ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৮৯ পৃষ্ঠা ২০৮-পৃষ্ঠা ২০৯ অনু. ১
  • পিতৰে যীচুক চিনি নাপাওঁ বুলি কʼলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পিতৰে যীচুক চিনি নাপাওঁ বুলি কʼলে
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • যীচুৰ মৃত্যু
    বাইবেলৰ কাহিনী
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৮৯ পৃষ্ঠা ২০৮-পৃষ্ঠা ২০৯ অনু. ১
কায়াফাৰ ঘৰৰ চোতালত পিতৰে যীচুক চিনি নাপাওঁ বুলি কৈছে

পাঠ ৮৯

পিতৰে যীচুক চিনি নাপাওঁ বুলি কʼলে

যীচুৱে যেতিয়া নিজৰ পাঁচনিসকলৰ লগত ওপৰৰ কোঠালিত আছিল, তেতিয়া তেওঁলোকক কৈছিল, ‘আজি তোমালোক সকলোৱে মোক এৰি পলাই যাবা।’ কিন্তু পিতৰে কʼলে, ‘নহয়, মই আপোনাক এৰি নাযাওঁ। সকলোৱে আপোনাক এৰি গʼলেও মই আপোনাক কেতিয়াও এৰি নাযাওঁ।’ কিন্তু যীচুৱে পিতৰক কʼলে, ‘কুকুৰাই ডাক দিয়াৰ আগতে তুমি মোক তিনিবাৰ চিনি নাপাওঁ বুলি কʼবা।’

যেতিয়া সৈনিকসকলে যীচুক কায়াফাৰ ঘৰলৈ লৈ গʼল, তেতিয়া বেছি ভাগ পাঁচনিয়ে পলাই গৈছিল। কিন্তু দুজন পাঁচনিয়ে কিছু দূৰত থাকি তেওঁলোকৰ পিছে পিছে গৈ আছিল। তাৰে মাজত পিতৰো আছিল। তেওঁ কায়াফাৰ চোতালত জুই পুৱাই আছিল। তেতিয়া জুইৰ পোহৰত এজনী চাকৰণীয়ে পিতৰক দেখি কʼলে, ‘মই তোমাক চিনি পাওঁ! তুমি যীচুৰ লগত আছিলা।’

পিতৰে কʼলে, ‘নহয়, মই নহওঁ। তুমি কি কৈ আছা মই বুজি পোৱা নাই।’ তাৰ পাছত তেওঁ চহৰৰ দুৱাৰৰ ওচৰলৈ গুচি গʼল। তেতিয়া আৰু এজনী চাকৰণীয়ে তেওঁক দেখা পালে আৰু ভিৰক কʼলে, ‘এই মানুহজনেও যীচুৰ লগত আছিল।’ কিন্তু পিতৰে কʼলে, ‘মই যীচুক চিনিয়ে নাপাওঁ!’ তাৰ পাছত আৰু এজন মানুহে কʼলে, ‘তুমিও তেওঁলোকৰ মাজৰ এজন। তোমাৰ কথাৰ পৰা জানিব পাৰি যে তুমিও যীচুৰ দৰে গালীলৰ হোৱা।’ কিন্তু পিতৰে শপত খাই কʼবলৈ ধৰিলে, ‘মই তেওঁক চিনি নাপাওঁ।’

সেই সময়তেই কুকুৰাই ডাক দিলে আৰু পিতৰে দেখিলে যে যীচুৱে ঘূৰি তেওঁক চাই আছে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল আৰু তেওঁ বাহিৰলৈ গৈ হোক-হোকাই কান্দিবলৈ ধৰিলে।

সেই সময়তে কায়াফাৰ ঘৰত মহা-সভা অৰ্থাৎ আদালতৰ সকলোৱে একগোট হʼল যাতে তেওঁলোকে যীচুৰ ওপৰত মোকৰ্দ্দমা চলাব পাৰে। তেওঁলোকে আগৰে পৰা যীচুক হত্যা কৰাৰ নিৰ্ণয় লৈছিল। এতিয়া কেৱল তেওঁক হত্যা কৰিবলৈ কাৰণ বিচাৰি আছিল। কিন্তু তেওঁলোকে কোনো কাৰণ বিচাৰি নাপালে। পিছত কায়াফাই যীচুক চিধা-চিধিকৈ সুধিলে, ‘তই ঈশ্বৰৰ পুত্ৰ হয় নেকি?’ যীচুৱে কʼলে, ‘হয়, মইয়ে হওঁ।’ তেতিয়া কায়াফাই কʼলে, ‘আমাক আৰু প্ৰমাণৰ প্ৰয়োজন নাই। এই মানুহজনে ঈশ্বৰক অপমান কৰিছে।’ আদালতত সকলোৱে কʼলে, ‘ইয়াক মাৰি পেলোৱা।’ তেওঁলোকে যীচুক চৰ মাৰিলে, তেওঁৰ ওপৰত থু পেলালে আৰু তেওঁৰ মুখখন ঢাকি তেওঁক ঘোচা মাৰি কʼলে, ‘তই যদি ভৱিষ্যবক্তা হয়, তেনেহʼলে ক, তোক কোনে মাৰিলে?’

ৰাতিপুৱা তেওঁলোকে যীচুক মহা-সভাৰ ভৱনলৈ লৈ গʼল আৰু তাত তেওঁক আকৌ সুধিলে, ‘তই ঈশ্বৰৰ পুত্ৰ নে?’ যীচুৱে কʼলে, ‘তোমালোকে নিজেই কৈছা যে মই হয়।’ তেতিয়া তেওঁলোকে কʼলে ই ঈশ্বৰক অপমান কৰাৰ পাপ কৰিছে। তেতিয়া তেওঁলোকে তেওঁক ৰোমান ৰাজ্যপাল পীলাতৰ ঘৰলৈ লৈ গʼল। তাৰ পাছত কি হʼল? আহা চাওঁ।

“সেই সময় আহি . . . পালে, যেতিয়া তোমালোক সকলোৱে ইফাল-সিফাল হৈ যাবা আৰু নিজৰ নিজৰ ঘৰলৈ গুচি যাবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা। তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।”—যোহন ১৬:৩২

প্ৰশ্ন: কায়াফাৰ ঘৰৰ চোতালত কি হৈছিল? আদালতে কি কথাৰ বাবে যীচুক মৃত্যুৰ দণ্ড দিলে?

মথি ২৬:৩১-৩৫, ৫৭–২৭:২; মাৰ্ক ১৪:২৭-৩১, ৫৩–১৫:১; লূক ২২:৫৫-৭১; যোহন ১৩:৩৬-৩৮; ১৮:১৫-১৮, ২৫-২৮

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক