ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৮২ পৃষ্ঠা ১৯২-পৃষ্ঠা ১৯৩ অনু. ২
  • যীচুৱে প্ৰাৰ্থনা কৰিবলৈ শিকালে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে প্ৰাৰ্থনা কৰিবলৈ শিকালে
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • প্ৰাৰ্থনা কেনেকৈ কৰা উচিত?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৮২ পৃষ্ঠা ১৯২-পৃষ্ঠা ১৯৩ অনু. ২
এজন ফৰীচীয়ে ৰাজহুৱা ঠাইত প্ৰাৰ্থনা কৰি আছে আৰু লোকসকলে ৰৈ তেওঁক চাইছে

পাঠ ৮২

যীচুৱে প্ৰাৰ্থনা কৰিবলৈ শিকালে

ফৰীচীসকলে সকলো কাম আনৰ প্ৰশংসা পাবলৈ কৰিছিল। তেওঁলোকে আনক দেখুৱাবলৈ লোকসকলক সহায় কৰিছিল, তেওঁলোকে এনে ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰিছিল, যʼত সকলোৱে তেওঁলোকক চাব পাৰিছিল। তেওঁলোকে দীঘল দীঘল প্ৰাৰ্থনা মুখস্থ কৰি লৈছিল; সভাঘৰ আৰু বজাৰত সেই প্ৰাৰ্থনাবোৰ বাৰে বাৰে কৰিছিল যাতে লোকসকলে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব পাৰে। সেইবাবে, লোকসকলে আচৰিত হৈছিল, যেতিয়া যীচুৱে তেওঁলোকক এইদৰে কʼলে, ‘তোমালোকে ফৰীচীসকলৰ দৰে প্ৰাৰ্থনা নকৰিবা, তেওঁলোকে ভাবে যে দীঘল দীঘল প্ৰাৰ্থনা কৰিলে ঈশ্বৰক আনন্দিত কৰিব পাৰি। কিন্তু ইয়াৰ পৰা ঈশ্বৰ আনন্দিত নহয়। প্ৰাৰ্থনা মাত্ৰ তোমাৰ আৰু যিহোৱাৰ মাজত হোৱা এক ব্যক্তিগত কথা আৰু একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা। কিয়নো তুমি নিজৰ মনৰ কথা তেওঁক জনোৱাটো যিহোৱাই বিচাৰে।

এজন লʼৰাই বহি প্ৰাৰ্থনা কৰি আছে

তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা উচিত, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক। তোমাৰ ৰাজ্য আহক; যেনেকৈ স্বৰ্গত তোমাৰ ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক।”’ যীচুৱে তেওঁলোকক এয়াও কʼলে যে তেওঁলোকে প্ৰতিদিনৰ আহাৰৰ কাৰণে, পাপৰ ক্ষমাৰ কাৰণে আৰু নিজৰ জীৱনৰ আন আন বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰা উচিত।

যীচুৱে কʼলে, ‘তোমালোকে প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নেৰিবা। নিজৰ পিতৃ যিহোৱাৰ পৰা ভাল বস্তু খুজি থাকা। এজন পিতৃয়ে নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিয়াটো বিচাৰে। যদি তোমাৰ সন্তানে আহাৰ বিচাৰে, তেনেহʼলে তুমি তাক নিশ্চয় শিল নিদিয়া? যদি মাছ খোজে, তেনেহʼলে তুমি তাক নিশ্চয় সাপ নিদিয়া?’

তাৰ পাছত যীচুৱে তেওঁলোকক বুজালে, ‘তোমালোকে যদি নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিব জানা, তেনেহʼলে তোমালোকৰ পিতৃয়ে তোমালোকক পবিত্ৰ শক্তি নিদিব নে? তোমালোকে কেৱল তেওঁক খুজি থকাৰ প্ৰয়োজন আছে।’ তোমালোকে যীচুৰ এই পৰামৰ্শ পালন কৰা নে? তোমালোকে কি কি বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰা?

“খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব।”—মথি ৭:৭

প্ৰশ্ন: যীচুৱে প্ৰাৰ্থনাৰ বিষয়ে নিজৰ শিষ্যসকলক কি শিকালে? তোমাৰ কাৰণে যি বিষয়বোৰ গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে তুমি প্ৰাৰ্থনা কৰা নে?

মথি ৬:২-১৮; ৭:৭-১১; লূক ১১:১৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক