলে, তাৰ পাছত তেওঁ পাহাৰৰ এফালে বহিলে আৰু তেওঁলোকক শিকাবলৈ ধৰিলে। তেওঁ জনালে যে আমি ঈশ্বৰৰ বন্ধু হʼবলৈ কি কৰিব লাগিব। আমি বুজিব লাগিব যে আমাক যিহোৱাৰ প্ৰয়োজন আছে আৰু আমি তেওঁক প্ৰেম কৰিবলৈ শিকিব লাগিব। আমি আন লোকসকলক প্ৰেম কৰিলেহে ঈশ্বৰক প্ৰেম কৰিব পাৰিম। আমি সকলোকে আনকি নিজৰ শত্ৰুকো দয়া দেখুৱা উচিত, তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা উচিত নহয়।
যীচুৱে কʼলে, ‘কেৱল নিজৰ বন্ধুসকলক প্ৰেম কৰাটোৱেই যথেষ্ট নহয়, নিজৰ শত্ৰুকো প্ৰেম কৰা আৰু আনক হৃদয়েৰে প্ৰেম কৰা। যদি কোনোবাই তোমাক বেয়া পাইছে, তেনেহʼলে লʼগে লʼগে তেওঁৰ ওচৰলৈ যোৱা আৰু তেওঁৰ পৰা ক্ষমা বিচৰা। আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা।’
যীচুৱে লোকসকলক টকা-পইচা আৰু বস্তুবোৰৰ বিষয়ে ভাল পৰামৰ্শ দিলে। তেওঁ কʼলে, ‘বহুতো টকা-পইচা গোটোৱাতকৈ যিহোৱাৰ বন্ধু হোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। চোৰে তোমাৰ পইচা চুৰ কৰিব পাৰে, কিন্তু যিহোৱাৰ লগত থকা বন্ধুত্বক কোনেও চুৰ কৰিব নোৱাৰে। এয়া চিন্তা কৰিবলৈ এৰি দিয়া যে তুমি কি খাবা, কি পিন্ধিবা। চৰাইবোৰক চোৱা ঈশ্বৰে সেইবোৰক খাবলৈ সদায় কিবা নহয় কিবা দিয়ে। তুমি চিন্তা কৰি নিজৰ জীৱন এদিন হʼলেও বঢ়াব নোৱাৰা। মনত ৰাখিবা, যিহোৱাই জানে যে তোমালোকক কিহৰ প্ৰয়োজন আছে।’
লোকসকলে ইয়াৰ আগতে কাকো যীচুৰ দৰে শিকোৱা শুনা নাছিল। তেওঁলোকৰ ধৰ্ম-অধিকাৰীসকলে তেওঁলোকক এই কথাবোৰ শিকোৱা নাছিল। যীচু কিয় এজন মহান শিক্ষক আছিল? কিয়নো যিহোৱাই তেওঁক যি জনাইছিল, যীচুৱে সেয়াই শিকাইছিল।
“মোৰ যুঁৱলি লোৱা আৰু মোৰ পৰা শিকা। কিয়নো, মই নম্ৰ আৰু কোমল স্বভাৱৰ হওঁ। আৰু তোমালোকে সতেজ হʼবা।”—মথি ১১:২৯