ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th পৃষ্ঠা ৩
  • প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিছেনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th পৃষ্ঠা ৩

প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি

“তোমালোক শিক্ষক” হোৱা উচিত। (ইব্ৰী ৫:১২) কল্পনা কৰক যে গোটেই জগতৰ ভিতৰত আটাইতকৈ মহান শিক্ষক, যিহোৱা ঈশ্বৰে তেওঁৰ বিষয়ে আনক শিক্ষা দিবলৈ আমাক নিমন্ত্ৰণ কৰিছে! পৰিয়াল, মণ্ডলী অথবা ঘোষণা কাৰ্য্যত যিহোৱা ঈশ্বৰৰ বিষয়ে সত্য শিকাবলৈ পোৱা যিকোনো দায়িত্ব আমাৰ বাবে এক ডাঙৰ আশীৰ্ব্বাদ। আমি এই দায়িত্ব কেনেকৈ সফলতাৰে পূৰ কৰিব পাৰোঁ?

ইয়াৰ উত্তৰ পাঁচনি পৌলে, তীমথিয়লৈ লিখা চিঠিখনৰপৰা জানিব পাৰি: “তুমি পঢ়াত, উদগণিত, আৰু শিক্ষা দিয়াত মনোযোগ কৰা।” পৌলে আগলৈ এইদৰে কয়, “ইয়াকে কৰিলে, তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।” (১ তীম. ৪:১৩, ১৬) লোকসকলৰ জীৱন ৰক্ষা কৰিব পৰা গুৰুত্বপূৰ্ণ বাৰ্ত্তা আপোনাৰ ওচৰত আছে। সেইবাবে, আপুনি পঢ়া আৰু শিক্ষা দিয়াৰ ক্ষেত্ৰত উন্নতি কৰা অতি প্ৰয়োজন। এই বিষয়ে আপোনাক সহায় কৰিব পৰাকৈ এই ব্ৰচাৰখন প্ৰস্তুত কৰা হৈছে। ইয়াৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে বিবেচনা কৰক:

শাস্ত্ৰপদ

প্ৰতিটো পাঠত একোটাকৈ শাস্ত্ৰপদ আছে। এই শাস্ত্ৰপদটো অধ্যয়নৰ গুণটোৰ লগত জড়িত থকা এটা বাইবেল সিদ্ধান্ত অথবা সেই পাঠৰ প্ৰয়োগৰ বিষয়ে এটা উদাহৰণ তুলি ধৰা হৈছে

ব্যৱহাৰিক পৰামৰ্শ

আলোচনা কৰিবলগীয়া গুণটোৰ লগত জড়িত থকা বিষয়ৰ বাবে কিছুমান ব্যৱহাৰিক পৰামৰ্শ

ঘোষণা কাৰ্য্যত

বিশেষকৈ ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পৰা কিছুমান পৰামৰ্শ। ব্ৰচাৰখনৰ বেছিভাগ বিষয় ঘোষণা কাৰ্য্য আৰু মঞ্চৰপৰা শিক্ষা দিয়াৰ সময়ত ব্যৱহাৰ কৰিব পাৰি।

যিহোৱা হৈছে মহান ‘শিক্ষক।’ (যিচ. ৩০:২০) নিঃসন্দেহ, এই ব্ৰচাৰখনে আপোনাক পঢ়া আৰু শিক্ষা দিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সহায় কৰিব। কিন্তু আমি পাহৰি যোৱা উচিত নহয় যে যিহোৱা ঈশ্বৰ হৈছে আমাৰ বাৰ্ত্তাৰ মূল উৎস আৰু তেওঁহে লোকসকলক আকৰ্ষণ কৰে। (যোহন ৬:৪৪) সেইবাবে, পবিত্ৰ আত্মাৰ বাবে সঘনাই প্ৰাৰ্থনা কৰক। যিমান সম্ভৱ সিমান ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক। নিজলৈ ধ্যান আকৰ্ষণ কৰাৰ পৰিৱৰ্তে, যিহোৱা ঈশ্বৰলৈ ধ্যান আকৰ্ষণ কৰাওক। যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম গভীৰ কৰিবলৈ শ্ৰোতাসকলক সহায় কৰক।

আপোনাক এনে গুৰুত্বপূৰ্ণ বাৰ্ত্তাৰ বিষয়ে শিক্ষা দিবলৈ সুযোগ দিয়া হৈছে, যি বাৰ্ত্তাৰ বিষয়ে মানৱজাতিয়ে আগতে কেতিয়াও শুনা নাই। আমি নিশ্চিত যে ‘ঈশ্বৰে দিয়া শক্তিৰ’ ওপৰত নিৰ্ভৰ কৰিলে, আপুনি আনক শিকোৱাৰ বাবে সফলতা লাভ কৰিবলৈ সক্ষম হʼব।—১ পিত. ৪:১১.

আপোনাৰ সহশিক্ষক,

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী

এজন ভায়ে ভাষণ দিছে; এগৰাকী ভনীয়ে ঘোষণা কৰিছে; এজন ভায়ে কৰ্ম্মক্ষেত্ৰত সাক্ষ্য দিছে; এজনী কিশোৰীয়ে শ্ৰেণী কোঠাত বক্তৃতা দিছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক