বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিছেনে?
১ যদি নিয়মিত আৰু ক্ৰমানুসাৰে এজন আগ্ৰহী ব্যক্তিৰ সৈতে উল্লেখ কৰা কোনো এখন আলোচনীৰ সৈতে চমুকৈ বাইবেলৰ বিষয়ে আলোচনা কৰিছে, তেনেহʼলে অনুভৱ কৰিব পাৰিছেনে যে আপুনি বাইবেল অধ্যয়ন পৰিচালনা কৰিছে? প্ৰকৃততে এইটো সঁচা যে আপুনি তেনে পৰিচালনা টেলিফোনৰ যোগেদি বা ঘৰত গৈ নকৰক কিয়, তাক বাইবেল অধ্যয়নৰ পৰিচালনা কৰা বুলি কোৱা হয়। তেনেহʼলে আগন্তুক মে আৰু জুন মাহত বিচাৰে ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন কৰিবলৈ প্ৰচেষ্টা নকৰে কিয়?
২ সফলতা পাবলৈ তৈয়াৰ কৰক: বিচাৰে ব্ৰচাৰখন গৃহস্থক দিওঁতে এইটো স্পষ্টকৈ মনত ৰখা উচিত যে আপুনি তাৰ কোনটো বিষয়ে আলোচনা কৰিব। যদি আপুনি পুনৰ সাক্ষাৎ কৰিবলৈ গৈছে, তেন্তে আৰম্ভণিতে সেই ব্যক্তিজনৰ সৈতে কোনটো বিষয়ৰ ওপৰত আলোচনা কৰিছিল তাক বিবেচনা কৰক। নিজকে এইদৰে সোধক: “ব্ৰচাৰখনৰ কোনটো অনুচ্ছেদ মই তেওঁক দেখুৱাব পাৰোঁ যিটো ক্ৰমান্বয়ে বাইবেল অধ্যয়নলৈ পৰিণত হʼব?” যদি আপুনি ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লৈছে, তেন্তে কিশোৰ-কিশোৰী, বৃদ্ধ, পুৰুষ বা স্ত্ৰীৰ সৈতে কেনেবোৰ বিষয়ত কথোপকথন কৰিব তাক বিবেচনা কৰা আৱশ্যক। ব্ৰচাৰখনত উল্লেখ কৰা মুখ্য বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰক আৰু আগ্ৰহী কৰি তুলা এটা বিষয় বাছি লওক। বাছনি কৰাৰ পিছত কেইবাৰমান অভ্যাস কৰক। ইয়ে হৈছে সফলতা লাভ কৰাৰ এটা চাবি।
৩ জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ অন্তপত্ৰখনত “বিচাৰে ব্ৰচাৰখন প্ৰস্তুত কৰিবলৈ দিয়া ব্যৱহাৰিক পৰামৰ্শসমূহʼৰ” আঠোটা কাৰণ দাঙি ধৰা হʼল। “পোনপটীয়াকৈ প্ৰস্তুতি আগবঢ়াক” নামৰ বক্সটোত দেখুৱা হৈছে যে কেনেকৈ ব্ৰচাৰখন ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰি। আপুনি হয়তো তলত দিয়া প্ৰথমতো পৰামৰ্শ গ্ৰহণ কৰিব পাৰে:
▪ আপুনি জানেনে যে কেৱল অলপ সময়ৰ ভিতৰতে বাইবেলৰ পৰা এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি পাব পাৰে? উদাহৰণস্বৰূপে, খ্ৰীষ্টান বুলি দাবী কৰা কিয় অনেক ধৰ্ম্ম আছে? ইয়াৰ বিষয়ে ভাবি আপুনি কেতিয়াবা বিমোৰত পৰিছেনে?” ব্যক্তিজনে উত্তৰ দিয়াৰ পিছত ব্ৰচাৰখনৰ ১৩ নম্বৰ পাঠটো খুলি তাৰ প্ৰথম দুটা অনুচ্ছেদ আলোচনা কৰক। যদি সময়ে অনুমতি দিয়ে, তেন্তে এটা বা দুটা শাস্ত্ৰীয় পদ পঢ়ক আৰু ব্যাখ্যা কৰক। তাৰ পিছত পৃষ্ঠাটোৰ ওপৰত থকা শেষৰ প্ৰশ্নটো পঢ়ক আৰু এইদৰে কওক: “পাঠটোৰ বাকি থকা অনুচ্ছেদবোৰত সত্য ধৰ্ম্মক চিনাক্ত কৰিব পৰা পাঁচোটা কাৰণ উল্লেখ কৰা হৈছে। পুনৰাই মই আপোনাৰ সৈতে সেইবোৰ আলোচনা কৰিবলৈ পাই অতি আনন্দিত হʼম।”
৪ একেৰাহে চেষ্টা কৰি থাকক: বিচাৰে ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ প্ৰত্যেকটো সুযোগতে চেষ্টা কৰক। যিহোৱাৰ আশীৰ্ব্বাদ পাবলৈ প্ৰাৰ্থনা কৰক। (মথি ২১:২২) একেৰাহে চেষ্টা কৰাৰ দ্বাৰা আপুনি শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহ দেখুৱা ব্যক্তিসকলক সহায় কৰিবলৈ পাই আনন্দিত হʼব।