বিচাৰে ব্ৰচাৰৰ সৈতে অধ্যয়ন আৰম্ভ
১ গোটেই বিশ্বজুৰি ৰিপৰ্টে দেখুৱাইছে যে লোকসকলক সত্য শিকোৱা সময়ত ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ব্ৰচাৰখন হৈছে এক শক্তিশালী অস্ত্ৰ। এই ব্ৰচাৰৰ যোগেদি প্ৰতি সপ্তাহে হাজাৰ হাজাৰ বাইবেল অধ্যয়ন আৰম্ভ হৈ আছে। আপুনি এই বিচাৰে ব্ৰচাৰৰ যোগেদি বাইবেল অধ্যয়ন আৰম্ভ কৰা আৰু পৰিচালনা কৰাত কৃতকাৰ্য্য হৈছেনে?
২ যিহেতু বহুতে এই ব্ৰচাৰখন লোকসকলক দিবলৈ সহজ পাইছে, কিছুমানে অধ্যয়নৰ বাবে কি কব লাগে তাক বিচাৰি পাবলৈ কঠিন হৈছে। বিচাৰে ব্ৰচাৰ ব্যৱহাৰ কৰি কৌশলৰ যোগেদি বাইবেল অধ্যয়ন আৰম্ভ কৰি কিভাৱে ফলপ্ৰসু লাভ কৰিছে? তলত দিয়া পৰামৰ্শই সহায়ক হব পাৰে।
৩ উপস্থাপনেৰে অধ্যয়ন যচা: প্ৰথম আমন্ত্ৰণত বা পুনঃসাক্ষ্যাতত, গৃহস্থক সহজে বাইবেল অধ্যয়ন বৰং যচাতকৈ, আমি কেনেকৈ বাইবেল অধ্যয়নৰ পৰিচালনাৰ ব্যৱস্থা উপস্থাপন কৰিব লাগে। তেতিয়া বহু গৃহস্থই “অধ্যয়ন” শব্দটোৰ সৈতে থকা অলৌকিকতা আৰু সচাৰচৰ চিন্তা দুৰ কৰি মনোনিবেশ কৰাত আমি সহায় কৰিব পাৰোঁ। যেতিয়া আমি ইয়াক উপস্থাপন কৰিবলৈ শিকো, আমি সহজ পাতনিৰে আৰম্ভ কৰি, ঠিক আমি অধ্যয়নত প্ৰৱেশ কৰিব পাৰোঁ।
৪ প্ৰস্তুতিকৰণে হৈছে চাবি: বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আমাৰ উৎসাহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছে আমি কিমান ভালকৈ আগতীয়াকৈ প্ৰস্তুত হওঁ। আগতীয়াকৈ প্ৰস্তুতিকৰণে বাইবেল অধ্যয়ন কাৰ্য্যত ভাগ লোৱাৰ ক্ষেত্ৰত অহা আমাৰ সংকোচ ভাৱ জয় কৰিবলৈ সহায়ক হয়। বহুবাৰ আমাৰ উপস্থাপন অনুশীলনী কৰি, আমি অধিক কথা-বতৰাৰে, স্বাভাৱিকভাৱে আমাৰ কথা উল্লেখ কৰি আৰু নিজৰ ভাষাৰে আলাপ কৰিব লাগে। ই কেৱল আমাক স্বাভাৱিক হোৱাই নহয় গৃহস্থৰ সৈতে সহজ হবলৈ সহায় কৰে।
৫ যেতিয়া অনুশীলনী কৰা হয়, সেই সময়ত আপোনাৰ উপস্থাপনৰ যোগেদি ঠিক সময়ত গৃহস্থক কিমান দেৰিলৈকে অধ্যয়নৰ নিৰ্দেশনা দিয়া হব তাক জনোৱাত সহায় কৰক। নিজকে পৰিচয় দিয়াৰ পিছত এজন ভায়ে কʼলে: “মই বিনামূল্যে বাইবেল অধ্যয়নৰ কাৰ্য্যক্ৰমক দেখুৱাবলৈ ইচ্ছা কৰিছো। এই উপস্থাপন প্ৰায়ে পাচঁ মিনিটৰ। আপুনি পাচঁ মিনিট সময় দিবনে?” বিচাৰে ব্ৰচাৰৰ পাঠ ১, প্ৰায় পাচঁ মিনিটিৰ ভিতৰত উপস্থাপন কৰিব পাৰে। দৰাচলতে, কেৱল নিৰ্ব্বাচিত শাস্ত্ৰীয় পদ সেই সময়ত পাঠ কৰিব পাৰে, কিন্তু কেই মিনিটিমানৰ ভিতৰত পাঠ ১ নং সম্পূৰ্ণ কৰি গৃহস্থক ইয়াৰ অনুভৱ জনোৱাত সমৰ্থন দিব। তাৰ লগে লগে পাঠ ২ নং অধ্যয়ন কৰিবলৈ কেতিয়া আহিব তাক জনাব, এই গোটেইখিনিত ১৫ মিনিট সময়ত শেষ কৰিব।
৬ তলৰ উপস্থাপনে ফলপ্ৰসু প্ৰমাণ কৰে:
▪ “মই আপোনাৰ কাৰণে এটা অতি সহজ উপাস্থাপন দেখুৱাই ভাল পাইছো কাৰণ ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ব্ৰচাৰখন ব্যৱহাৰ কৰি গৃহ বাইবেল অধ্যয়ন কৰিবলৈ তৎকালে অগ্ৰসৰ কৰে। বহুতৰ ক্ষেত্ৰত এইটো বিচায্য হৈছে যে এই কম ১৫ মিনিট সপ্তাহত অধ্যয়ন কৰি ১৬ সপ্তাহত আৱশ্যকীয় বাইবেলৰ প্ৰশ্নবিলাকৰ শাস্ত্ৰীয় পদৰ উত্তৰ দি সাফল্যতা লাভ কৰিব পাৰে। চমূকৈ সূচীপত্ৰখন দেখুৱাওঁক। পাঠ ১ নং ওলিয়াই কওঁক: “যদি আপুনি পাঁচ মিনিট সময় দিয়ে, আমি আপোনাক এই অধ্যয়নৰ কাম কেনেকৈ কাৰ্য্যকাৰী হয় তাক দেখুৱাব পাৰোঁ। পাঠ ১ নংৰ বিষয় হʼল ‘আপুনি কেনেকৈ বিচাৰি উলিয়াব ঈশ্বৰে কি বিচাৰে?’” তাৰ পাছত তিনিওটা প্ৰশ্ন পঢ়ক আৰু বন্ধনিৰ ভিতৰত থকা সংখ্যাবোৰ বৰ্ণনা কৰক। প্ৰথম পৰিচ্ছেদ পঢ়ক, আৰু গৃহস্থক দেখুৱাক যে কেনেকৈ উত্তৰ বিচাৰি পাব পাৰি। গৃহস্থক পৰিচ্ছেদ ২ পঢ়িবলৈ কব পাৰে। তাৰ পিছত কওঁক: “এই পঢ়াখিনিৰ আধাৰত, আপুনি কেনেকৈ এই প্ৰশ্নৰ উত্তৰ দিব পাৰে? [পুনৰ প্ৰশ্ন পঢ়ক, আৰু গৃহস্থক উত্তৰ দিবলৈ সময় দিয়ক।] মনত ৰাখক যে প্ৰতি পৰিচ্ছেদৰ সৈতে শাস্ত্ৰীয় পদ সংযোগী আছে। এই প্ৰশ্নবিলাকৰ উত্তৰ প্ৰত্যক্ষভাৱে যাতে বাইবেলৰ পৰা হয় তাৰ বাবে মনোযোগ দিয়া উচিত। উদাহৰস্বৰূপে, আহঁক আমি ২ তীমথিয় ৩:১৬, ১৭ পদটো পঢ়ো আৰু চাওঁ যে বাইবেলৰ লিখকৰ চিন্তা-ধাৰাৰে আপোনাৰ উত্তৰ গ্ৰহণ যোগ্যনে।” পৰিচ্ছেদ ৩ পঢ়াৰ পিছত, প্ৰশ্নবোৰ বিবেচনা কৰক, আৰু যোহন ১৭:৩ পদটো পঢ়ি গৃহস্থৰ মন আকৰ্ষণ কৰক, পাঠ ১ পুনৰ আলোচনাই তেওঁ বা তাইক জ্ঞানেৰে আকৃষ্ট কৰক। তাৰ পাছত আপুনি পাঠ ২ ওলিয়াব পাৰে আৰু শেষৰ প্ৰশ্নটো পঢ়িব পাৰে, “কি দুই প্ৰকাৰে আমি ঈশ্বৰৰ বিষয়ে শিকিব পাৰোঁ?” তাৰ পিছত সোধক: “কেতিয়া পুনৰ আপোনাৰ ১৫ মিনিট সময় হব যাতে আমি পাঠ ২ পঢ়ি তাৰ উত্তৰ বিচাৰিব পাৰোঁ?”
৭ এইটো গুৰুত্বপূৰ্ণ যে আলোচনা সৰল হোৱা উচিত যিমান সম্ভৱ হয় গৃহস্থক প্ৰশংসা কৰিব লাগে। যেতিয়া আনবাৰৰ বাবে সাক্ষ্যৎ কৰিবলৈ ব্যৱস্থা কৰা হয়, যদি তেওঁ একেৰাহে কৰিবলৈ বিচাৰে বুলি সোধাৰ পৰিবৰ্ত্তে, সাধাৰণতে আন পাঠৰ প্ৰতি সেই একেদৰে অনুকৰণ কৰিবলৈ উৎসাহিত কৰক। তেওঁক জানিবলৈ দিয়ক যে আপুনি আকৌ সাক্ষ্যাৎ কৰিবলৈ ইচ্ছুক। কিছুমান প্ৰচাৰকে তালিকা কৰিবলৈ অসুবিধা হোৱাৰ বাবে এটা এটা পাঠ টেলিফোনৰ দ্বাৰা পৰিচালনা কৰে। আপুনি বিদ্যাৰ্থীক এই ব্ৰচাৰখন লয় ভালদৰে এনেধৰণৰ ঠাইত ৰাখিবলৈ কব পাৰে যাতে পিছৰ সাক্ষ্যাতৰ সময়ত ইয়াক সহজে বিচাৰি পাব পাৰে।
৮ দৃঢ়নিশ্চয়তা হওঁক: যিহেতু সফলতাৰ চাবি হৈছে প্ৰস্তুতি, কিন্তু তাৰ বাবে আমি ইয়াক অনুকৰণৰ কৰিবলৈও দৃঢ়নিশ্চয়তা হোৱা উচিত। এটা পাঠক কম সময়ৰ ভিতৰত শিকোৱাটো প্ৰতিদ্বন্দ্বিতামূলক হব পাৰে, সেইবাবে অধ্যয়নৰ উপস্থাপনক স্বচ্ছন্দভাষী কৰিবলৈ যিমান সম্ভৱ হয় সিমানে প্ৰস্তুতিকৰণক অভ্যাস কৰিবলৈ দৃঢ়সঙ্কল্প হওঁক। ঘৰে ঘৰে, অনিয়মিতৰূপে, আৰু টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ সময়ত লগ পোৱা সকলো লোকৰ সৈতে অধ্যয়নক উপস্থাপন কৰিবলৈ চেষ্টা কৰক। যদি আপোনাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ কঠিন হৈছে, তেনেহʼলে নিৰাশ নহব। বাইবেল অধ্যয়ন আৰম্ভ কৰাত সফলতা লাভ কৰিবলৈ দৃঢ়তা আৰু অন্যক সত্যৰ জ্ঞান দিবলৈ একনিষ্ঠা মনোভাৱ হোৱা আৱশ্যক।—গালা. ৬:৯.
৯ এই পৰামৰ্শবোৰ ব্যৱহাৰ কৰি, আপুনিও বিচাৰে ব্ৰচাৰৰ যোগদি বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰাৰ দ্বাৰা কোনো ব্যক্তিক জীৱনৰ পথত চলিবলৈ সহায় কৰা সুযোগ গ্ৰহণ কৰিব পাৰে।—মথি ৭:১৪.