পাঠ ৮৮
যীচুক গ্ৰেপ্তাৰ কৰা হʼল
যীচু আৰু তেওঁৰ পাঁচনিসকলে কিদ্ৰোণ উপত্যকাৰ ফালেদি জৈতুন পাহাৰলৈ গʼল। সেই সময়ত মাজনিশা পাৰ হৈ গৈছিল আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে ওলাই আছিল। যেতিয়া তেওঁলোকে গেৎচিমানী বাগিচা পালে, তেতিয়া যীচুৱে পাঁচনিসকলক কʼলে, ‘তোমালোকে ইয়াতে বহা আৰু জাগি থাকা।’ তাৰ পাছত যীচুৱে অলপ আগুৱাই গʼল আৰু আঁঠুকাঢ়ি বহিল। তেওঁ বহুত দুখত আছিল, সেইবাবে যিহোৱাক প্ৰাৰ্থনা কৰিলে, “তোমাৰ ইচ্ছা পূৰ হওক।” যিহোৱাই যীচুৰ সাহস বঢ়াবলৈ এজন স্বৰ্গদূতক পঠিয়ালে। যেতিয়া যীচুৱে পাঁচনিসকলৰ ওচৰলৈ উভতি আহিলে, তেতিয়া তেওঁলোকক শুই থকা দেখে। তেওঁ পাঁচনিসকলক কʼলে, ‘উঠা! এয়া শুই থকাৰ সময় নহয়। সেই সময় আহি পালে, যেতিয়া মোক শক্ৰৰ হাতত গতাই দিয়া হʼব।’
কিছু সময়ৰ পাছত যিহূদা তালৈ আহিল আৰু তেওঁ নিজৰ লগত এটা ডাঙৰ ভিৰক লৈ আহিছিল। ভিৰৰ লোকসকলে নিজৰ লগত তৰোৱাল আৰু লাঠী লৈ আহিছিল। যিহূদাই জানিছিল যে যীচু ইয়াতে থাকিব, কিয়নো তেওঁলোকে প্ৰায়ে ইয়ালৈ আহিছিল। যিহূদাই সৈনিকসকলক কৈছিল যে যীচুক চিনাক্ত কৰিবলৈ তেওঁ তেওঁলোকক সহায় কৰিব। তেওঁ চিধা যীচুৰ ওচৰলৈ গʼল আৰু কʼলে, ‘নমস্কাৰ গুৰু,’ তাৰ পাছত যীচুক চুমা খালে। যীচুৱে কʼলে, ‘যিহূদা, তুমি মোক চুমা খাই মোৰ লগত বিশ্বাসঘাত কৰিছা নে?’
যীচুৱে আগলৈ আহি ভিৰক সুধিলে, “তোমালোকে কাক বিচাৰি আছা?” তেওঁলোকে কʼলে, “নাচৰতীয়া যীচুক।” যীচুৱে কʼলে, “মই সেইজনেই হওঁ।” তেতিয়া তেওঁলোকে পিছফালে আঁতৰি মাটিত পৰি গʼল। যীচুৱে আকৌ এবাৰ ভিৰক সুধিলে, “তোমালোকে কাক বিচাৰি আছা?” তেওঁলোকে আকৌ কʼলে, “নাচৰতীয়া যীচুক।” যীচুৱে কʼলে, ‘মই তোমালোকক কʼলোঁ যে মই সেইজনেই হওঁ। এওঁলোকক যাবলৈ দিয়া।’
যেতিয়া পিতৰে বুজি পালে যে কি হৈ আছে, তেতিয়া তেওঁ এখন তৰোৱাল উলিয়ালে আৰু মহা-পুৰোহিতৰ এজন দাস মল্কৰ এখন কাণ কাটি পেলালে। কিন্তু যীচুৱে সেই মানুহজনৰ কাণখন চুই ভাল কৰি দিলে। যীচুৱে পিতৰক কʼলে, ‘তৰোৱালখন থৈ দিয়া; যদি তুমি তৰোৱাল লৈ যুঁজিবা, তেনেহʼলে তোমাক তৰোৱালে মাৰি পেলোৱা হʼব।’ তেতিয়া সৈনিকসকলে যীচুক ধৰিলে আৰু তেওঁৰ হাত দুখন বান্ধি দিলে। এয়া দেখি পাঁচনিসকলে পলাই গʼল। তাৰ পাছত ভিৰে যীচুক প্ৰধান পুৰোহিত হাননৰ ওচৰলৈ লৈ গʼল। হাননে যীচুক বহুতো প্ৰশ্ন সুধিলে, তাৰ পাছত তেওঁক মহা-পুৰোহিত কায়াফাৰ ঘৰলৈ পঠাই দিলে। কিন্তু পাঁচনিসকলৰ কি হʼল?
“জগতত তোমালোকে কষ্ট ভুগিব লাগিব। কিন্তু ভয় নকৰিবা! মই এই জগতক জয় কৰিলোঁ।”—যোহন ১৬:৩৩